ETV Bharat / state

Majuli by election : নিৰ্বাচনী ফলাফলকলৈ বাজপেয়ী ভৱনত বিজয় উৎসৱ

author img

By

Published : Mar 10, 2022, 9:49 PM IST

victory-celebrations-at-vajpayee-bhavan-for-election-results
নিৰ্বাচনী ফলাফলকলৈ বাজপেয়ী ভৱনত বিজয় উৎসৱ

মাজুলী উপনিৰ্বাচন আৰু চাৰি ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব জয়ৰ বিজয় উৎসৱ উদযাপন কৰা হয় বাজপেয়ী ভৱনত। দলৰ নেতা-কৰ্মীসকলে আতচ বাজি কৰাৰ লগতে ইজনে সিজনক ৰং সানি বিজয় উৎসৱ পালন কৰে(Victory celebrations at Vajpayee Bhavan for election results) ।

গুৱাহাটী, 10 মাৰ্চ : বিজেপিৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি আতচবাজি আৰু ৰং খেলেৰে মূখৰিত হৈ পৰে। মাজুলী উপনিৰ্বাচন আৰু চাৰি ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব জয়ৰ বিজয় উৎসৱ উদযাপন কৰা হয় বাজপেয়ী ভৱনত। দলৰ নেতা-কৰ্মীসকলে আতচবাজি কৰাৰ লগতে ইজনে-সিজনক ৰং সানি বিজয় উৎসৱ পালন কৰে(Victory celebrations at Vajpayee Bhavan for election results) ।

চাৰি ৰাজ্যত বিজেপিৰ অভূতপূৰ্ব সফলতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্রী অশোক সিংঘালে কয় যে, ৰাইজে স্বীকাৰ কৰি লৈছে যে য'ত বিজেপিৰ শাসন থাকে তাত উন্নয়ণ হয় । বিজেপি চৰকাৰৰ উন্নয়ণ মানুহে হাতেৰে ধৰিব পাৰিছে আৰু চকুৰে চাব পাৰিছে । পাঞ্জাৱৰ সন্দৰ্ভত তেওঁ কয় যে পাঞ্জাৱত আগৰ পৰাই বিজেপি শক্তিশালী নাছিল আৰু পাঞ্জাৱৰ কথা দলে ভবা নাছিল । কিন্তু আগন্তুক দিনত পাঞ্জাৱটো বিজেপি শক্তিশালী হ'ব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে মোদী চৰকাৰে কৃষকৰ বাবে অভিলেখ সৃষ্টিকাৰী কাম কৰিছে।

ইফালে, মাজুলী উপনিৰ্বাচনৰ ফলাফল সন্দৰ্ভত তেওঁ কয় যে মাজুলীত বিজেপি প্ৰাৰ্থী ভূৱন গাম ৫০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে(Bhuban Gam won in Majuli by election) । বিজেপি চৰকাৰে ভাল কাম কৰাৰ বাবেই পুনৰ ৰাইজে শাসনত বহাৰ সুবিধা কৰি দিছে। কংগ্ৰেছ ৰাইজৰ লগত নাই বাবেই এনেদৰে শোচনীয় পৰাজয়ৰ সন্মূখীন হ'বলগীয়া হৈছে বুলি তেওঁ উল্লেখ কৰে ।

নিৰ্বাচনী ফলাফলকলৈ বাজপেয়ী ভৱনত বিজয় উৎসৱ

উল্লেখ্য যে, বৃহস্পতিবাৰে ঘোষিত মাজুলী উপনিৰ্বাচনৰ ফলাফলত বিজেপি প্ৰাৰ্থী ভূৱন গাম বিপুল ভোটত জয়ী হয়। আনহাতে পাঁচ ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত চাৰিখন ৰাজ্যতে বিজেপি জয়ী হৈছে। কেৱল পঞ্জাৱত আপে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। বিজেপিৰ এই সফলতাক লৈ আজি বাজপেয়ী ভৱন বিজয় উৎসৱত মুখৰ হৈ পৰে ।

লগতে পঢ়ক : সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হ’ল ভূৱন গাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.