ETV Bharat / state

হাতীক মাৰি পেলোৱা নহয়, মৰা হাতীক জীয়াই তোলা নেতা লাগে আমাকঃ শ্বহীদ পত্নী

author img

By

Published : Oct 14, 2020, 7:08 PM IST

পলাশবাৰীত অগপৰ প্ৰতিষ্ঠা দিৱস পালন ৷ দলটোৰ দুজন নেতাই পৃথকে পৃথকে আয়োজন কৰে প্ৰতিষ্ঠা দিৱসৰ সভাৰ ৷ সভাত শ্বহীদ পত্নীৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷

AGP Foundation Day Celebrate In Palasbari Constituency
পলাশবাৰীত অগপৰ প্ৰতিষ্ঠা দিৱস পালন

দক্ষিণ কামৰূপ, 14 অক্টোবৰ : অগপৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই শ্বহীদ পৰিয়ালে প্ৰত্যাখ্যান কৰিলে অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী-বিধায়ক ডাঃ কমলা কলিতাক । 'কমলা কলিতা কোন, তেওঁক আমি চিনি নাপাও, হাতীক মাৰি পেলোৱা নেতা কমলা কলিতাক আমাক নালাগে, আমাক লাগে মৰা হাতীক জীয়াই তোলা অগপ নেতাক ৷ এই মন্তব্য পলাশবাৰীৰ শ্বহীদ পৰিয়ালৰ । পলাশবাৰী সমষ্টিত অগপৰ প্ৰতিষ্ঠা দিৱসৰ দিনা আয়োজন কৰা সভাত এই মন্তব্য শ্বহীদ পৰিয়ালৰ ৷ লগতে, আছুৰ নেতৃত্বত গঠন হোৱা নতুন দলটোকো কটাক্ষ কৰে শ্বহীদ পৰিয়ালে ।

শ্বহীদ পত্নীৰ মন্তব্য

লগতে পঢ়ক : নিশা বাঘক লৈ আতংকিত গোলাঘাট নগৰবাসী

উল্লেখ্য যে, পলাশবাৰী সমষ্টিত পৃথকে পৃথকে দুই অগপ নেতা ডাঃ কমলা কলিতা আৰু পংকজলোচন গোস্বামীয়ে সভা অনুষ্ঠিত কৰিছিল ৷ অগপ নেতা কমলা কলিতাই অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসৰ বিপৰীতে পলাশবাৰীৰ পুৰণি অগপ নেতা পংকজলোচন গোস্বামীয়েও অনুষ্ঠিত কৰিলে আন এখন সভা । ইফালে, পংকজলোচন গোস্বামীৰ প্ৰতিষ্ঠা দিৱসত অংশ লৈ কমলা কলিতা আৰু কেন্দ্ৰীয় অগপ নেতাৰ বিৰুদ্ধে সৰৱ হ'ল শ্বহীদ পত্নীয়ে ৷

অগপ নেতা পংকজলোচন গোস্বামীৰ মন্তব্য

আনহাতে, পলাশবাৰী সমষ্টিৰ জ্যেষ্ঠ অগপ নেতা পংকজলোচন গোস্বামীয়ে তেওঁ অনুষ্ঠিত কৰা সভাত কঠোৰ ভাষাৰে সমালোচনা কৰে অগপ নেতা কমলা কলিতাক ৷ ইফালে, কমলা কলিতাইও সভাত পংকজলোচন গোস্বামীক সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷

অগপ নেতা ডাঃ কমলা কলিতাৰ মন্তব্য

লগতে পঢ়ক : SI কাণ্ড সম্পৰ্কত নলবাৰী আৰক্ষীৰ মতিভ্ৰম : ভুলতে উঠাই নিলে এজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.