গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত ৰঙিয়াত চৰকাৰী আঁচনি সন্দৰ্ভত সজাগতামূলক অনুষ্ঠান

author img

By

Published : Jan 4, 2022, 2:25 PM IST

Awareness-campaign-on-government-schemes-organize-by-Gramya-Vikash-Mancha
গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত ৰঙিয়াত চৰকাৰী আঁচনি সন্দৰ্ভত সজাগতামূলক অনুষ্ঠান ()

সোমবাৰে ৰঙিয়াত নলবাৰীৰ স্বেচ্ছাসেৱী সংগঠন গ্ৰাম্য বিকাশ মঞ্চ (Gramya Vikash Mancha) ৰ উদ্যোগত গাঁৱৰ কিশোৰ-কিশোৰী তথা মহিলাসকলক চৰকাৰী আঁচনি সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে প্ৰত্যক্ষভাৱে মত বিনিময় কৰাৰ মঞ্চ প্ৰদানৰ লক্ষ্যৰে এখন সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰা হয় (Awareness campaign organize by Gramya Vikash Mancha) ৷

ৰঙিয়া, 4 জানুৱাৰী : সোমবাৰে ৰঙিয়াত স্বেচ্ছাসেৱী সংগঠন গ্ৰাম্য বিকাশ মঞ্চ (Gramya Vikash Mancha nalbari) ৰ উদ্যোগত এখন সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰা হয় (Awareness campaign organize by Gramya Vikash Mancha) ৷ এই কাৰ্যসূচীত ক্ৰীড়া বিভাগৰ ড৹ নয়নমণি কলিতা, সমাজ কল্যাণ বিভাগৰ CDPO ডেইজী ৰাণী দেৱীৰ লগতে DCPO আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ বিষয়াসকলে অংশগ্ৰহণ কৰি উপস্থিত মহিলাসকলৰ সৈতে মত বিনিময় কৰে ।

গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত ৰঙিয়াত চৰকাৰী আঁচনি সন্দৰ্ভত সজাগতামূলক অনুষ্ঠান

জানিব পৰা মতে, নলবাৰীৰ এই সংগঠনটোৱে গাঁৱৰ কিশোৰ-কিশোৰীসকলৰ লগতে মহিলা হিতাধিকাৰীসকলক বিভিন্ন চৰকাৰী আঁচনি সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে প্ৰত্যক্ষভাৱে মত বিনিময় কৰাৰ মঞ্চ প্ৰদানৰ লক্ষ্যৰে এই কাৰ্যসূচী ৰূপায়ণ কৰে (Awareness campaign on government schemes at Rangia) ৷ এই সজাগতামূলক অনুষ্ঠানত ৰঙিয়াৰ বিভিন্ন আত্মসহায়ক গোটৰ প্ৰতিনিধিসকল উপস্থিত থাকে ৷

উল্লেখ্য যে, 1999 চনত প্ৰতিষ্ঠা লাভ কৰা স্বেচ্ছাসেৱী সংগঠনটোৱে জন্মলগ্নৰে পৰা প্ৰতিখন গাঁৱৰ পৰিৱেশ সুস্থৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আহিছে ৷ লগতে গাঁৱৰ কিশোৰ-কিশোৰীৰ শিক্ষা তথা পৰিপুষ্টি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে এই সংগঠনটোৱে । ইয়াৰোপৰি 2019 চনৰ পৰা আজিম প্ৰেমজী ফাউণ্ডেচনৰ অৰ্থ সাহায্যত সবলীকৰণৰ লক্ষ্যৰে "ADLOSES EMPOWERMENT PROJECT IN ASSAM" শীৰ্ষক প্ৰকল্প ৰূপায়ণ কৰি অহাৰ তথ্য সদৰী কৰে সংস্থাটোৰ বিষয়-ববীয়াসকলে ৷

লগতে পঢ়ক : চিপিআই(এম) ৰ শোণিতপুৰ জিলাৰ ২৩ সংখ্যক সন্মিলন সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.