ETV Bharat / state

PFI Arrested : বকোত ৩ পিএফআই সদস্যক আটক

author img

By

Published : Oct 21, 2022, 7:24 PM IST

PFI
PFI

আৰক্ষীয়ে আটক কৰিছে নগৰবেৰা পালাহপাৰাৰ হাফিজুৰ ৰহমান, নগৰবেৰাৰ নজৰুল ইছলাম আৰু টুপামাৰীৰ ৰফিকুল ইছলামক । ইয়াৰে ৰফিকুল ইছলাম ছমৰীয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি (3 PFI detained from Boko Chaygaon) ।

বকো, ২১ অক্টোবৰ : দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে পিএফআইবিৰোধী অভিযান (Raids on PFI in Assam) । তাৰে অংশ হিচাবে বকোৰ নগৰবেৰাত আৰক্ষীয়ে পুনৰ PFI-ৰ বিৰুদ্ধে অভিযান চলায় (Raids on PFI in Boko) । শুকুৰবাৰে পুৱতি নিশা নগৰবেৰাৰ বিভিন্ন স্থানত চলায় এই অভিযান ।

উক্ত অভিযানত তিনিজন যুৱকক আটক কৰা হয় (3 PFI detained from Boko Chaygaon) । আৰক্ষীয়ে আটক কৰিছে নগৰবেৰা পালাহপাৰাৰ হাফিজুৰ ৰহমান, নগৰবেৰাৰ নজৰুল ইছলাম আৰু টুপামাৰীৰ ৰফিকুল ইছলামক । ইয়াৰে ৰফিকুল ইছলাম ছমৰীয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি । আনহাতে, আটকাধীন তিনিজন পিএফআই সদস্যৰ ভিতৰত দুজনক বকো আৰক্ষী থানাত ৰখা বুলি জানিব পৰা গৈছে ।

ইফালে ছয়গাঁৱৰ টুক্ৰাপাৰাতো শুকুৰবাৰে নিশা কামৰূপ আৰক্ষীয়ে অভিযান চলায় । আৰক্ষীৰ দলে অভিযান চলাই এজন PFI সদস্যক আটক কৰে । আটকাধীন PFI সদস্যজন মৌলানা ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে । ৰফিকুল ইছলামৰ পুত্ৰ চাইফুল ইছলামক আৰক্ষীৰ দলে ধৰিবলৈ আহি পুত্ৰ ঘৰত নথকাত পিতৃ ৰফিকুল ইছলামক আটক কৰি লৈ যায় অভিযানকাৰী আৰক্ষীৰ দলটোৱে ।

উল্লেখ্য, ইতিমধ্যে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই দেশজুৰি কেইবাটাও পৰ্যায়ত পিএফআইৰ বিৰুদ্ধে অভিযান চলাইছে । উক্ত অভিযানত বিভিন্ন ৰাজ্যৰ পৰা শতাধিক পিএফআই সদস্যক আটক কৰা হৈছে । বিশেষকৈ যোৱা ২৭ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ৰ পিএফআইবিৰোধী অভিযান চলে মধ্য প্ৰদেশ, কৰ্ণাটক, অসম, দিল্লী, মহাৰাষ্ট্ৰ, তেলেংগানা, উত্তৰ প্ৰদেশ আৰু গুজৰাটকে ধৰি কেইবাখনো ৰাজ্যত ।

পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়াৰ (Popular Front of India) নেতৃত্ব আৰু কৰ্মকৰ্তাসকলৰ ওপৰত দ্বিতীয় পৰ্যায়ৰ অভিযান চলায় (second round raids on PFI) কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা আৰু ৰাজ্যিক আৰক্ষী বাহিনীয়ে । দ্বিতীয় পৰ্যায়ৰ অভিযানত পিএফআইৰ সৈতে সম্পৰ্কিত প্ৰায় ২৫ জন লোকক অসমৰ পৰা আটক কৰা হয় (raids against PFI in Assam) ।

আৰক্ষী সূত্ৰই জনোৱা মতে, ইয়াৰে গোৱালপাৰাত সৰ্বাধিক ১০ জন পিএফআই কৰ্মী, কামৰূপত (গ্ৰাম্য) পাঁচজন আৰু ধুবুৰীত তিনিজন কৰ্মী আটক হোৱাৰ বিপৰীতে বাকীকেইজনক বৰপেটা, বাক্সা, দৰং, ওদালগুৰি আৰু কৰিমগঞ্জত গ্ৰেপ্তাৰ কৰা হয় (25 PFI linked persons detained from Assam)।

লগতে পঢ়ক :GMC Scam : জিএমচিৰ কোটিটকীয়া কেলেংকাৰীৰ ৮ অভিযুক্তক ৫ দিনৰ CM Vigilance-ৰ জিম্মাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.