ETV Bharat / state

Mass signature campaign: পৌৰ কৰ বৃদ্ধিৰ বিৰোধিতাৰে মহিলাৰ কংগ্ৰেছৰ গণ স্বাক্ষৰ অভিযান

author img

By

Published : Mar 22, 2023, 9:52 PM IST

ইটোৰ পিচত সিটোকৈ সাধাৰণ ৰাইজক মাধমাৰ সোধাইছে বিজেপি চৰকাৰে ৷ ৰাজ্যজুৰি সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ পিচতে এইবাৰ অহা ১ এপ্ৰিলৰ পৰা পৌৰনিগম আৰু পৌৰসভা এলেকাসমূহৰ লোকসকলে চৰকাক পৰিশোধ লাগিব পৌৰ কৰ (Women Congress Protest) ৷ পৌৰ কৰৰ বিৰোধিতাৰে মহিলা কংগ্ৰেছে প্ৰতীকি প্ৰতিবাদী কাৰ্যসূচীৰ লগতে গণস্বাক্ষৰ অভিযানৰ কাৰ্যসূচী হাতত হৈছে (Women Congress mass signature campaign) ৷

Women Congress mass signature campaign against civic tax hike
পৌৰ কৰ বৃদ্ধিৰ বিৰোধিতাৰে মহিলাৰ কংগ্ৰেছৰ গণ স্বাক্ষৰ অভিযান

পৌৰ কৰ বৃদ্ধিৰ বিৰোধিতাৰে মহিলাৰ কংগ্ৰেছৰ গণ স্বাক্ষৰ অভিযান

গুৱাহাটী, ২২ মাৰ্চ: শেহতীয়াকৈ অসম চৰকাৰে ৰাজ্যৰ পৌৰনিগম আৰু পৌৰসভা এলেকাসমূহত কৰ সংগ্ৰহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ অহা ১ এপ্ৰিলৰ পৰা এই সিদ্ধান্ত কার্যকৰী হ’ব বুলি চৰকাৰে সদৰী কৰিছে ৷ ইয়াৰ পিচতে ৰাজ্যজুৰি প্ৰতিবাদ হোৱাৰ লগতে সৰৱ হৈ পৰিছে বিৰোধী পক্ষও ৷ ইফালে ৰাজ্যত দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ অত্যাধিক হাৰত মূল্য বৃদ্ধি হোৱাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে (Government decision for civic tax) ৷

বুধবাৰে চৰকাৰৰ পৌৰ কৰ বৃদ্ধিৰ সিদ্ধান্তৰ বিৰোধিতাৰে মহিলা কংগ্ৰেছে প্ৰতীকি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে এক গণস্বাক্ষৰ অভিযানৰ কাৰ্যসূচী হাতত লয় (Women Congress mass signature campaign) ৷ আজিৰে পৰা ৰাজ্যৰ বিভিন্ন জিলাত ৭ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছে এই গণ স্বাক্ষৰ অভিযান (mass signature campaign against civic tax hike) ৷ ৰাজীৱ ভৱনৰ পৰা মহিলা কংগ্ৰেছে আৰম্ভ কৰা গণ স্বাক্ষৰ অভিযানৰ নেতৃত্ব লয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৷

গণস্বাক্ষৰ অভিযানৰ সন্দৰ্ভত মীৰা বৰঠাকুৰে (Mira Borthakur against Increase in municipal taxes) কয়, ‘‘জিলাই জিলাই পৌৰ কৰ বৃদ্ধিৰ (Increase in municipal taxes) বিৰোধিতাৰে বুধবাৰ অৰ্থাৎ 22 মাৰ্চৰ পৰা জিলাই জিলাই আমি এক গণস্বাক্ষৰ অভিযানৰ আৰম্ভ কৰিছোঁ ৷ বৃহস্পতিবাৰৰ পৰা প্ৰত্যেকখন জিলাতে মহিলা কংগ্ৰেছে এই কাৰ্যসূচী ৰূপায়ন কৰিব ৷ ঘৰ এটা নিৰ্মাণৰ নামত আমি ডাব’ল টেক্স দিব লাগে ৷’’

ইয়াৰোপৰি তেওঁ কয় যে, আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ সংযোগ কৰিবলৈ কৰ’বাত কৰ’বাত 1000ৰ পৰা 1200 টকা পৰ্যন্ত পৰিশোধ কৰিব লগা হৈছে ৷ গুৱাহাটীত স্মাৰ্ট মিটাৰৰ নামত ৰাইজে 3000 টকালৈ ৰীচাৰ্জ কৰাব লগা হৈছে ৷ চৰকাৰে "সবকা সাথ সবকা বিকাশ"ৰ কথা কৈ এফালৰ পৰা ৰাইজক মাধমাৰ সোধাইছে ৷

তেওঁ অভিযোগ কৰে, ‘‘কোনো এখন জিলাৰে পৌৰ কৰ কাৰো লগত নিমিলে ৷ সকলোৱে নিজৰ খেয়াল খুচিমতে পৌৰ কৰ সংগ্ৰহ কৰিছে ৷ চৰকাৰ ইষ্ট ইণ্ডিয়া কোম্পানী নেকি ? চৰকাৰে যদি এনেকৈয়ে কৰ সংগ্ৰহ কৰে তেন্তে কাক লৈ চৰকাৰখনে বিকাশ কৰিব বিচাৰিছে মই বুজি পোৱা নাই ৷ আমি এই স্বাক্ষৰ অভিযানেৰে ৰাইজৰ কাষলৈ গৈ স্বাক্ষৰ সংগ্ৰহ কৰিম ৷ ৰাইজৰ যদি এই কৰ দিবলৈ একো অসুবিধা হোৱা নাই ৷’’

ইতিমধ্যে এই পৌৰ কৰ বৃদ্ধিৰ সন্দৰ্ভত বিভিন্ন দল সংগঠনে অত্যাধিক হাৰত কৰ বৃদ্ধি কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে (Protest against hike in municipal taxes) ৷ চৰকাৰক এই পৌৰ কৰ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰিছে দল সংগঠনসমূহে ৷

লগতে পঢ়ক: APSC Scam: APSC কেলেংকাৰীৰ তদন্ত সন্দৰ্ভত ন্যায়িক আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰা নাই মন্ত্ৰীসভাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.