ETV Bharat / state

2020 বাজেটৰ পৰা কি বিচাৰে অসমৰ চাহ উদ্যেগী সকলে ?

author img

By

Published : Feb 26, 2020, 9:02 PM IST

2020 বাজেট পৰা কি বিচাৰে অসমৰ চাহ উদ্যেগী সকলে ?
2020 বাজেট পৰা কি বিচাৰে অসমৰ চাহ উদ্যেগী সকলে ?

অসমৰ বিশিষ্ট চাহ উদ্যোগী বিদ্যানন্দ বৰকাকতিৰ সৈতে আগন্তুক কেন্দ্ৰীয় বাজেট সম্পৰ্কত ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাতকাৰ ৷ কি বিচাৰে অসমৰ চাহ উদ্যোগী সকলে ? 2020 বৰ্ষৰ বাজেটে অসমৰ চাহ উদ্যোগলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিব নে ? আমাৰ এক প্ৰতিবেদন...

গুৱাহাটী,26 ফেব্ৰুৱাৰীঃ দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ মাজতে অহা 4 মাৰ্চত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিব 2020 বৰ্ষৰ বাজেট ৷ ৰাজনৈতিক অস্থিৰতা, অৰ্থনৈতিক উত্থান পতনৰ মাজতে দেশবাসীয়ে আগ্ৰহেৰে ৰৈ আছে বাজেটলৈ ৷ কি দিব এইবাৰৰ বাজেটে ? অসমৰ অন্যতম পুৰণি চাহ উদ্যোগৰ উন্নীতকৰণৰ বাবে এইবাৰৰ বাজেটত কিবা থাকিব নে ? আনবাৰৰ দৰেই উপেক্ষিত হ'ব দেশৰ অন্যতম পুৰণি শ বছৰীয়া ইতিহাস গৰকা চাহ উদ্যোগ ৷ এই সম্পৰ্কত সকলো ৰৈ আছে বাজেট দাখিল কৰা দিনটোলৈ ৷ আনি কথা পাতিছিলো অসমৰ এগৰাকী বিশিষ্ট চাহ উদ্যোগী বিদ্যানন্দ বৰকাকতিৰ সৈতে ৷ তেখেতে প্ৰকাশ কৰিছিল অসমৰ চাহ উদ্যোগৰ বহু কথা ৷

বিশিষ্ট চাহ উদ্যোগী বিদ্যানন্দ বৰকাকতিৰ সৈতে 2020 বাজেট সম্পৰ্কীয় কিছু কথা

বিশিষ্ট চাহ উদ্যোগী বিদ্যানন্দ বৰকাকতিয়ে অসমৰ চাহ উদ্যোগীসকলে কেন্দ্ৰীয় বাজেটত থকা পি এম কুসুম (PM Kusum) আঁচনিখন অসমৰ চাহ উদ্যোগলৈ সম্প্ৰসাৰণ কৰাৰ বাবে আহ্বান জনায় ৷ চাহ উদ্যোগী আৰু North East Tea Associationৰ প্ৰাক্তন সভাপতি বিদ্যানন্দ বৰকাকতিয়ে ই টি ভি ভাৰতৰ সৈতে সাক্ষাৎকাৰত এই কথা জনায় যে, খেতিয়কসকলৰ আয় দুগুণ কৰাৰ যি পদক্ষেপ কেন্দ্ৰীয় বাজেটত কোৱা হৈছে তাত চাহ খেতিয়কসকলক সামৰি ল’লে উদ্যোগটোৰ বাবে অধিক ফলপ্ৰসু হ’ব ৷

বিশিষ্ট চাহ উদ্যোগী বিদ্যানন্দ বৰকাকতিৰ সৈতে 2020 বাজেট সম্পৰ্কীয় কিছু কথা

একেদৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে তেওঁৰ বাজেটত পি এম কুসুম (PM Kusum) আঁচনিৰ অধীনত দেশৰ 20 লাখ খেতিয়কক সাঙুৰি লোৱাৰ কথা উল্লেখ কৰিছিল ৷ অসমৰ চাহ Asian Countries, BIMSTEC Countries, BBIN Countries লৈ ৰপ্তানি কৰাৰ স্থল আছে আৰু চৰকাৰক প্ৰতি কিলোগ্ৰাম ৰপ্তানি কৰা চাহৰ বাবে ন্যূনতম 5 টকাকৈ এটা উদ্গনিমূলক সাহায্য ধায্য কৰিবলৈ অনুৰোধ জনায় ৷ এই সুবিধা প্ৰদান কৰিলে ক্ষুদ্ৰ চাহ উদ্যোগীসকল উপকৃত হোৱাৰ লগতে উৎসাহিত হোৱাৰ থল আছে ৷

বিশিষ্ট চাহ উদ্যোগী বিদ্যানন্দ বৰকাকতিৰ সৈতে 2020 বাজেট সম্পৰ্কীয় কিছু কথা

অসমৰ পৰা উৎপাদিত Orthodox Tea আৰু Green Tea উৎপাদনৰ লগত জড়িত খেতিয়কসকলকো উদগনিমূলক সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলে ভৱিষ্যতে অসমৰ চাহ উদ্যোগীসকলে এইক্ষেত্ৰত আগুৱাই যোৱাত সহায়ক হ'ব ৷ তেওঁ কয় যে,অসমৰ চাহৰ সঠিক প্ৰচাৰ কৰিবলৈ কিছুমান ব্যৱস্থা হাতত লোৱা দৰকাৰ- যেনে,চাহ উদ্যোগীক ক্ষেত্ৰখনত এগৰাকী ব্ৰেণ্ড এম্বেচাদৰৰ খুবেই প্ৰযোজন ৷ মেৰী কম বা হিমা দাসক ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তিয়ে এই ক্ষেত্ৰত সহায় কৰিব পাৰে বুলি তেওঁ বিশ্বাস কৰে ৷ আনহতে চাহ উদ্যোগৰ ক্ষেত্ৰত বিদ্যুতৰ ভূমিকাও উল্লেখনীয় ৷ চাহ উদ্যোগৰ ক্ষেত্ৰত যাতে বিদ্যুতৰ মূল্য বৃদ্ধি নকৰে আৰু ক্ষুদ্ৰ চাহ শ্ৰমিকৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে সেই বিষয়ে তেওঁ আহ্বান জনায় ৷ অৱশ্যে আগন্তুক বাজেটত চৰকাৰে অসমৰ চাহ উদ্যেগক কেনেদৰে গ্ৰহণ কৰে সেয়া 4 তাৰিখেহে গম পোৱা যাব ৷

লগতে চাওকঃ

কলিয়াবৰত শুভাৰম্ভণি 10 কোটি টকীয়া আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.