ETV Bharat / state

জয়ন্ত দাসৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰিব ৰাজ্য চৰকাৰে

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 5:11 PM IST

Health Minister Keshab Mahanta on actor Jayanta Das's health
উন্নত হোৱা নাই বিশিষ্ট অভিনেতা জয়ন্ত দাসৰ স্বাস্থ্যৰ অৱস্থা

Jayanta Das health update: অভিনেতা জয়ন্ত দাসৰ স্বাস্থ্যৰ বুজ ল’লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । অভিনেতাগৰাকীৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰিব ৰাজ্য চৰকাৰে ।

উন্নত হোৱা নাই বিশিষ্ট অভিনেতা জয়ন্ত দাসৰ স্বাস্থ্যৰ অৱস্থা

গুৱাহাটী, 12 ডিচেম্বৰ: উন্নত হোৱা নাই বিশিষ্ট অভিনেতা জয়ন্ত দাসৰ স্বাস্থ্যৰ অৱস্থা । বৰ্তমানেও মহানগৰীৰ এপ’ল’ হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী । অসমীয়া ছবিজগতৰ জ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি কনিষ্ঠজনলৈকে সকলোৰে মাজত ‘ৰাজু’ নামেৰে পৰিচিত জয়ন্ত দাসক বৰ্তমান ভেণ্টিলেশ্যনৰ সহায়ত ৰখা হৈছে ।

অভিনেতাগৰাকীৰ অসুস্থতাৰ খবৰ পাই এতিয়া এপ’ল’ হাস্পতলত ভিৰ কৰিছে তেওঁৰ অনুৰাগীয়ে । শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যৰ বুজ ল’বলৈ হাস্পতাললৈ গৈছিল অভিনেতা যতীন বৰা, নৱনীতা শৰ্মা বৰা আৰু ভৱেশ দাস । মঙলবাৰে এপ’ল’ হাস্পতালত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ ল’লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । এইখিনিতে উল্লেখ কৰিব লাগিব যে জয়ন্ত দাসৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰিব ৰাজ্য চৰকাৰে ৷

ইফালে অভিনেতাগৰাকীৰ শেহতীয়া স্বাস্থ্যৰ লগতে চিকিৎসাৰ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী কেশৱ মহন্তই কয়, ‘‘অভিনেতা জয়ন্ত দাসৰ চিকিৎসাৰ বাবে যথাসম্ভৱ যি সহযোগিতা লাগে সেয়া ৰাজ্য চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা হ’ব । এপ’ল’ হাস্পতালৰ লগতে গুৱাহাটী মেডিকেল কলেজৰ পৰা এটা বিশেষজ্ঞ চিকিৎসকৰ দলেও পৰীক্ষা কৰিছে অভিনেতাগৰাকীৰ ।’’

উল্লেখ্য যে, সোমবাৰে অভিনেতাগৰাকীক তেজৰ প্ৰয়োজন হৈছিল । অভিনেতাগৰাকীক সহায়ৰ বাবে সংবাদ মাধ্যমযোগে অসমবাসীক আহ্বান জনাইছিল পৰিয়ালবৰ্গই । এই সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তই কয়, ‘‘তেজৰ যাতে কোনো অসুবিধা নহয়, তাৰ বাবে আমি GMCH ব্লাড বেংকত তেওঁৰ নামত তেজ সাজু ৰাখিছো । আমি আশাবাদী তেওঁ অতি সোনকালে সুস্থ হৈ উঠিব । পৰিয়ালৰ সৈতে মই কথা পাতিছোঁ, যি সহযোগিতা লাগে আমি সকলো সহযোগিতা আগবঢ়াম । যদি পৰিয়ালে বিচাৰে GMCH ৰ পৰাও বিশেষজ্ঞ চিকিৎসক আহিব ।’’

উল্লেখ্য যে, "ভাড়াঘৰ" ধাৰাবাহিকখনৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল অভিনেতাগৰাকী । ভাড়াঘৰ ধাৰাবাহিকখনত "হেমন্ত কাকতি"ৰ চৰিত্ৰৰ যোগেৰে হাস্যৰস প্ৰদান কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ৰাজুয়ে । কেৱল ইমানেই নহয়, তেওঁ বুকুৰ মাজত জ্বলে, কন্যাদান, নায়ক আৰু মিঠা মিঠা লগনত আদিকে ধৰি বহুকেইখন ছবিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক: সংকটজনক অৱস্থাত এপ’ল’ত চিকিৎসাধীন বিশিষ্ট অভিনেতা জয়ন্ত দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.