ETV Bharat / state

EXCLUSIVE : কিয় অসম এৰিব খুজিছে কেইবাজনো আই এ এছ বিষয়াই ?

author img

By

Published : Sep 20, 2020, 7:01 AM IST

IAS OFFICER
IAS OFFICER

ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ) ৰ একাধিক বিষয়াই অসম ত্যাগ কৰিব খুজিছে । অসমত কৰ্মৰত অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়াৰ সংখ্যা হ'ল ১২০ গৰাকী । ইয়াৰে প্ৰায় ৬০ গৰাকীয়েই সুদীৰ্ঘ সময়জুৰি ডেপুটেশ্বনত আছে । বাকী থকা ৬০ গৰাকীৰ মাজৰ পৰাও শেহতীয়াকৈ আৰু ছগৰাকীয়ে কেন্দ্ৰীয় ডেপুটেশ্বনত যাবলৈ ইতিমধ্যে আবেদন জনাইছে । চৰকাৰে গোপনীয়তা মানি চলিলেও ই টিভি ভাৰতৰ হাতত পৰিছে এই তথ্য ।

গুৱাহাটী, 20 ছেপ্টেম্বৰ : ৰাজ্য প্ৰশাসন পৰিচালনাৰ মূল চালিকা শক্তি স্বৰূপ ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ) ৰ একাধিক বিষয়াই অসম ত্যাগ কৰিব খুজিছে । দিছপুৰৰ ফালৰ পৰা এই কথা ৰাজহুৱা কৰিব খোজা হোৱা নাই কৌশলগত কাৰণতে । কিয়নো একেলগে এইসকল আই এ এছ বিষয়াই অসম এৰি যাব খোজা বিষয়টো ৰাজহুৱা হ'লেই চৰকাৰখনৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি আশংকা কৰিয়েই এই গোপনীয়তা মানি চলা হৈছে ।

উল্লেখ্য যে অসমত কৰ্মৰত অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়াৰ সংখ্যা হ'ল ১২০ গৰাকী । ইয়াৰে প্ৰায় ৬০ গৰাকীয়েই সুদীৰ্ঘ সময়জুৰি ডেপুটেশ্বনত আছে । বাকী থকা ৬০ গৰাকীৰ মাজৰ পৰাও শেহতীয়াকৈ আৰু ছগৰাকীয়ে কেন্দ্ৰীয় ডেপুটেশ্বনত যাবলৈ ইতিমধ্যে আবেদন জনাইছে । চৰকাৰে গোপনীয়তা মানি চলিলেও ই টিভি ভাৰতৰ হাতত পৰিছে এই তথ্য ।

কিয় অসম এৰিব খুজিছে কেইবাজনো আই এ এছ বিষয়াই ?
সেই তথ্য অনুসৰি এই ছগৰাকী আই এ এছ বিষয়া হ'ল মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ দায়িত্বত থকা সঞ্জয় লোহিয়া, উদ্যোগ বিভাগৰ আয়ুক্ত সচিব কে কে দ্বিবেদী, ক্ৰীড়া আৰু সাংস্কৃতিক বিভাগৰ আয়ুক্ত সচিব এম অংগমথু, নীৰজ বাৰ্মা, এছ জগন্নাথন আৰু আশুতোষ । ইয়াৰে লোহিয়া আৰু বাৰ্মাৰ ডেপুটেশ্বনৰ ফাইল বৰ্তমান অনুমোদনৰ চূড়ান্ত স্তৰত আছে । কিন্তু প্ৰশ্ন হয় অসম-মেঘালয় কেডাৰৰ এইসকল বিষয়াই কিয় যাব খুজিছে অসম এৰি ৷

অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া, সুলেখক লক্ষ্মীনাথ তামুলীয়ে এই বিষয়ে ই টিভি ভাৰতৰ আগত কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁৰ মতে একাংশ মন্ত্ৰীয়ে বহু দুৰ্নীতি চলাই আহিছে আই এ এছ বিষয়াৰ কান্ধত বন্দুক থৈ । ইয়াত দুয়োৰে লাভ । মন্ত্ৰীৰ জেপলৈকো ধন আহে, আই এ এছ বিষয়াও ধনী হয় ।

অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া লক্ষ্মীনাথ তামুলীৰ মতামত

কিন্তু মন্ত্ৰী আৰু আই এ এছ বিষয়াৰ ৰসায়ন যেতিয়াই নিমিলে তেতিয়াই "নিৰাপত্তাহীনতা"ত ভোগে এনে আই এ এছ বিষয়া । তেতিয়াই তেওঁলোকে ৰাজ্য এৰি যাবলৈ সাজু হয় । ডেপুটেশ্বনত যোৱা বা কেডাৰ সলনি কৰাৰ প্ৰক্ৰিয়া নিয়মমাফিক । কিন্তু শেহতীয়াকৈ এই প্ৰক্ৰিয়া বৃদ্ধি পোৱাটো চিন্তনীয় বুলিও মন্তব্য কৰে লক্ষ্মীনাথ তামুলীয়ে ।

লগতে পঢ়ক : অসম জাতীয় পৰিষদৰ ভৱিষ্যৎ সম্পৰ্কে ৰাণা প্ৰতাপ বৰুৱাৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.