ETV Bharat / state

কা বাতিলৰ দাবীত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Jan 24, 2021, 3:08 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ । মিৰ্জা শ্বহীদ ভৱনত ক'লা পতাকা উৰুৱাই ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী ।

কা বাতিলৰ দাবীত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰতিবাদ
কা বাতিলৰ দাবীত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

দক্ষিণ কামৰূপ, ২৪ জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিছিল সদৌ অসম ছাত্ৰ সন্থাই ৷ দেওবাৰেও অনুৰূপভাৱে আন্দোলন ৷ অমিত শ্বাহৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি বিক্ষোভ প্ৰদৰ্শন কৰিলে ছাত্ৰ সংগঠনটোৱে ৷ কামৰূপ জিলাৰ মিৰ্জা শ্বহীদ ভৱনত ক'লা পতাকা উৰুৱাই ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷ সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাজপথত দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ প্ৰতিলিপি ।

কা বাতিলৰ দাবীত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰতিবাদ
কা বাতিলৰ দাবীত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

হাতে হাতে প্লেকাৰ্ড লৈ দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে এই প্ৰতিবাদ । বিশেষকৈ অসম চুক্তিৰ ৬নং দফা অনতি পলমে কাৰ্যকৰী কৰা, কা বাতিল কৰা, EIA বাতিলৰ দাবী জনায় । কা বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, অমিত শ্বাহ মুৰ্দাবাদ, ছাত্ৰ সন্থা জিন্দাবাদ আদি ধ্বনি দি উত্তাল কৰি তোলে মিৰ্জাৰ শ্বহীদ ভৱন । পৰৱৰ্তী সময়ত ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক:টীয়কত আছুৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.