ETV Bharat / state

ৰাজনীতিলৈ তাক নাটানিব: ভিক্টৰৰ মাতৃ

author img

By

Published : Sep 17, 2022, 11:59 AM IST

Updated : Sep 17, 2022, 2:20 PM IST

আজি মুকলি আকাশৰ তললৈ আহিব ভিক্টৰ দাস (Victor Das will release from jail today)। শনিবাৰে পুৱাই পানবজাৰ আৰক্ষীয়ে ভিক্টৰক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যায় ধীৰেণপাৰা এফ আৰ ইউলৈ । তাৰ পাচতে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ অনা হয় ভিক্টৰক ৷

ৰাজনীতিলৈ তাক নাটানিব: ভিক্টৰৰ মাতৃ
ৰাজনীতিলৈ তাক নাটানিব: ভিক্টৰৰ মাতৃ

গুৱাহাটী, 17 ছেপ্টেম্বৰ : আজি মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা ভিক্টৰ দাসৰ (Victor Das will release from jail today) । শনিবাৰে পুৱাই পানবজাৰ আৰক্ষীয়ে ভিক্টৰক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যায় ধীৰেণপাৰা এফ আৰ ইউলৈ । তাৰ পাচত স্বাস্থ্য পৰীক্ষাৰ কৰাৰ অন্তত মুখ্য ন্যায়িক দণ্ডাধীশ আদালত অৰ্থাৎ CJM ক’ৰ্টলৈ অনা হয় ভিক্টৰক ।

আদালতৰ কাম-কাজসমূহ সম্পূৰ্ণ হোৱাৰ পাচতেই হয়তো মুকলি আকাশৰ তললৈ আহিব ভিক্টৰ । ভিক্টৰক নিবলৈ ইতিমধ্যে আদালতৰ চৌহদত উপস্থিত ভিক্টৰৰ মাতৃ ৷ সংবাদ মাধ্যমৰ আগত ভিক্টৰৰ মাতৃৰ আহ্বান, ‘‘ৰাজনীতিলৈ নাটানিব ভিক্টৰক’’ । লগতে অসমবাসী, সংবাদ মাধ্যমক ধন্যবাদ ভিক্টৰৰ মাতৃৰ ।

ৰাজনীতিলৈ তাক নাটানিব: ভিক্টৰৰ মাতৃ

উল্লেখ্য যে, ভিক্টৰ দাসে তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি টুইটাৰত অভিযোগ উত্থাপন কৰিছিল (Victor Das complaint) । প্ৰতিটো পদৰ বাবে 3 লাখ টকাৰ পৰা 8 লাখ টকালৈ ধনৰ লেনদেন চলিছে আৰু চাকৰি কিনা বেচা প্ৰক্ৰিয়াৰ আৰত প্ৰাক্তন বিধায়ক থকা বুলিও অভিযোগ কৰে ভিক্টৰে ।

মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ সঞ্চালক প্ৰধানক উদ্দেশ্যি ভিক্টৰ দাসে টুইট কৰিছিল (Victor Das tweet)। এই টুইটক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া হয় । তাৰ পাচতেই 9 ছেপ্টেম্বৰত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ অন্তত 7 দিনৰ বাবে পাণবজাৰ আৰক্ষীয়ে নিজৰ জিন্মাত লয় ।

লগতে পঢ়ক : জামিন পায়ো মুকলি আকাশৰ তললৈ নাহিল ভিক্টৰ দাস

ইফালে ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ দুৰ্নীতিৰ অভিযোগ তোলা ভিক্টৰক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিছে বিৰোধী দলসমূহে ৷ এয়া চৰকাৰৰ স্বৈৰাচাৰিতা বুলি উল্লেখ কৰিছে কেইবাজনো বিৰোধী নেতাই ৷

আৰক্ষীয়ে সোধা-পোচাৰ বাবে ভিক্টৰৰ চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীকো তলৱ কৰিছিল যদিও সোধা-পোচা কৰি তেওঁলোকক যাবলৈ দিয়া হয় ৷ আনহাতে শাসকীয় পক্ষৰ মন্ত্ৰী-বিধায়কে ভিক্টৰক কোনো কাৰণতে ক্ষমাৰ অযোগ্য প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে ৷

মুখ্যমন্ত্ৰীয়ে এই কাৰ্যক জেমচ বণ্ডৰ চিনেমা বুলি উল্লেখ কৰাৰ বিপৰীতে মন্ত্ৰী পীযুষ হাজৰিকায়ো ভিক্টৰৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰে ৷ ইফালে ভিক্টৰৰ বিৰোধিতা কৰিবলৈ গৈ সংবাদ মাধ্যমক বাতৰি পৰিৱেশনৰ পাঠ পঢ়োৱাও দেখা গ’ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৷

জিম্মাৰ ম্যাদ শেষ হোৱাৰ পাচতহে জানিব পৰা হ’ব ভিক্টৰৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে ৷

লগতে পঢ়ক : লকআপত হঠাৎ অসুস্থ ভিক্টৰ দাস

Last Updated : Sep 17, 2022, 2:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.