ETV Bharat / state

Majuli by Election: প্ৰতিটো ভােটগ্ৰহণ কেন্দ্রতে ৱেবকাষ্টিঙৰ ব্যৱস্থা

author img

By

Published : Mar 2, 2022, 9:35 PM IST

মাজুলী উপনিৰ্বাচনত সমষ্টটোৰ প্ৰতিটো ভোটকেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে (Webcasting system in Majuli by election)। মাজুলী সমষ্টিটোৰ মুঠ ২০৩ টা ভোট কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ'ব । এই ব্যৱস্থাৰ জৰিয়তে ভোটকেন্দ্ৰসমূহৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া জিলা নিৰ্বাচনী বিষয়াৰ কার্যালয়, মুখ্য নিৰ্বাচনী বিষয়াৰ কার্যালয় আৰু নিৰ্বাচন আয়োগৰ কার্যালয়ৰ পৰা পোনপটীয়াকৈ পর্যবেক্ষণ কৰিব পাৰিব ।

Majuli by Election
প্ৰতিটো ভােটগ্ৰহণ কেন্দ্রতে ৱেবকাষ্টিঙৰ ব্যৱস্থা

গুৱাহাটী, ২ মার্চ: মাজুলী উপ নিৰ্বাচন মুক্ত, নিকা আৰু সুৰক্ষিতভাৱে অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগৰ নিদের্শনা অনুসৰি অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিনখাড়েই বোট গ্ৰহণৰ নিৰীক্ষণ প্ৰক্ৰিয়াত ৱেবকাষ্টিঙ ব্যৱস্থা সংযোগ কৰিছে (Webcasting system in Majuli by election)। ৭ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া মাজুলী উপনিৰ্বাচনত সমষ্টটোৰ প্ৰতিটো ভোটকেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে । মাজুলী সমষ্টিৰ মুঠ ২০৩টা ভোট কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ'ব ।

উল্লেখ্য যে, এই ব্যৱস্থাৰ জৰিয়তে ভোট কেন্দ্ৰসমূহৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া জিলা নিৰ্বাচনী বিষয়াৰ কার্যালয়, মুখ্য নিৰ্বাচনী বিষয়াৰ কার্যালয় আৰু নিৰ্বাচন আয়োগৰ কার্যালয়ৰ পৰা পোনপটীয়াকৈ পর্যবেক্ষণ কৰিব পাৰিব । আনহাতে ভোটকেন্দ্ৰসমূহৰ সুৰক্ষাৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰ স্থাপন কৰা স্থানত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ জোৱানৰ গোট মোতায়েন কৰা হ'ব । ভোটগ্ৰহণ ৭ মার্চৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অনুষ্ঠিত হ'ব ।

আনহাতে মাজুলী উপ নিৰ্বাচনত ১,৩৩,২২৭ গৰাকী ভোটাৰে সাব্যস্ত কৰিব গণতান্ত্ৰিক অধিকাৰ । ইয়াৰ ভিতৰত ১৮-১৯ বছৰৰ ২,৯৬৫ গৰাকী, ১,৩৪০ গৰাকী ৮০ বছৰৰ ঊৰ্দ্ধৰ আৰু ৪০০ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ (Majuli by election voter list)। ভোটাৰ তালিকাত নতুনকৈ ৩,০২৯ গৰাকী ভোটদাতাৰ নাম সন্নিবিষ্ট হৈছে ।

লগতে পঢ়ক: বিজেপি-এআইইউডিএফৰ বিৰুদ্ধে সকলো একলগ হৈ যুঁজা উচিত : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.