ETV Bharat / state

বাইহাটাত আটক ড্ৰাগছ ব্যৱসায়ী

author img

By

Published : Jun 7, 2021, 1:06 PM IST

বাইহাটা চাৰিআলি আৰক্ষী(Baihata Chariali Police)ৰ এটা দলে চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত নাৰায়ণ বৰুৱা নামৰ ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে ।

baihata-drugs-paddlers-arrested
বাইহাটা চাৰিআলি আৰক্ষীৰ অভিযানত আটক এজন ড্ৰাগছ ব্যৱসায়ী

বাইহাটা,7 জুন: বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা এজন ড্ৰাগছ ব্যৱসায়ী সোমবাৰে আৰক্ষীৰ জালত পৰে । কামৰূপ আৰক্ষী(Kamrup Police)ৰ মূৰৰ কামোৰণি হৈ পৰা ড্ৰাগছ ব্যৱসায়ীজনে কেইবাবছৰ ধৰি অঞ্চলটিত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল ৷ বিশেষকৈ বিহদিয়া, মুক্তাপুৰ, কৰৰা, দগাঁও আদি অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ব্যৱসায়ীজনে ।

বাইহাটা চাৰিআলি আৰক্ষীৰ অভিযানত আটক এজন ড্ৰাগছ ব্যৱসায়ী

অৱশেষত বাইহাটা চাৰিআলি আৰক্ষী থানা(Baihata Chariali Police Station)ৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত চলা এক অভিযানত বিহদিয়া গাঁৱৰ ধ্ৰুৱ নাৰায়ণ বৰুৱা নামৰ ড্ৰাগছ ব্যৱসায়ীজনক কৰায়ত্ত কৰে আৰক্ষীয়ে । উল্লেখ্য যে, ব্যৱসায়ীজনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে ।

আৰক্ষীৰ দলটোৱে ড্ৰাগছ ব্যৱসায়ীজনক কৰায়ত্ত কৰিবলৈ ওৰে নিশা বাহৰ পাতি আছিল । অচিৰেই বৃহত্তৰ অঞ্চলটি ড্ৰাগছ মুক্ত কৰাৰ অংগীকাৰ আৰক্ষী বিষয়াগৰাকীৰ ।

লগতে পঢ়ক : বোকাজানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.