Jagdeep Dhankhar to visit Assam: আজি অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

author img

By

Published : Jul 4, 2023, 7:28 AM IST

Jagdeep Dhankhar to visit Assam

আজি গুৱাহাটীলৈ আহিব দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় ৷ গুৱাহাটীৰ IITৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

নিউজ ডেস্ক, ৪ জুলাই: আজি অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় ৷ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,গুৱাহাটীৰ (IIT-G) ২৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

‘‘ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখড়ে ০৪ জুলাই, ২০২৩ তাৰিখে অসম ভ্ৰমণ কৰিব য'ত তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি)ৰ ২৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ ল’ব ৷ গুৱাহাটীত উপস্থিত হোৱাৰ পিচত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰি সেৱা আগবঢ়াব,’’ দেওবাৰে উপ-ৰাষ্ট্ৰপতিৰ সচিবালয়ৰ পৰা প্ৰকাশ কৰা এক বিজ্ঞপ্তিত সদৰী কৰা হৈছে এই কথা ৷

IIT গুৱাহাটীৰ শিক্ষাৰ্থীসকলৰ সৈতেও বাৰ্তালাপ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ এই অনুষ্ঠানত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ লগতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মুঠতে, অনুষ্ঠানটোত ২০,১১ জন স্নাতক, স্নাতকোত্তৰ আৰু পিএইচডি ডিগ্ৰী প্ৰাপকক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব ৷

লগতে পঢ়ক: Case Diary missing: ৩৮ বছৰ পুৰণি গোচৰৰ কেছ ডায়েৰীক লৈ গৃহ বিভাগত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.