ETV Bharat / state

Jagdeep Dhankhar to arrive in Guwahati : সোমবাৰে গুৱাহাটীত উপস্থিত হ’ব উপ ৰাষ্ট্ৰপতি জগদীপ ধনখেড়

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 1:11 PM IST

Jagdeep Dhankhar to arrive in Guwahati
সোমবাৰে গুৱাহাটীত উপস্থিত হ’ব উপ ৰাষ্ট্ৰপতি জগদীপ ধনখেড়

সোমবাৰে এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হ'ব উপ ৰাষ্ট্ৰপতি জগদীপ ধনখেড় । ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনৰ বিশেষ কাৰ্যসূচীৰ লগতে কটন বিশ্ববিদ্যালয়ত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

গুৱাহাটী, ২৯ অক্টোবৰ : সোমবাৰে গুৱাহাটীত উপস্থিত হ'ব দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখেড় । ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে সোমবাৰে গুৱাহাটীত উপস্থিত হ'ব উপ ৰাষ্ট্ৰপতিগৰাকী ৷ যাৰ বাবে গুৱাহাটীৰ ৰাজপথত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে ।

এক প্ৰেছ বিবৃতিযোগে মহানগৰ আৰক্ষীৰ যান-বাহন শাখাই বাহন চলাচলৰ ক্ষেত্ৰত এই নিৰ্দেশনা জাৰি কৰি উল্লেখ কৰিছে যে, সোমবাৰে পুৱা ৮ বজাৰ পৰা নিশা ৮ বজা পর্যন্ত ২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকীয়া বা তাতকৈ অধিক চকাৰ বাণিজ্যিক বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ আনহাতে, এ টি ৰোড, ডি জি ৰোড, এম জি তৈয়াবুল্লাহ পথ, জি এন বি ৰোড, বি বৰুৱা ৰোড আৰু জি এছ ৰোডত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ তিনিচকীয়া বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

অৱশ্যে এই সময়ছোৱাত শিশু, ছাত্র-ছাত্রী, মহিলা, বয়োজ্যেষ্ঠসকলৰ লগতে সকলোধৰণৰ জৰুৰীকালীন সেৱাৰ বাহন চলাচল কৰিব পাৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে । আনহাতে, ভাৰতৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখেড়ে ৩০ অক্টোবৰত কটন বিশ্ববিদ্যালয়ত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।

উক্ত দিনা উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ অধ্যাপক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলৰ সৈতে ১ ঘণ্টীয়া মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উক্ত অনুষ্ঠানত উপস্থিত থাকিব ।

লগতে অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষ ব্যক্তিসহ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।

লগতে পঢ়ক: 106th episode of Mann Ki Baat : আজি সম্প্ৰচাৰিত হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ১০৬ সংখ্যক মন কী বাত অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.