ETV Bharat / state

Subansiri Lower Hydroelectric project: আগষ্টত আৰম্ভ হ'ব সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ উৎপাদন

author img

By

Published : Feb 8, 2022, 5:44 PM IST

Subansiri Lower Hydroelectric Project
আগষ্টত আৰম্ভ হ'ব সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ উৎপাদন

প্রথম পর্যায়ত ৫০০ মেগাৱাট বিদ্যুৎ আগষ্ট মাহৰ পৰা উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে । ইয়াৰ পাছত পর্যায়ক্রমে বাকী ১৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হ'ব । ২০২৩ চনৰ ভিতৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰসকলো নির্মাণকার্য সম্পূর্ণ হ'ব (NHPC Subansiri Lower Hydroelectric project to be completed by 2023) । বৃহৎ নদীবান্ধ বিৰোধী দল-সংগঠনসমূহৰ প্ৰতিবাদৰ বাবেই ২০১১ চনত স্তব্ধ হৈ পৰিছিল প্রকল্পটোৰ নিৰ্মাণকার্য । ২০১৯ চনৰ পৰা প্ৰকল্পটোৰ নিৰ্মাণকার্য পুনৰ আৰম্ভ হয় আৰু বৰ্তমান সমাপ্তৰ দিশে । অথলে গ'ল বিশেষজ্ঞৰ প্ৰতিবেদন আৰু দল-সংগঠনৰ আন্দোলন ।

গুৱাহাটী,২ জানুৱাৰী : দ্রুতগতিত আগবাঢ়িছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ (NHPC Subansiri Lower Hydroelectric Project) নির্মাণকার্য । ইতিমধ্যে প্রকল্পটোৰ মূল বান্ধ নিৰ্মাণৰ কাম প্রায় সমাপ্ত হৈছে । স্থাপন কৰা হৈছে টার্বাইন । যদিহে সকলো সঠিকভাৱে আগবাঢ়ে তেনেহ'লে আগষ্ট মাহত প্রকল্পটোৰ উৎপাদন কার্য আৰম্ভ হ'ব । প্রকল্প নির্মাণকাৰী প্রতিষ্ঠান এন এইচ পি চিৰ এটা শীর্ষ সূত্রই জানিবলৈ দিয়া মতে সম্প্রতি দিনে-নিশাই জলবিদ্যুৎ প্রকল্পটোৰ নির্মাণকার্য চলি আছে ।

আজিৰ তাৰিখত নির্মাণকার্যত নিয়োজিত হৈ আছে প্রায় ছয় হাজাৰ শ্রমিক । কেন্দ্ৰীয় চৰকাৰৰ নির্দেশ মতেই অসম আৰু অৰুণাচল প্রদেশৰ চৰকাৰে প্ৰকল্পটো ৰূপায়ণৰ ক্ষেত্ৰত সকলো ধৰণৰ সহায়-সহযোগ আগবঢ়াইছে । সূত্ৰটোৱে জনোৱা মতে প্রথম পর্যায়ত ৫০০ মেগাৱাট বিদ্যুৎ আগষ্ট মাহৰ পৰা উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে (Work for Subansiri Lower Hydroelectric project to be start by August 2022) । ইয়াৰ পাছত পর্যায়ক্রমে বাকী ১৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হ'ব ।

Subansiri Lower Hydroelectric Project
আগষ্টত আৰম্ভ হ'ব সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ উৎপাদন

২০২৩ চনৰ ভিতৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ সকলো নির্মাণকার্য সম্পূর্ণ হ'ব বুলি জানিব পৰা গৈছে (NHPC Subansiri Lower Hydroelectric project to be completed by 2023)। ইফালে প্রকল্পটোৰ নামনি অংশৰ লোকৰ সুৰক্ষাৰ বাবে নদীৰ মথাউৰিসমূহ শক্তিশালী কৰাৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ বাবে এন এইচ পি চিয়ে ১৪৫ কোটি টকাৰ এখন আঁচনি গ্ৰহণ কৰিছিল । আনহাতে শেহতীয়াকৈ এই ক্ষেত্ৰত কেন্দ্ৰই পুনৰ ১৮৮ কোটি টকা ব্যয় কৰাৰ ক্ষেত্ৰত অনুমোদন জনাইছে ।

