ETV Bharat / state

উৎপাদনত বৰ্ধিত ব্যয় : জীয়াই থকাৰ বাবে সংগ্ৰাম ৰাজ্যৰ চাহ উদ্যোগৰ

author img

By

Published : Aug 6, 2021, 6:53 PM IST

Assam's tea industry struggling due to increased production cost
উৎপাদনত বৰ্ধিত ব্যয়: জীয়াই থকাৰ বাবে সংগ্ৰাম অসমৰ চাহ উদ্যোগৰ

মূল্যবৃদ্ধি আৰু শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বাবে উৰ্ধগামী হৈছে চাহৰ উৎপাদনৰ খৰচ ৷ কিন্তু ব্যয় অনুপাতে লাভ আহৰণ কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ চাহ উদ্যোগটোৱে ৷ চাহৰ নিম্নগামী মূল্যৰ বাবেই জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে ৰাজ্যৰ ক্ষুদ্ধ চাহ উদ্যোগসমূহে ৷

নিউজ ডেস্ক, 6 আগষ্ট : সমগ্ৰ বিশ্বতে চাহেৰে নিজৰ সুকীয়া পৰিচয় দাঙি ধৰে অসম ৷ কিন্তু সম্প্ৰতি জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে এই চাহ উদ্যোগটোৱে ৷ শেহতীয়াকৈ নিম্নগামী হোৱা চাহৰ মূল্যই এই উদ্যোগটোৰ প্ৰতি কঢ়িয়াই আনিছে চৰম ভাবুকি ৷ চাহৰ মূল্য সম্প্ৰতি উৎপাদনৰ ব্যয়তকৈয়ো হ্ৰাস পাইছে ৷

এই সমস্যা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি North East Tea Association এ চৰকাৰক তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে ৷ অতিশীঘ্ৰে চাহৰ মূল্য বৃদ্ধি কৰাৰ বাবে চৰকাৰক আহ্বান North East Tea Associationৰ ৷ অন্যথা এই উদ্যোগটো বিশেষকৈ ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল আৰু অধিক ক্ষতিগ্ৰস্ত হ’ব বুলি আশংকা প্ৰকাশ কৰিছে ৷

North East Tea Associationৰ উপদেষ্টা বিদ্যানন্দ বৰকটকীয়ে কয় "চাহৰ মূল্য প্ৰতি কেজিত 44.19 টকালৈ হ্ৰাস পাইছে ৷ এই মূল্য বিগত বৰ্ষতকৈ 18 শতাংশ কম ৷ ইয়াৰ বিপৰীতে মূল্যবৃদ্ধি আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি পোৱাৰ বাবে চাহৰ উৎপাদনৰ খৰচ বৃদ্ধি হৈছে ৷"

লগতে পঢ়ক: নিম্নগামী কেঁচাপাতৰ মূল্য: দিক বিদিক হেৰুৱাইছে ক্ষুদ্ৰ চাহ খেতিয়কে

তেওঁ লগতে কয় যে, চাহ শ্ৰমিকৰ মজুৰি 167 ৰ পৰা 205 টকালৈ বৃদ্ধি পাইছে ৷ ইয়াৰ ফলত চাহৰ উৎপাদনৰ খৰচো প্ৰতি কেজিত 25 টকাকৈ বৃদ্ধি পাইছে ৷ ইয়াৰ উপৰিও খেতিত প্ৰয়োজন হোৱা সাৰ, কীটনাশক, মেছিনত ব্যৱহৃত ডিজেল, প্ৰাকৃতিক গেছ, কয়লা আদিৰ মূল্যবদ্ধি হোৱাৰ ফলত চাহ উৎপাদনৰ খৰচ প্ৰতিকেজিত 7 টকাকৈ বৃদ্ধি পাইছে ৷

আনহাতে NETAৰ অধ্যক্ষ সুনীল জালানে কয়, চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা জুলাইলৈ Guwahati Tea Auction Centre (GTAC)ত CTC চাহৰ গড় মূল্যপ্ৰাপ্তি আছিল প্ৰতি কেজিত 208.02 টকা ৷ ইয়াৰ বিপৰীতে বিগত বৰ্ষত এই সময়ছোৱাত চাহৰ গড় মূল্যপ্ৰাপ্তি আছিল প্ৰতি কেজিত 252.21 টকা ৷

ইয়াৰ উপৰি Guwahati Tea Auction Centreত বিক্ৰী নোহোৱা চাহৰ পৰিমাণ এইবেলি যোৱা বছৰৰ তুলনাত দুগুণ বুলি জনায় NETAৰ অধ্যক্ষ সুনীল জালানে ৷ বিগত বৰ্ষত বিক্ৰী নোহোৱা চাহৰ পৰিমাণ আছিল 16. 367 শতাংশ ৷ এইবছৰ এই পৰিমাণ বৃদ্ধি হৈ হৈছেগৈ 35.16 শতাংশ ৷

যদিও চৰকাৰে এই উদ্যোগটোক উৎসাহিত কৰাৰ বাবে কিছুমান বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ কিন্তু এই ক্ষেত্ৰত আৰু উন্নত প্ৰক্ৰিয়া নিশ্চিত কৰাৰ প্ৰয়োজন আছে ৷

লগতে পঢ়ক-মূল্য হ্ৰাস: বিপাঙত ক্ষুদ্ৰ চাহ খেতিয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.