ETV Bharat / state

কৃত্ৰিম বানৰ কবলত ৰঙিয়াৰ মহাত্মা গান্ধী পথ

author img

By

Published : May 4, 2021, 4:05 PM IST

শেহতীয়াকৈ কৃত্ৰিম বানে নগুৰ-নাগতি কৰিছে ৰঙিয়াবাসীক ৷ ধাৰাষাৰে হৈ থকা বৰষুণৰ বাবে এইবাৰ কৃত্ৰিম বানৰ কবলত ৰঙিয়াৰ মহাত্মা গান্ধী পথ ৷

artificail flood in rangia
কৃত্ৰিম বানৰ কবলত ৰঙিয়াৰ মহাত্মা গান্ধী পথ

ৰঙিয়া,4 মে’: ক'ৰণা, ভূমিকম্প, ধুমুহা আদিয়ে ইতিমধ্যে জ্বলা-কলা খুৱাইছে ৰাজ্য়বাসীক ৷ এই সকলোবোৰৰ মাজতে আহি পৰিছে অন্য এক সমস্যা ৷ সেয়া হৈছে কৃত্ৰিম বান ৷ বাৰিষাৰ আগজাননীৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰষুণ ৷ ৰঙিয়াতো কেইবাদিনো ধৰি হোৱা বৰষুণৰ ফলত ডুব গৈছে ভিন্ন অঞ্চল ৷ কামৰূপ (গ্ৰাম্য) জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ মহকুমা হিচাপে পৰিচিত ৰঙিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল কৃত্ৰিম বানৰ কবলত পৰি বুৰ গৈছে ৷

কৃত্ৰিম বানৰ কবলত ৰঙিয়াৰ মহাত্মা গান্ধী পথ

ফলত তীব্ৰ অসুবিধাৰ সন্মুখীন হৈছে দৈনিক পথটোৰে যাতায়ত কৰা লোকসকল । পানীত একাকাৰ হৈছে নলা-নৰ্দমা, বাট-পথ । ৰঙিয়া পৌৰসভাই নলা-নৰ্দমাসমূহৰ আৱৰ্জনা পৰিস্কাৰ নকৰাৰ ফলত পানীৰে উপচি পৰিছে নগৰখনৰ এটা গুৰুত্বপূৰ্ণ পথ । পথটোৰ দাঁতিতে থকা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গ্ৰাহকসকলে বেংকলৈ যাবলৈ অতিক্ৰম কৰিবলগা হৈছে কৃত্ৰিম বানে বুৰোৱা পথটো ৷

ৰঙিয়া নগৰৰ পৰা পানী ওলাই যাব পৰা বিজ্ঞানসন্মত নলা নথকাৰ বাবেই কৃত্ৰিম বানৰ সমস্যা দিনকদিনে বৃদ্ধি পোৱা বুলি নগৰবাসীয়ে মন্তব্য কৰিছে । ৰঙিয়া পৌৰসভাৰ অপৰিকল্পিত কাম-কাজৰ বিৰুদ্ধে ৰাইজ ক্ষোভিত হৈ পৰিছে ।

লগতে পঢ়ক : ভয়াৱহ দুৰ্যোগৰ দিশে অসমৰ চাহ উদ্যোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.