মন কৰিবলগীয়া যে গেৰুকামুখত নির্মাণকার্য চলি থকা দুই হাজাৰ মেগাৱাটৰ জলবিদ্যুৎ প্রকল্পটোৰ ফলত নামনি অংশত বিৰূপ প্ৰভাৱ পৰাৰ শংকা ব্যক্ত কৰিছিল ৰাজ্যৰ বহু সংখ্যক দল-সংগঠনে । বৃহৎ নদীবান্ধ বিৰোধী দল-সংগঠনসমূহৰ প্ৰতিবাদৰ বাবেই ২০১১ চনত স্তব্ধ হৈ পৰিছিল প্রকল্পটোৰ নিৰ্মাণকার্য । আনহাতে কেইবাটাও দল-সংগঠনে প্রকল্পটোৰ বিৰোধিতাত ন্যায়ালয়ত গোচৰ তৰিছিল । কিন্তু ন্যায়ালয়ে উক্ত গোচৰসমূহ খাৰিজ কৰাৰ পাছত ২০১৯ চনৰ পৰা প্ৰকল্পটোৰ নিৰ্মাণকার্য পুনৰ আৰম্ভ হয় ।

Subansiri Lower Hydroelectric Project
আগষ্টত আৰম্ভ হ'ব সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ উৎপাদন

পিছে এইবাৰ আশ্চর্যজনকভাৱে প্ৰকল্পটোৰ বিৰোধিতাত ৰাজ্যৰ দল-সংগঠনসমূহে বিশেষ প্রতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হোৱা নাই । যাৰ বাবে বিনাবাধাই এতিয়া প্রকল্পটোৰ নিৰ্মাণকার্য দ্রুত গতিত আগবঢ়াই নিবলৈ সক্ষম হৈছে নিৰ্মাণকাৰী প্রতিষ্ঠান এন এইচ পি চি । মন কৰিব লগীয়া কথা যে অসমৰ বহু কেইজন বিশেষজ্ঞই অতি ভূকম্পন এলেকাৰ অন্তর্ভুক্ত অৰুণাচল প্রদেশত বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰোধিতা কৰিছিল । কিন্তু উক্ত বিৰোধিতা তথা দল-সংগঠনসমূহৰ প্রতিবাদ এতিয়া অৰণ্যৰোদনত পৰিণত হ'ল ।

ইফালে সোৱণশিৰি প্ৰকল্পটোৰ উপৰিও কেন্দ্ৰই অৰুণাচল প্রদেশত আন বহুকেইটা বৃহৎ জলবিদ্যুৎ প্রকল্প ৰূপায়ণৰ বাবে আগবাঢ়িছে । এনে পৰিস্থিতিত বৃহৎ নদী বান্ধে অনাগত দিনত অসমত কি পৰিস্থিতিৰ সৃষ্টি কৰে সেয়া সময়েহে ক'ব ।

Subansiri Lower Hydroelectric Project
আগষ্টত আৰম্ভ হ'ব সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ উৎপাদন

উল্লেখ যে, ২০০১ চনত ব্রহ্মপুত্র ব'র্ডৰ পৰা এই প্রকল্প নির্মাণৰ দায়িত্ব এন এইচ পি চিক অর্পণ কৰা হৈছিল । কিন্তু মূলতঃ ভূ-কম্পন এলেকাত নির্মাণ কৰিবলৈ লোৱা নামনি সোৱণশিৰি প্রকল্পই অদূৰ ভৱিষ্যতে অসমত সৃষ্টি কৰিব পৰা ভয়ানক বানপানী আৰু পাৰিপাৰ্শ্বিক অৱক্ষয়ৰ প্রতি লক্ষ্য ৰাখি অসমৰ জাতীয় দল-সংগঠনে বিৰামহীনভাৱে চলাই অহা প্রতিবাদৰ ফলত ২০১১ চনৰ পৰা প্রকল্পটোৰ কাম স্থগিত হৈ আছিল । ২০১৪ চনত কেন্দ্র আৰু জাতীয় সংগঠনৰ মাজত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্তমর্মে বৃহৎ বান্ধটোৰ বিতর্কিত বিষয়সমূহ মীমাংসাৰ বাবে অসমৰ চাৰিজন আৰু কেন্দ্রীয় চৰকাৰে মনোনীত কৰা অন্য চাৰিজন বিশেষজ্ঞক লৈ এখন আঠজনীয়া প্রজেক্ট অভাৰছাইট কমিটী গঠন কৰা হৈছিল ।

এই কমিটীখনে একেলগে প্রকল্পস্থলী ভ্রমণ কৰাৰ লগতে কেইবালানি বৈঠকতো মিলিত হৈছিল । কিন্তু প্রকল্পটোৰ আসোঁৱাহ সন্দর্ভত কেন্দ্র আৰু ৰাজ্যৰ বিশেষজ্ঞকেইজন ঐকমত্যত উপনীত হ'ব নোৱাৰিলে । যাৰ পৰিপ্রেক্ষিতত অসমৰ বিশেষজ্ঞসকলে সুকীয়াকৈ প্রতিবেদন যুগুত কৰে । য'ত স্পষ্ট ভাষাৰে উল্লেখ কৰে যে ভূ-তাত্ত্বিক আৰু ভূ-কম্পন সম্পর্কীয় আসোঁৱাহসমূহ এন এইচ পি চিয়ে মীমাংসা কৰিব পৰা নাই ।

