জীৱনৰ ৰংগমঞ্চৰ পৰা বিদায় মাগিলে জয়ন্ত দাসে

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 10:29 PM IST

Updated : Dec 17, 2023, 8:32 AM IST

Actor Jayanta Das passes away
চিৰবিদায় ৰাজু ()

Actor Jayanta Das passes away: যুঁজি যুঁজি নিয়তিৰ ওচৰত হাৰ মানিলে জনপ্ৰিয় অভিনেতা জয়ন্ত দাসে ৷ শনিবাৰে নিশা 8 বাজি 41 মিনিটত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ ৷

নিউজ ডেস্ক, 16 ডিচেম্বৰ : অলেখ গুণমুগ্ধক শোকসাগৰত পেলাই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে অসমীয়া ছবি জগতৰ চিৰপৰিচিত দুৰ্দান্ত অভিনেতা জয়ন্ত দাসে । প্ৰয়াত প্ৰখ্যাত টেনিছ খেলুৱৈ পুলিন দাসৰ পুত্ৰ জয়ন্ত দাস ছবিজগতৰ সকলোৰে মাজত পৰিচিত আছিল ৰাজু নামেৰে ।

বিগত কিছুদিন ধৰি গুৱাহাটীৰ এপ'ল' হাস্পতালত ৰোগৰ সৈতে যুঁজি অৱশেষত শনিবাৰে নিশা 8 বাজি 41 মিনিটত তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে । জয়ন্ত দাস চিকিৎসাধীন হৈ থকা বুলি শুনাৰ পিচতেই তেওঁৰ অনুৰাগীসকলে আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছিল ।

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ তৰফৰ পৰা তেওঁৰ সম্পূৰ্ণ চিকিৎসাৰ খৰচ ব্যয় কৰাৰ কথা জনাইছিল বিভাগীয় মন্ত্ৰী বিমল বড়াই । আনকি চিকিৎসালয়ৰ বিচনাত জীৱন-মৃত্যুৰে যুঁজ দি থকা জয়ন্ত দাসৰ খবৰ লৈছিল স্বাস্থ্যমন্ত্রী কেশৱ মহন্তয়ো । কিন্তু সকলোকে কন্দুৱাই অৱশেষত এইগৰাকী অভিনেতাই মাত্ৰ 66 বছৰ বয়সতে মেলানি মাগিলে জীৱনৰ ৰংগমঞ্চৰ পৰা । ইতিমধ্যে নিশাই তেওঁৰ নশ্বৰ দেহ বাসগৃহলৈ লৈ যোৱা হৈছে ৷

জনপ্ৰিয় অসমীয়া ধাৰাবাহিক ভাড়াঘৰত ‘হেমন্ত কাকতি’ ৰ চৰিত্ৰত অভিনয় কৰি অসমৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মন জয় কৰিবলৈ সক্ষম হোৱা জয়ন্ত দাসে অভিনয় জগতত নিজা এক সুকীয়া পৰিচয় ৰাখি থৈ গৈছে ৷ বহু কেইখন অসমীয়া ছবিত খলনায়কৰ ভূমিকাত দুৰ্দান্ত অভিনয় কৰিছিল জয়ন্ত দাসে ৷ তাৰ ভিতৰত অন্যতম অগ্নিসাক্ষী, মিঠা মিঠা লগনত আৰু বুকুৰ মাজত জ্বলে ৷ জয়ন্ত দাস অভিনীত কেইখনমান অতি জনপ্ৰিয় ছবি আছিল শকুন্তলা আৰু শংকৰ যোচেফ আলি, নায়ক, পিতা-পুত্ৰ, অজলা ককাই, কন্যাদান, ভূমিপুত্ৰ, কাদম্বৰী, হলধৰ আদি ৷

অসমৰ অন্যতম ছবি পৰিচালক পুলক গগৈৰ সেন্দুৰ ছবিৰে ৰূপালী পৰ্দাত খোজ পেলোৱা জয়ন্ত দাস অভিনীত আন কেইখনমান জনপ্রিয় ছবি হৈছে প্ৰভাতী পক্ষীৰ গান, নায়ক, কন্যাদান, শকুন্তলা শংকৰ জোছেফ আলী, মমতাজ, মন, আই ক'ত নাই, ৰামধেনু, আই মোৰ জনমে জনমে, হলধৰ, ৰং, পাহাৰী কন্যা আদি ।

তেওঁ পৰিচালনা কৰা একমাত্র ছবি আছিল ভূমিপুত্র। দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাহিক পাপু নিকু সংবাদতো অভিনয় কৰিছিল সকলোৰে মৰমৰ জয়ন্ত দাসে।

খুহুটীয়া চৰিত্ৰতো মনোগ্ৰাহী অভিনয় কৰা এইগৰাকী অভিনেতাক অসমৰ চলচ্চিত্ৰপ্ৰেমী ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ গৈছে ৷

লগতে পঢ়ক : জয়ন্ত দাসৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰিব ৰাজ্য চৰকাৰে

Last Updated :Dec 17, 2023, 8:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.