ETV Bharat / state

দক্ষিণ কামৰূপত নহিৰা মৃত্যুঞ্জয়ী সংঘৰ সৌজন্যত বেডমিন্টন প্ৰতিযোগিতা

author img

By

Published : Jan 17, 2021, 2:17 PM IST

দক্ষিণ কামৰূপৰ নহিৰাত নহিৰা মৃত্যুঞ্জয়ী সংঘৰ সৌজন্যত 16 জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত একক বেডমিন্টন প্ৰতিযোগিতাখন উদ্ধোধন কৰে আন্তৰাষ্ট্ৰীয় শৰীৰ চৰ্চ্চাবিদ গোলাপ ৰাভাই ৷

Badmintan compation at Nahira
দক্ষিণ কামৰূপত নহিৰা মৃত্যুঞ্জয়ী সংঘৰ সৌজন্যত বেডমিন্টন প্ৰতিযোগিতা

দক্ষিণ কামৰূপ, 17 জানুৱাৰী : দক্ষিণ কামৰূপৰ নহিৰাত নহিৰা মৃত্যুঞ্জয়ী সংঘৰ সৌজন্যত 16 জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে একক বেডমিন্টন প্ৰতিযোগিতা । প্ৰতিযোগিতাখনৰ পতাকা উত্তোলন কৰে বিজেপি যুৱ মৰ্চাৰ সভাপতি হিমাংশু শ্বেখৰ বৈশ্যই । ইয়াৰ পাছতেই খেলখন উদ্ধোধন কৰে আন্ত:আন্তৰাষ্ট্ৰীয় শৰীৰ চৰ্চ্চাবিদ তথা অসম গৌৰৱ গোলাপ ৰাভাই ।

দক্ষিণ কামৰূপত নহিৰা মৃত্যুঞ্জয়ী সংঘৰ সৌজন্যত বেডমিন্টন প্ৰতিযোগিতা

গোলাপ ৰাভাই প্ৰতিযোগিতাখন উদ্ধোধন কৰি এনে ধৰণৰ খেলৰ জড়িয়তে গ্ৰাম্য অঞ্চলৰ পৰা বহু ধৰণৰ প্ৰতিভাসম্পন্ন খেলুৱৈ ওলাই আহিব বুলি আশা প্ৰকাশ কৰে । প্ৰতিযোগিতাখনত বিজয়ীক ট্ৰফীসহ ৫,০০১ নগদ ধন আৰু দ্বিতীয় স্থান প্ৰাপ্তক ট্ৰফীসহ ৩,০০১ নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব । উল্লেখ্য যে, নহিৰা মৃত্যুঞ্জয়ী সংঘই গ্ৰাম্য অঞ্চলৰ খেলুৱৈৰ প্ৰতিভা বিকাশৰ বাবে বিগত কেইবছৰৰ পৰা আয়োজন কৰি আহিছে বেডমিন্টন প্ৰতিযোগিতাৰ ।

লগতে পঢ়ক : বড়ো জনগোষ্ঠীৰ উন্নয়ন সন্দৰ্ভত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.