ETV Bharat / state

Assamese Film Chilani Chor : আহিবলগীয়া নতুন অসমীয়া ছবি চিলনী চোৰৰ গীত মুকলি

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 9:48 PM IST

Assamese Film Chilani Chor
আহিবলগীয়া নতুন অসমীয়া ছবি চিলনী চোৰৰ গীত মুকলি

শীঘ্ৰেই ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'চিলনী চোৰ'। দেওবাৰে দিছপুৰ প্ৰেছ ক্লাবত মুকলি কৰা হয় ছবিখনৰ গীতসমূহ । গীতকেইটাত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, সুবাসনা দত্ত, দীক্ষু শৰ্মা, আচুৰ্য বৰপাত্ৰ আৰু নিতুল দাধৰাই ৷

আহিবলগীয়া নতুন অসমীয়া ছবি চিলনী চোৰৰ গীত মুকলি

গুৱাহাটী, 12 নৱেম্বৰ : শীঘ্ৰেই ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি ‘চিলনী চোৰ’ ৷ দিছপুৰ প্ৰেছ ক্লাবত মুকলি কৰা হ’ল ছবিখনৰ গীত । চিত্ৰনাট্যকাৰ ডাঃ নয়নজ্যোতি তালুকদাৰৰ ৰচনা আৰু প্ৰণৱজ্যোতি ভড়ালীৰ পৰিচালনাৰে নিৰ্মাণ কৰা হৈছে ‘চিলনী চোৰ’ ।

অসমীয়া ছবি ‘মন যায়’, ‘ৰণাংগন’, ‘সন্ধিক্ষণ’, ‘আহি আছে’ আৰু শেহতীয়াকৈ মুক্তিলাভ কৰা ‘বন্ধু’ৰ দৰে বহুকেইখন জনপ্ৰিয় অসমীয়া ছবিৰ চিত্ৰনাট্যকাৰ ডাঃ নয়নজ্যোতি তালুকদাৰৰ চিত্ৰনাট্য-সংলাপেৰে সজোৱা তথা ইতিপূৰ্বে কেবাখনো সমাদৃত অসমীয়া চলচ্চিত্ৰ অসমৰ দৰ্শকক উপহাৰ দিয়া জনপ্ৰিয় পৰিচালক প্ৰণৱজ্যোতি ভড়ালীৰ পৰিচালনাত নিৰ্মাণ কৰা নতুন অসমীয়া চলচিত্ৰ ‘চিলনী চোৰ’ৰ দৃশ্য-শ্ৰাব্য গীতসমূহ মুকলি কৰা হয় ৷

গীতসমূহ মুকলি কৰি পৰিচালক ভড়ালীয়ে গীতসমূহ শ্ৰোতা-দৰ্শকে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰাৰ লগতে ছবিখনো সমানে আকোঁৱালি ল’ব বুলি আশা প্ৰকাশ কৰে ৷ উল্লেখ্য যে অসমৰ বিভিন্ন ঠাইৰ চাৰিগৰাকী নিবনুৱাই কৰ্মসন্ধানৰ বাবে গুৱাহাটী মহানগৰীলৈ আহি কেনেদৰে বিভিন্ন ঘাট-প্ৰতিঘাটৰ মুখামুখী হ’বলগীয়া হয়, তাৰেই এক সুন্দৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে নতুন ছবি ‘চিলনী চোৰ’ ।

বেংগালুৰুৰ ‘বৰছনছ প্ৰডাকচন’ৰ বেনাৰত নিৰ্মাণ কৰা আহিবলগীয়া নতুন অসমীয়া ছবি ‘চিলনী চোৰ’ৰ প্ৰযোজনা কৰিছে পৰেশ বৰাই ৷ গুৱাহাটী, ৰঙাপাৰা, চতিয়া, মেঘালয়ত দৃশ্যগ্ৰহণ সম্পন্ন কৰা ‘চিলনী চোৰ’ৰ দৃশ্যগ্ৰহণ কৰিছে চিনেমাট’গ্ৰাফাৰ প্ৰফুল্ল ৰাভাই ৷

ছবিখনৰ সংগীত পৰিচালনা কৰিছে বিমান বৰুৱা আৰু অহিৰ ভৈৰৱে ৷ চাৰিটা গীত সন্বিৱিষ্ট ছবিখনৰ বাবে জুবিন গাৰ্গ, সুবাসনা দত্ত, দীক্ষু শৰ্মা, আচুৰ্য বৰপাত্ৰ আৰু নিতুল দাধৰাই গীতসমূহত কণ্ঠ নিগৰাইছে ৷ গীতিকাৰ- ৰবচন বৰুৱা, কেশৱ নয়ন,আৰ্যনীল আৰু বিমান বৰুৱা ৷ ছবিখনৰ মুখ্য সহকাৰী পৰিচালক ভৱেশ নাথ আৰু সহকাৰী পৰিচালক পুলক শিৱম ৷ আনহাতে এক্সন কম্প’জাৰ প্ৰণৱ মেধি ৷

‘চিলনী চোৰ’ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে অৰুণ হাজৰিকা, দেবানন্দ শইকীয়া, ঝুলেন ভূঞা, নীলাক্ষী দেৱী, ছাজু আহমেদ, প্ৰণৱ দত্ত, জ্যোতিস্মান শৰ্মা, নীল তামুলী, কংকণ দে’, নিমি কাশ্যপ, মানালী বৰা, ছুইটী সুস্মিতা, সাগৰিকা, দ্বীপ দেউৰী, প্ৰতুল ডেকা, কুমাৰেশ দত্ত, উদয় শংকৰ, অনুপম শইকীয়া আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ৷ ছবিখনৰ নৃত্যৰ নিৰ্দেশনা দিছে উদয় শংকৰ আৰু ৰাজু দাসে ৷

লগতে পঢ়ক : Assamese film Dadagiri: নতুন অসমীয়া ছবি দাদাগিৰী, কোন কোন থাকিব অভিনয়ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.