ETV Bharat / state

Dulu Ahmed slams Bhabesh Kalita : বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে সৰৱ অজাপ নেতা দুলু আহমেদ

author img

By

Published : Jul 10, 2023, 12:44 PM IST

আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী ৷ ভৱেশ কলিতাক সমালোচনা অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদৰ ।

AJP Dulu Ahmed slams BJP at Rangia
ৰঙিয়াত অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদ

ৰঙিয়াত অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদ

ৰঙিয়া, 10 জুলাই : 'ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা আচলতে বিজনেছ কলিতা । তেওঁ সমষ্টিটোত কেৱল দালালৰহে সৃষ্টি কৰিছে । মাটি কিনা বেচা, ঠিকা , চাকৰি সকলোতে কেৱল দালাল ৰাজ চলিছে ' - ৰঙিয়াৰ বিধায়ক তথা ৰাজ‍্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদৰ । 9 জুলাই দেওবাৰে ৰঙিয়াৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি নেতাগৰাকীয়ে কয় যে ৰঙিয়া সমষ্টিটোৰ ভিতৰুৱা অঞ্চলসমূহৰ ৰাস্তা এতিয়াও জৰাজীৰ্ণ অৱস্থাত আছে । লগতে বিজেপি চৰকাৰক তুলাধুনা দি অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে কয় যে সকলো ফালে বৃদ্ধি হোৱা মূল‍্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰি পেলাইছে । গৃহিনীসকলে এতিয়া ঘৰ চলাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হবলগীয়াত পৰিছে । সেয়েহে আগন্তুক পঞ্চায়ত নিৰ্বাচনতেই ৰাইজে বিজেপি দলক উৎখাত কৰিব ।

ইফালে সমষ্টি নিৰ্ধাৰণ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে ৷ নেতাগৰাকীয়ে কয় যে, সমষ্টি নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পিছত ৰাজনৈতিক পৰিবেশ সলনি হৈছে । এই প্ৰসংগত তেওঁ পুনৰ কয়, কোনো নেতাই ক’ব নোৱাৰিব আনকি ভৱেশ কলিতায়ো স্বয়ং ক’ব নোৱাৰে তেখেতে ৰঙিয়াত নিৰ্বাচন খেলিব নে নেখেলে । হয়তো পলাই পত্ৰং দিব পাৰে মই নাজানো । 1 লাখ ভোট গোৰেশ্বৰ আৰু তামুলপুৰলৈ গুচি যোৱাৰ পিচত তেওঁ নিজৰ সমষ্টি বুলি ক’ব নোৱাৰে ।' ৰঙিয়া সমষ্টিৰ ভিতৰুৱা অঞ্চলসমূহৰ বাট-পথবোৰ এতিয়াও জৰাজীৰ্ণ অৱস্থাতে আছে বুলিও তেওঁ কয় ।

আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে ৰঙিয়াত যোগদান কাৰ্যসূচীৰ আয়োজন কৰিছিল ৷

লগতে পঢ়ক : Congress leader Manajit Mahanta demise: বিশিষ্ট সাংবাদিক তথা ৰাজনীতিক মনজিৎ মহন্তৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.