ETV Bharat / state

Domestic violence Case against Victor Das: গাৰ্হস্থ্য হিংসাৰ অভিযোগৰ আঁৰত পত্নীৰ বিবাহ বৰ্হিভূত সম্পৰ্ক: ভিক্টৰ দাস

author img

By

Published : Jan 13, 2023, 9:22 PM IST

লাভ জিহাদৰ বলি হৈছে ভিক্টৰ দাস ৷ লাভ জিহাদ ঢাকিবলৈয়ে ভিক্টৰক অপদস্ত কৰিবলৈ বিচৰা হৈছে ৷ ভিক্টৰ কৰ্মৰত Scordemy নামৰ ক’চিং প্ৰতিষ্ঠানটোৰ CEO মাতিয়াজৰ সৈতে পত্নী ভূপালীৰ অবৈধ সম্পৰ্ক আছে ৷ এই দাবী চৰকাৰী চাকৰিত ধনৰ লেনদেনৰ অভিযোগ আনি বিতৰ্কত সোমাই পৰা ভিক্টৰ দাসৰ(Domestic violence Case against Victor Das) ৷

Domestic violence Case against Victor Das
ভিক্টৰ দাসৰ সংবাদমেল

ভিক্টৰ দাসৰ সংবাদমেল

গুৱাহাটী, ১৩ জানুৱাৰী: ২৬,০০০ চৰকাৰী চাকৰিত ধনৰ লেনদেনৰ অভিযোগ আনি বিতৰ্কত সোমাই পৰা ভিক্টৰ দাস শেহতীয়াকৈ সোমাই পৰিছিল পত্নীক নিৰ্যাতন কৰাৰ এক বিতৰ্কত(Victor Das accused of torturing his wife) । পত্নী ভূপালীৰ ওপৰত মাৰধৰ কৰা গোচৰৰ অভিযোগ মিছা বুলি শুকুৰবাৰে স্পষ্টীকৰণ দিয়ে ভিক্টৰ দাসে ৷ এখন সংবাদমেল সম্বোধন কৰি ভিক্টৰে পত্নী ভূপালীৰ অবৈধ সম্পৰ্ক থকাৰ বাবেই তেওঁ ভিক্টৰৰ ওপৰত মিছা অভিযোগ অনাৰ দাবী কৰে ৷

সংবাদমেলৰ আৰম্ভণিতে এটা ফোনকলৰ ৰেকৰ্ডিং ৰাজহুৱা কৰে ভিক্টৰে ৷ ২০১৬ চনত বিবাহপাশত আবদ্ধ হোৱা ভিক্টৰ দাসে শেহতীয়াকৈ এই অভিযোগৰ আঁৰত থকা ৰহস্য ফোন কলটোৰ যোগেদি সদৰী কৰাৰ চেষ্টা কৰে ৷ ভিক্টৰৰ দাবী- তেওঁ লাভ জিহাদৰ বলি হৈছে ৷ তেওঁ Scordemy নামৰ ক’চিং প্ৰতিষ্ঠানত কাম কৰি থকা অৱস্থাতে জুন-জুলাই মাহত গম পাইছিল পত্নী ভূপালী আৰু Scordemy ৰ CEO অবৈধ সম্পৰ্কৰ কথা ৷

Scordemyৰ CEO মাতিয়াজৰ সৈতে পত্নী ভূপালীয়ে কৰা ষড়যন্ত্ৰৰ বলি হোৱা বুলি মন্তব্য কৰে ভিক্টৰে । ভিক্টৰ আৰু ভূপালী ডেকাৰ গীতানগৰৰ এটা ফ্লেটত ভিক্টৰৰ চকুৰ আঁৰত মাতিয়াজে একেলগে সময় কটাইছিল ভিক্টৰৰ পত্নী ভূপালিৰ সৈতে ৷ সংবাদমেলত এই অভিযোগ ভিক্টৰৰ ৷ ভিক্টৰ দাসক তেওঁৰ পত্নীয়ে অপদস্ত কৰিব বিচৰাৰ আঁৰত পত্নীৰ অবৈধ সম্পৰ্ককে মূল বুলি দাবী কৰে ভিক্টৰে ।

ইয়াৰ উপৰি ২০১৬ চনত বিয়াৰ পাছত তেওঁ তেওঁৰ পত্নীক দেৱ নামৰ এজন যুৱকৰ লগত ধৰা পেলোৱাৰো দাবী কৰে ভিক্টৰে ৷ তেতিয়াও পত্নী ভূপালীয়ে তেওঁৰ ওপৰত মিছা অভিযোগ দি গোচৰ ৰুজু কৰা কথা ভিক্টৰে ব্যক্ত কৰে । ভিক্টৰৰ দাবী, ভূপালীৰ পিতৃ ভূপালীৰ সকলো কথাত সহযোগী হৈ থাকে, ভূপালীৰ পিতৃয়ে সকলো কথা জানে ।"

পত্নী ভূপালীয়ে তেওঁতকৈ বেছি মদ খায় বুলিও অভিযোগ কৰে ভিক্টৰ দাসে(Victor das wife Bhupali Deka) । সংবাদমেলত এটা কবিতা আবৃত্তি কৰি পত্নী ভূপালীৰ চৰিত্ৰ আৰু পত্নীৰ পৰিয়ালৰ স্বভাৱ চৰিত্ৰৰ কথা ব্যক্ত কৰে ভিক্টৰে ৷ লগতে ভিক্টৰে দাবী কৰে যে তেওঁক পত্নী ভূপালী ডেকাৰ দেউতাকে প্ৰায়ে দাবী-ধমকি দি আহিছে । যাৰ বাবে তেওঁ কেতিয়াও ভূপালীৰ ঘৰলৈ অকলে নাযায় ৷

ভিক্টৰে লগতে সংবাদমেলত কয়, অংক মাষ্টৰে নিজৰ জীৱনৰ অংকই ভুল কৰি পেলালে । মোৰ বিৰুদ্ধে ভুৱা গোচৰ তৰি মোক বদনাম আৰু নিঃশেষ কৰিব বিচাৰিছে । মোৰ ছোৱালীজনীক মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ গৈছে(Victor Das allegations against his wife) ৷

লগতে পঢ়ক: Victor Das arrested: পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগত আটক ভিক্টৰ দাসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.