ETV Bharat / state

বিধানসভাত দাখিল ৬০,৭৮৪.০৩ কোটি টকাৰ বাজেট

author img

By

Published : Feb 12, 2021, 2:25 PM IST

শুকুৰবাৰে বিধানসভাত দাখিল কৰা হয় এপ্ৰিলৰ পৰা জুলাইলৈকে অন্তৱৰ্তীকালীন বাজেট ৷ মুঠ ৬০,৭৮৪.০৩ কোটি টকা ব্যয় সাপেক্ষে বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰে এই বাজেট ৷ বাজেটত অন্তৰ্ভূক্ত হয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় ৷

বিধানসভাত দাখিল ৬০,৭৮৪.০৩ কোটি টকাৰ বাজেট
বিধানসভাত দাখিল ৬০,৭৮৪.০৩ কোটি টকাৰ বাজেট

নিউজ ডেস্ক,12ফেব্ৰুৱাৰী : আগন্তুক চাৰি মাহৰ বাবে অৰ্থাৎ এপ্ৰিলৰ পৰা জুলাইলৈকে শুকুৰবাৰে বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰে অন্তৱৰ্তীকালীন বাজেট বা লেখানুদান । গীতাৰ শ্লোকেৰে আৰম্ভ কৰা বাজেট ভাষণত বিত্তমন্ত্ৰী গৰাকীয়ে মুঠ ৬০,৭৮৪.০৩ কোটি টকা ব্যয়ৰ লেখানুদান দাখিল কৰে ৷ এই বাজেটত মহামাৰী ক'ভিড-19ৰ সময়ত প্ৰায় 32,546 গৰাকী আশাকৰ্মীক 2018-19 বৰ্ষৰ পৰা মাহিলী 1,000টকাকৈ বৰ্দ্ধিত হাৰত মজুৰি দিয়া হয় বুলি মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰে ৷

এই বাজেটত উত্থাপন কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় ৷ পৰিবহণ খণ্ডৰ অন্তৰ্গত ভ্ৰমৰ সাৰথি আঁচনিৰ দ্বাৰা অসম পৰিবহণ নিগমৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ কিছু নিৰ্দিষ্ট পথত বয়োজ্যেষ্ঠ নাগৰিক আৰু মহিলা সকলৰ বাবে 25খন গুলপীয়া ৰঙৰ বাছৰ শুভ উদ্ধোধনী কৰাৰ কথা উল্লেখ কৰা হয় ৷

উবেৰাইজেছন আঁচনিৰ জৰিয়তে নতুন বাছ ক্ৰয় কৰাৰ বাবে 10শতাংশ ৰাজসাহাৰ্য, 15শতাংশ সুদবিহীন ঋণ আৰু 65% ঋণ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয় 250গৰাকী হিতাধীকাৰীক ৷ ইফালে, শুকুৰবাৰৰ মাজনিশাৰ পৰা পেট্ৰ’ল-ডিজেলত হ্ৰাস কৰা হয় 5টকাকৈ ৷

অৰুনোদয় আঁচনিৰ দ্বাৰা সাহাৰ্য 830 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় বাজেটত ৷ আনকি, ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ 30 ইউনিটকৈ বিনামূলীয়াকৈ বিদ্যুতৰ যোগান ধৰা হ'ব ৷

শক্তিখণ্ডৰ কৰ্মৰত কৰ্মচাৰীৰ পেঞ্চন নিধিলৈ 950 কোটি টকাকৈ আৱন্টন আৰু অৰুন্ধতী আঁচনিৰ দ্ধাৰা 2800 গৰাকী ছোৱালীয়ে লাভ কৰিব সোণ ৷ অসম মালাৰ অধীনত নিৰ্মান ৮৯০ কি:মি: পথ নিৰ্মাণ কৰাৰ উপৰিও চাহ বাগিছাত ৮৯৬ কি:মি: পথ নিৰ্মাণ কৰা হ'ব বুলি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেটক ভাষণত প্ৰকাশ কৰে ৷

অন্য এক খবৰৰ বাবে: নিৰ্বাচনক আগত ৰাখি দাখিল হ’ল অন্তৱৰ্তীকালীন বাজেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.