ETV Bharat / state

মিৰ্জাত চিলনী চোৰে লুটি নিলে প্ৰায় ১১ লাখ টকা

author img

By

Published : Nov 9, 2020, 5:40 PM IST

মিৰ্জাত চিলনী চোৰে লুটি নিলে ১১ লাখ ৪ হাজাৰ টকা
মিৰ্জাত চিলনী চোৰে লুটি নিলে ১১ লাখ ৪ হাজাৰ টকা

দক্ষিণ কামৰূপৰ মিৰ্জাত চিলনী চোৰৰ সন্ত্ৰাস। চোৰে লুটি নিলে ১১ লাখ ৪ হাজাৰ টকা ভৰ্তি বেগ। মিৰ্জাৰ শান্তিপুৰৰ পলাশবাৰী চাৰ্ভিচ ষ্টেচন পেট্ৰ'ল পাম্পৰ এজন কৰ্মচাৰীয়ে টকাখিনি বেংকত জমা কৰিবলৈ নি থাকোতেই টকা ভৰ্তি বেগটো কাঢ়ি নিয়ে চিলনী চোৰে।

দক্ষিণ কামৰূপ, ৯ নৱেম্বৰ: চিলনী চোৰৰ ভয়ত মূল্য়বান অলংকাৰ পিন্ধি অথবা বেছি টকা লগত লৈ ঘৰৰ পৰা ওলাবলৈ শংকিত হৈ পৰিছে দক্ষিণ কামৰূপৰ মিৰ্জাবাসী। দিনক দিনে বৃদ্ধি পাইছে মিৰ্জাত চিলনী চোৰৰ সন্ত্ৰাস। সোমবাৰেও মিৰ্জাৰ শান্তিপুৰৰ পলাশবাৰী চাৰ্ভিচ ষ্টেচন পেট্ৰ'ল পাম্পৰ এজন কৰ্মচাৰীৰ পৰা চিলনী চোৰে কাঢ়ি নিলে ১১ লাখ ৪ হাজাৰ টকা ভৰ্তি এটা বেগ। ক'লা ৰঙৰ পালচাৰ বাইকত আহিছিল দুটা চোৰ।

পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীজনে টকাখিনি বেংকত জমা কৰিবলৈ নি থাকোতেই ৰাষ্টীয় ঘাইপথৰ মাজতে টকা ভৰ্তি বেগটো কাঢ়ি লৈ উধাও হয় দুই চোৰ। উল্লেখ্য যে, কিছুদিন পুৰ্বেও মিৰ্জাত এগৰাকী মহিলাৰ পৰা পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই প্ৰায় ১ লাখ টকা লৈ পলায়ন কৰিছিল। ইয়াৰ পূৰ্বেও উপৰহালীত চিলনী চোৰে লুটি নিছিল বেগ। আৰক্ষীয়ে গিজগিজাই থকা স্বত্বেও চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত আছে মিৰ্জাত।

যোৱা ৩ দিনত একেৰাহে মিৰ্জাৰ বিভিন্ন স্থানত চুৰিকাণ্ড সংঘটিত হৈ আছে। আৰক্ষীৰ চকুত ধূলি দি চিলনী চোৰে নিৰ্ভয়ে লুট-পাত অব্যাহত ৰাখিছে। ইয়াৰ পিছতো আৰক্ষী সষ্টম নোহোৱাত সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে অঞ্চলবাসী।

লগতে পঢ়ক:সমাগত দিপাৱলী : মাটিৰ চাকি ক্ৰয় কৰাত ব্যস্ত মহানগৰবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.