ETV Bharat / state

কাৰ কাৰ নাম সাঙোৰ খালে জাগুন কয়লা ব্যৱসায়ত !

author img

By

Published : Oct 4, 2019, 11:25 PM IST

Updated : Oct 5, 2019, 12:15 PM IST

জাগুণৰ বন বিভাগৰ ৰেঞ্জাৰকো অভিযোগ দিয়া বুলি মন্তব্য কৰে কংগ্ৰেছী নেতা সকলে ৷ কিন্তু বৃহস্পতিবাৰে আৰক্ষীৰ কোনো ধৰণৰ অভিযান নচলিল  ট্ৰাক দুখনৰ বিৰুদ্ধে । তাৰ পাচত আৰক্ষীক বাৰম্বাৰ হেঁচা প্ৰয়োগৰ অন্তত শুকুৰবাৰে কয়লা ভৰ্তি ট্ৰাক দুখন বন বিভাগে জব্দ কৰে ৷

কাৰ কাৰ নাম সাঙুৰ খালে জাগুন কয়লা ব্যৱসায়ত!

গুৱাহাটী, 4 অক্টোবৰঃ কয়লাৰ কলা বেহাক লৈ যুৱ কংগ্ৰেছৰ সংবাদমেল । সংবামেল সম্বোধন কৰে যুৱ কংগ্ৰেছী নেতা কামৰুল ইছলাম চৌধুৰীয়ে । জাগুনৰ কয়লা ব্যৱসায়ী ৰাধা চেতিয়া কয়লা ছিণ্ডিকেটৰ সৈতে জড়িত থকা অভিযোগ কংগ্ৰেছী নেতী গৰাকীৰ । বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ সৈতেও ৰাধা চেতিয়া ঘনিষ্ঠ বুলি অভিযোগ উত্থাপন কৰে সংবাদ মেলত ।

আনহাতে, বৃহস্পতিবাৰে ৰাধা চেতিয়াৰ শিলৰ কুৱাৰীত দুখন কয়লা ভৰ্তি ট্ৰাক প্ৰত্যক্ষ কৰি এই সন্দৰ্ভত জাগুন আৰক্ষীক অভিযোগ দিছিল যুৱ কংগ্ৰেছৰ নেতাকেইজনে । জাগুণৰ বন বিভাগৰ ৰেঞ্জাৰকো অভিযোগ দিয়া বুলি মন্তব্য কৰে কংগ্ৰেছী নেতা সকলে ৷ কিন্তু বৃহস্পতিবাৰে কোনো ধৰণৰ আৰক্ষীৰ অভিযান নচলিল ট্ৰাক দুখনৰ বিৰুদ্ধে । তাৰ পাচত আৰক্ষীক বাৰম্বাৰ হেঁচা প্ৰয়োগৰ অন্তত শুকুৰবাৰে কয়লা ভৰ্তি ট্ৰাক দুখন বন বিভাগে জব্দ কৰে । তাৰোপৰি অসম চৰকাৰে কি যুক্তিত ৰাধা চেতিয়াক দেহৰক্ষী প্ৰদান কৰে বুলিও প্ৰশ্ন তোলে যুৱ কংগ্ৰেছী নেতা সকলে ।

কাৰ কাৰ নাম সাঙুৰ খালে জাগুন কয়লা ব্যৱসায়ত!


সংবাদমেলত নামফাই আৰু টিঙকুপানী সংৰক্ষিত বনাঞ্চলত অব্যাহত থকা হেলুং গছৰ মুকলি বেহা সন্দৰ্ভতো মন্তব্য কৰে যুৱ কংগ্ৰেছী নেতাকেইজনে । হেলুং গছৰ বেহাৰ লগত ডিগবৈৰ বিধায়ক আৰু এছ এম আগৰবালাও জড়িত থকা বুলি অভিযোগ উত্থাপন কৰে । হেলুং গছ সমূহ আগৰৱালাৰ অৰুণাচল স্থিত কাঠৰ মিললৈ চোৰাংভাৱে সৰবৰাহ কৰা হয় মন্তব্য কৰে । ৰঞ্জন কুমাৰ দাস নামৰ এজন বন বিষয়া কয়লা ছিণ্ডিকেটত জড়িত থকাৰ লগতে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকে ছিণ্ডিকেট কাণ্ডাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ কৰে যুৱ কংগ্ৰেছৰ নেতাকেইগৰাকীয়ে ৷

