ETV Bharat / state

Assam flood : বানাক্ৰান্তক উদ্ধাৰৰ বাবে ক্ৰয় কৰা হ'ব ৫০খন অত্যাধুনিক নাও

author img

By

Published : Jun 28, 2022, 5:04 PM IST

Assam flood
Assam flood

প্রবল বৃষ্টিপাতৰ ফলত ৰাজ্যৰ প্ৰায়কেইখন জিলাই দুটাকৈ প্ৰলয়ংকৰী বানপানীৰ কবলত পৰি বিধ্বস্ত হৈ পৰা পৰিস্থিতিয়ে শিক্ষা দিছে ৰাজ্য চৰকাৰক (Assam flood 2022) । বানাক্রান্তক খৰতকীয়াকৈ উদ্ধাৰ কৰিবৰ বাবে ৩.৫০ কোটি টকা ব্যয়সাপেক্ষে ক্ৰয় কৰা হ'ব ৫০ খন অত্যাধুনিক নাও (buy boat to immediate rescue operation) ।

গুৱাহাটী, ২৮ জুন : চলিত বাৰিষাত দুবাৰকৈ হোৱা ভয়াৱহ বানে যেন বহু কথাই ভাবিবলৈ বাধ্য কৰাইছে ৰাজ্য চৰকাৰক (Assam Government is in big problem with flood) । এতিয়াও ৰাজ্যৰ ২২ খন জিলাৰ ২১.৫৩ লাখ লোক বানৰ কবলত আছে (21.53 lakh people of 22 Districts under flood)। লক্ষণীয় বিষয় যে প্রবল বৃষ্টিপাতৰ ফলত ৰাজ্যৰ প্ৰায়কেইখন জিলা দুটাকৈ প্ৰলয়ংকৰী বানপানীৰ কবলত পৰি বিধ্বস্ত হৈ পৰা পৰিস্থিতিয়ে ৰাজ্য চৰকাৰক শিক্ষা দিছে (flood destroyed normal life in Assam) ।

ঘৰৰ মূধচলৈকে বানে চুইছে অসমত
ঘৰৰ মূধচলৈকে বানে চুইছে অসমত

যাৰ বাবে ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই বানাক্ৰান্তক উদ্ধাৰৰ বাবে নিজাববীয়াকৈ অত্যাধুনিক নাও ক্ৰয় কৰাৰ সিদ্ধান্ত ল'বলগীয়া হৈছে । বানাক্ৰান্তক সাহাৰ্য প্ৰদানৰ লগতে উদ্ধাৰ অভিযানত ৰাজ্যৰ মন্ত্রী, বিধায়ক তথা বিষয়াসকল জড়িত হৈ পৰিছে যদিও কেতবোৰ স্থানত প্রশাসন তীব্র প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে । বানাক্ৰান্তৰ উদ্ধাৰ অভিযানৰ বাবে এছ ডি আৰ এফ (SDRF), এন ডি আৰ এফ (NDRF)ৰ নাও ব্যৱহাৰ কৰাৰ লগতে সেনা জোৱানক নিয়োগ কৰাৰ সমানে বায়ু সেনা বাহিনীৰো সহায় ৰাজ্য চৰকাৰে ল'বলগীয়া হৈছে (Army and Airforce engaged in rescue from flood) ।

বানত উদ্ধাৰৰ দৃশ্য
বানত উদ্ধাৰৰ দৃশ্য

বৰাক উপত্যকাৰ শিলচৰকে ধৰি ৰাজ্যৰ কেতবোৰ অঞ্চল এতিয়াও দ্বিতীয়টো বানৰ কবলত আছে । আনহাতে, ছেপ্টেম্বৰ মাহলৈ পুনৰ বান অহাৰ সম্ভাবনা আছে । সম্ভাব্য বান পৰিস্থিতিৰ লগত ৰাজ্যৰ দুর্যোগ ব্যবস্থাপনা কর্তৃপক্ষই মোকাবিলা কৰিবলৈ অতিৰিক্তকৈ আৰু ৫০খন অত্যাধুনিক নাও ক্ৰয় কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰি মুম্বাইৰ এটা প্রতিষ্ঠানক যোগানৰ দায়িত্ব দিয়া হৈছে (State Disaster Management Authority will buy 50 boat) । উল্লেখ্য যে দ্বিতীয়টো বানত এছ ডি আৰ এফ আৰু এন ডি আৰ এফ, ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ লগতে সেনাবাহিনীৰ তিনিশৰো অধিক অত্যাধুনিক নাও বানৰ কবলত থকা দুর্গতক উদ্ধাৰকাৰ্যত ব্যৱহৃত হৈ আছে ।

উদ্ধাৰ কাৰ্যত নাৱৰ ব্যৱহাৰ
উদ্ধাৰ কাৰ্যত নাৱৰ ব্যৱহাৰ

অসমৰ প্ৰাকৃতিক পৰিৱেশ সলনি হোৱাৰ লগতে নতুন নতুন স্থান বানৰ কবলত পৰাত কোনোদিনে বানপানীৰ লগত সহাৱস্থান নকৰা ৰাইজে উদ্ধাৰৰ অপেক্ষাত বানত ককবকাই থাকিবলগীয়া হৈছিল । ৰাজ্য চৰকাৰে যাতে সম্ভাব্য তৃতীয়টো বান আহিলে বানাক্রান্তক খৰতকীয়াকৈ উদ্ধাৰ কৰিব পাৰে তাৰ বাবে প্রায় ৩.৫০ কোটি টকা ব্যয়ৰে নাওসমূহ ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছে । এই নাওসমূহ জিলাসমূহত থকা এছ ডি আৰ এফক ভগাই দিয়া হ'ব, যাতে বানৰ সময়ত উদ্ধাৰ অভিযানত নাৱৰ অভাৱ নহয় ।

লগতে পঢ়ক :ৰাজ্যত অব্যাহত বানৰ বিভীষিকা: ২৪ ঘণ্টাত আঠজনৰ প্ৰাণহানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.