আনকি ভূমিকম্প প্রতিৰোধৰ বাবে কম্পন প্রৱলতাৰ মূল্যমানো সঠিকভাৱে নির্ণয় কৰা হোৱা নাই ৷ ঠাইখিনিত চেচমিক পেৰামিটাৰ ডিজাইন হ'ব লাগে ০.৫ জি, কিন্তু সেই মূল্যমান লোৱা হৈছে মাত্র ০.৩৮ জি । এই মূল্যমানে ৮ প্রাবল্যৰ ভূমিকম্পহে প্রতিৰোধ কৰিব পাৰে । অথচ অসমত ১৯৫০ চনতে ৮.৫ প্রাবল্যৰ ভূমিকম্প হৈ গৈছে ।

Subansiri Lower Hydroelectric Project
আগষ্টত আৰম্ভ হ'ব সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ উৎপাদন

ৰাজ্যৰ বিশেষজ্ঞৰ প্রতিবেদনত স্পষ্টভাৱে অভিযোগ উত্থাপন কৰা হৈছিল যে প্রজেক্ট অভাৰছাইট কমিটীত ৰাজ্যিক আৰু ৰাষ্ট্রীয় পর্যায়ৰ বিশেষজ্ঞৰ লগতে আন্তঃৰাষ্ট্রীয় পর্যায়ৰ বিশেষজ্ঞ অন্তর্ভুক্ত কৰাৰ কথা আছিল যদিও উক্ত সমিতিত কোনো আন্তঃজার্তিক বিশেষজ্ঞক স্থান দিয়া হোৱা নাই । ইফালে কেন্দ্রৰ বিশেষজ্ঞকেইজনে জলবিদ্যুৎ প্রকল্পটোৰ আসোঁৱাহসমূহ তন্ন তন্নকৈ নিৰীক্ষণ কৰি আশ্বস্ত হ'ব পৰাকৈ প্রতিবেদন দাখিল কৰাৰ পৰিৱর্তে নির্মাণকাৰী সংস্থাটোক জোৰকৈ ক্লীনছিট দিয়াৰহে চেষ্টা কৰিছিল । লক্ষণীয়ভাৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ ভেটি ১৭ মিটাৰ গভীৰলৈ নির্মাণ কৰাৰ কথা আছিল । কিন্তু কাৰো কোনো অনুমোদন নোহোৱাকৈ ভেটিৰ গভীৰতা ৮ মিটাৰ হ্রাস কৰা হয় ।

অর্থাৎ মাত্র ৯ মিটাৰ গভীৰতাৰ ওপৰতে সুউচচ বান্ধটো নির্মাণ কৰা হৈছে । অসমৰ বিশেষজ্ঞসকলে কাৰিকৰী অনুমোদন নোহোৱাকৈ ভেটিৰ গভীৰতা হ্রাস কৰা বিষয়টোত প্রবল আপত্তি দর্শাইছিল । বিভিন্ন পৰ্যায়ত বহু লানি আলোচনা আৰু বৈঠকো অনুষ্ঠিত হৈছিল । চৰকাৰীভাৱে বিভিন্ন প্ৰতিশ্ৰুতিও দিয়া হৈছিল ।

কিন্তু অৱশেষত সকলো অথলে গ'ল । বিভিন্ন দল-সংগঠনসমূহৰ প্ৰতিবাদৰ বাবে ২০১১ চনত স্তব্ধ হৈ পৰা প্রকল্পটোৰ নিৰ্মাণকার্য ২০১৯ চনৰ পৰা পুনৰ আৰম্ভ হয় । বৰ্তমান সময়ত নদীবান্ধটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পথত ।

উল্লেখ্য যে আৰম্ভণিতে সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ ব্যয় ধাৰ্য কৰা হৈছিল ৬,২৮৫ কোটি টকা । কিন্তু ২০১১ চনৰ পৰা ২০১৯ চনলৈ প্ৰকল্পটোৰ কাম বন্ধ হৈ থকাৰ ফলত ব্যয়ৰ পৰিমাণ বহু গুণে বৃদ্ধি পায় । প্ৰকল্পটোৰ ব্যয় ২০ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে । বৰ্তমান যুদ্ধকালীন ভাৱে প্ৰকল্পটোৰ কাম চলি আছে আৰু ২০২৩ চনৰ ভিতৰত প্রকল্পৰ সকলো নির্মাণকার্য সম্পূর্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক :Avalanche hits Arunachal : অৰুণাচলৰ হিমস্খলনত আবদ্ধ ৭ গৰাকীকৈ ভাৰতীয় সেনা জোৱান

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.