আৰু পঢ়কঃজয়পুৰত অবৈধ কয়লাৰ ৰমৰমীয়া বেহা

Intro:কয়লাৰ কলা বেহাক লৈ যুৱ কংগ্ৰেছৰ সংবাদমেল। সংবামেল সম্বোধন কৰে কামৰুল ইছলাম চৌধুৰীয়ে।
জাগুন কয়লা ব্যৱসায়ি ৰাধা চেতিয়া কয়লা ছিণ্ডিকেটৰ সৈতে জড়িত । বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ ঘনিষ্ঠ ৰাধা চেতিয়া।বৃহস্পতিবাৰে ৰাধা চেতিয়াৰ শিলৰ কুৱাৰীত দুখন কয়লা ভৰ্তি ট্ৰাক প্ৰত্যক্ষ কৰিছিল । এই সন্দৰ্ভত অভিযোগ দিছিল যুৱ কংগ্ৰেছৰ ছাত্ৰ নেতা সকলে জাগুন আৰক্ষীক। জগুণৰ বন বিভাগৰ ৰেঞ্জাৰকো অভিযোগ দিছিল কিন্তু বৃহস্পতিবাৰে কোনো ধৰণৰ আৰক্ষীৰ অভিযান নচলিল এই ট্ৰাক দুখনৰ বিৰুদ্ধে। বাৰম্বাৰ হেঁচা প্ৰয়োগৰ অন্তত শুকুৰবাৰে কয়লা ভৰ্তি ট্ৰাক দুখন বন বিভাগে জব্দ কৰে। কি যুক্তিত ৰাধা চেতিয়াক দেহৰক্ষী প্ৰদান কৰিছে অসম চৰকাৰে সেই প্ৰশ্ন যুৱ কংগ্ৰেছীৰ।


Body:নামফাই আৰু টিঙকুপানী সংৰক্ষিত বনাঞ্চল হেলুং গছৰ মুকলি বেহা। ডিগবৈ বিধায়ক আৰু এছ এম আগৰবালাও জড়িত হেলুং গছৰ বেহাত। হেলুং গছ সমূহ আগৰৱালাৰ অৰুণাচল স্থিত কাঠৰ মিললৈ চোৰাংভাৱে সৰবৰাহ কৰা হয়। ৰঞ্জন কুমাৰ দাস নামৰ এজন বন বিষয়া এগৰাকী হেলুং গছৰ চোৰাং সৰবৰাহত জড়িত। ৰঞ্জন কুমাৰ দাসৰ লগতে কেইবাজনো লোক জড়িত আছে চোৰাং বেহাত। তিনিচুকীয়াৰ এছ পি য়ে কয়লাৰ ছিণ্ডিকেট কাণ্ডাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ যুৱ কংগ্ৰেছৰ। গুৱাহাটীৰ এগৰাকী নিলম্বিত এগৰাকী আৰক্ষী বিষয়া আৰু গুৱাহাটীৰ ডি চি পি জড়িত বুলি অভিযোগ আনিছে যুৱ কংগ্ৰেছীয়।


Conclusion:কয়লা আৰু হেলুং গছৰ ছিণ্ডিকেটৰ উপৰিও মমিনুল আৱাল ক সমালোচনা যুৱ কংগ্ৰেছৰ। মমিনুল আৱালক মানসিক ৰোগী আখ্যা যুৱ কংগ্ৰেছীৰ।
Last Updated : Oct 5, 2019, 12:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.