ETV Bharat / state

জিএনআৰচি কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগীৰ

author img

By

Published : Apr 13, 2021, 8:59 PM IST

পত্নীক ভুল চিকিৎসা কৰাৰ অভিযোগত গুৱাহাটীৰ জিএনআৰচি হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে দেওমৰনৈৰ মৃদুল কলিতাই ৷

Complaine for wrong treatment Agaist GNRC medical Guwahati
জি এন আৰ চি কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল !

গুৱাহাটী,১৩ এপ্ৰিলঃ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা হৃদয় বিদাৰক পোষ্টে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে । ফেচবুকত মৃদুল কলিতা নামৰ লোকজনে প্ৰকাশ কৰিছে যে উত্তৰ গুৱাহাটীস্থিত জিএনআৰচি হাস্পতালৰ চিকিৎসকৰ ভুল চিকিৎসাৰ ফলতেই এতিয়া চৰম দুৰ্দশাত ভূগিবলগীয়া হৈছে পৰিয়ালটো ৷

Complaine for wrong treatment Agaist GNRC medical Guwahati
জি এন আৰ চি কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল !

উল্লেখ্য যে, ছিপাঝাৰৰ দেওমৰনৈৰ মৃদুল কলিতাৰ পত্নী চুমি কলিতাৰ পেটৰ বিষৰ বাবে ২০২০ বৰ্ষৰ ২৩ মে’ত উত্তৰ গুৱাহাটীৰ জিএনআৰচি হাস্পতালত ভৰ্তি হৈছিল । হাস্পতাল কৰ্তৃপক্ষই চুমি কলিতাৰ পেটৰ ভিতৰত টিউমাৰ হোৱাৰ সন্দেহ কৰি লেপাৰস্ক’পি কৰিব লাগিব বুলি পৰিয়ালক অৱগত কৰে । ইফালে পৰৱৰ্তী সময়ত চুমি কলিতা অন্তঃসত্তা আছিল যদিও চিকিৎসকে পেটৰ অস্ত্ৰোপচাৰ কৰে । অস্ত্ৰোপচাৰৰ পিছতে মহিলাগৰাকীক ঘৰলৈ পঠিয়াই দিয়া হয় যদিও অসহ্য বিষ যন্ত্ৰণাৰ মাজতেই মহিলাগৰাকীয়ে এটি সন্তান জন্ম দিয়ে ।

Complaine for wrong treatment Agaist GNRC medical Guwahati
জি এন আৰ চি কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল !

আনহাতে,মাতৃৰ লগতে নৱজাতকটিক পৰৱৰ্তী সময়ত জটিল অৱস্থাত গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত ভৰ্তি কৰে পৰিয়ালে । বৰ্তমান হাস্পতালখনত মাতৃ আৰু শিশুটি জটিল অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।

ইতিমধ্যেই চিকিৎসাৰ নামত সৰ্বহাৰা হোৱা মৃদুল কলিতাক এতিয়া পত্নী আৰু সন্তানৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে প্ৰায় ৩৫ লাখ টকা । চিকিৎসকৰ ভুলৰ বাবে এতিয়া তেওঁ এই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি অভিযোগ কৰিছে জিএনআৰচি হাস্পতালৰ বিৰুদ্ধে । উপায়ন্তৰ হৈ মৃদুল কলিতাই ন্যায় বিচাৰি উত্তৰ গুৱাহাটী আৰক্ষী চকীত জিএনআৰচিৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । ধনৰ লোভতে হাস্পতালখনে এই জঘন্য কাণ্ড সংঘটিত কৰিছে বুলি অভিযোগ কৰিছে মৃদুল কলিতাই ৷

লগতে পঢ়ক- ঐতিহাসিক কদৈ বিলত সমূহীয়া মৎস্য চিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.