চিপিআই(এম) ৰ শোণিতপুৰ জিলাৰ ২৩ সংখ্যক সন্মিলন সম্পন্ন

author img

By

Published : Jan 4, 2022, 11:40 AM IST

Updated : Jan 4, 2022, 12:20 PM IST

Hem-Barua-Memorial-Conference-of-the-Communist-Party-of-India-in-Sonitpur-district-held-at-Bilasipara
বালিপৰাত ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ উদ্যোগত হেম বৰুৱা সোঁৱৰণী ক্ষেত্ৰত সন্মিলন ()

সোমবাৰে বালিপৰাত কমৰেড হেম বৰুৱা সোঁৱৰণী ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টী(ম) ৰ শোণিতপুৰ জিলাৰ 23 সংখ্যক সন্মিলনখন অনুষ্ঠিত (23rd general meeting of CPI M held in Sonitpur) হয় ৷ এই সভাত উপস্থিত থাকি বাওঁপন্থী নেতা তথা সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বিজেপিক কঠোৰ সমালোচনা কৰে ৷

ৰঙাপৰা, 4 জানুৱাৰী : বালিপৰাৰ কমৰেড হেম বৰুৱা সোঁৱৰণী ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টী(ম) ৰ শোণিতপুৰ জিলাৰ 23 সংখ্যক সন্মিলনখন অনুষ্ঠিত হয় (23rd General meeting of CPI M held in Sonitpur) ৷ এই সন্মিলনৰ লগত সংগতি ৰাখি এখন ৰাজহুৱা সভাও অনুষ্ঠিত হয় ৷ গজেন বৰাই সভাপতিত্ব কৰা সভাখনত উপস্থিত থাকে বাওঁপন্থী নেতা তথা সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ (MLA Manoranjan Talukdar at Sonitpur) ৷

বালিপৰাত অনুষ্ঠিত হোৱা এই সন্মিলনৰ প্ৰাক মূহুৰ্তত ঠাইডোখৰ চিফুং, মাদল, তালৰ শব্দৰে মুখৰিত হৈ উঠে ৷ সন্মিলনস্থলীত ভালুকপুঙৰ পৰা অহা জিৰিজিৰি বড়ো কৃষ্টি হাংজা দলে বড়ো নৃত্য পৰিৱেশন কৰাৰ লগতে বিভিন্ন দলে নৃত্য পৰিৱেশন কৰে ।

ইয়াৰোপৰি এই সন্মিলনতে দলটোৰ শোণিতপুৰ জিলা সমিতিৰ নতুন কমিটি গঠন কৰা হয় ৷ সভাত ভাষণ প্ৰসংগত বিধায়ক মনোৰঞ্জন তালুকদাৰে বিজেপিক কঠোৰ সমালোচনা কৰে ৷ বিজেপিৰ কাৰ্যকালত GDP ৰ পৰিমাণ হ্ৰাস হোৱাৰ প্ৰসংগ উল্লেখ কৰি সাধাৰণ মানুহৰ সমস্যা সমাধানৰ প্ৰসংগ উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷

চিপিআই(এম) ৰ শোণিতপুৰ জিলাৰ ২৩ সংখ্যক সন্মিলন সম্পন্ন

ইয়াৰ বিপৰীতে মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই PSO সন্দৰ্ভত লোৱা সিদ্ধান্তক সমৰ্থন জনায় বাওঁপন্থী নেতাগৰাকীয়ে ৷

ইফালে চিপিআই(এম) ৰ সদস্যসকলে হাতে হাতে দলীয় পতাকা লৈ এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে ৷ এই সন্মিলনত উপস্থিত থাকে চিপিআই(এম) ৰ নেতা নয়ন ভূঞা, ৰাজ্যিক নেত্ৰী নিৰু দত্ত, ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য ৰবীন তামুলীৰ লগতে অন্যান্য কাৰ্যকৰ্তা তথা সদস্য ৷

লগতে পঢ়ক: অসমত ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ প্ৰয়োজন নোহোৱা পৰিবেশ সৃষ্টি কৰিব লাগিব : মুখ্যমন্ত্ৰী

Last Updated :Jan 4, 2022, 12:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.