ETV Bharat / state

হত্যাকাণ্ডক সাম্প্ৰদায়িক ৰূপ দিয়া লোকৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষীঃ ভাস্কৰজ্যোতি মহন্ত

author img

By

Published : May 26, 2020, 4:46 PM IST

হাজোৰ সনাতন ডেকা আৰু চাবুৱাৰ পৰাগজ্যোতি নেওগৰ হত্যাকাণ্ডক সাম্প্ৰদায়িক ৰূপ দিব বিচৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে । সোমবাৰে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

Assam police strict action against people spreading communal hatred through social media
হাজো আৰু চাবুৱা কাণ্ডক সাম্প্ৰদায়িক ৰূপ দিয়া লোকৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষীঃ ভাস্কৰজ্যোতি মহন্ত

কামৰূপ, 26 মেঃ 24 মে'ত সংঘটিত হাজোৰ সনাতন ডেকা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইউচুফ আহমেদ আৰু ফইজুল হকৰ লগতে আন এগৰাকী অভিযুক্তক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে হাজো আৰক্ষীয়ে । আনহাতে, পলাতক অৱস্থাত আছে হত্যাকাণ্ডটোৰ সৈতে জড়িত আন দুজন অভিযুক্ত । ইতিমধ্যে আৰক্ষীয়ে তিনিওকে সোধ-পোছ অব্যাহত ৰাখিছে ।

সনাতন ডেকা হত্যাকাণ্ডৰ প্ৰতিবাদ ছাত্ৰ সন্থাৰ

দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত ৰাজ্যজুৰি সাব্যস্ত হৈছে প্ৰতিবাদ । ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি দোষীক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ দাসে । ইয়াৰ উপৰিও দমদমা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কামৰূপ জিলা ছাত্ৰ সন্থাই কামৰূপ আৰক্ষী অধীক্ষকক এই বিষয়ে স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

কামৰূপ জিলা আৰক্ষী অধিক্ষক পাৰ্থ সাৰথি মহন্তৰ সংবাদমেল

ঘটনা সন্দৰ্ভত কামৰূপ জিলা আৰক্ষী অধিক্ষক পাৰ্থ সাৰথি মহন্তই আয়োজন কৰে সংবাদমেল । ইতিমধ্যে ঘটনাৰ সৈতে জড়িত দুজনকৈ লোকক আটক কৰা হৈছে লগতে বাকী কেইজনৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি সংবাদমেলত প্ৰকাশ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল

উল্লেখ্য যে, হাজোৰ সনাতন ডেকা আৰু চাবুৱাৰ পৰাগজ্যোতি নেওগৰ হত্যাকাণ্ডক সাম্প্ৰদায়িক ৰূপ দিব বিচৰাসসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে । সোমবাৰে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই । অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, অপৰাধ অনুসন্ধান শাখাই সকলো সময়তেই ছচিয়েল মিডিয়া নিৰীক্ষণ কৰি আছে । এক অসমীয়া ৱেপ পৰ্টেলে সমগ্ৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰিছে । ইতিমধ্যে ৱেপ পৰ্টেলটোৰ বিৰুদ্ধে চিআইডিত গোচৰ ৰুজু কৰা হৈছে ।

ভূক্তভোগী দুয়োটা পৰিয়াললৈ 2 লাখ টকাৰ সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক- ফেনে-ফুটুকাৰে বাঢ়িছে কপিলী নৈৰ জলপৃষ্ঠঃ আতংকিত কামপুৰবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.