ETV Bharat / state

Nitin Gadkari in Guwahati: ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ কাষেৰে ৰিং ৰোড; কাজিৰঙাত এলিভেটেড ৰোড সকলো হ’ব; গাডকাৰী

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 4:20 PM IST

Updated : Oct 31, 2023, 5:22 PM IST

গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কেবাটাও প্ৰকল্প ঘোষণা মন্ত্ৰীগৰাকীৰ ৷ হোটেল ৰেডিশ্বন ব্লুত সংবাদমেল সম্বোধন কৰি সবিশেষ জনালে গাডকাৰীয়ে ৷

Nitin Gadkari in Guwahati
Nitin Gadkari announces several projects

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কেবাটাও প্ৰকল্প ঘোষণা নীতিন গাডকাৰীৰ

গুৱাহাটী, ৩১ অক্টোবৰ: অসমত দুটা বৃহৎ প্ৰকল্প ৰূপায়নৰ পথ প্ৰশস্ত হৈছে । বহু আকাংক্ষিত কাজিৰঙা এলিভেটেড ৰোড প্ৰকল্প আৰু ব্ৰহ্মপুত্ৰৰ তলৰে উত্তৰ অসমৰ গহপুৰ আৰু দক্ষিণ দিশৰ নুমলীগড়ক সংযোগ কৰি ১৪.৮৫ কি:মি: দৈৰ্ঘ্যৰ সুৰংগ পথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা মঙলবাৰে গুৱাহাটীত সাংবাদিকৰ‌ আগত ঘোষণা কৰে কেন্দ্ৰীয় ‌মন্ত্ৰী নীতিন গাডকাৰীয়ে । গুৱাহাটীৰ ৰেডিশ্বন‌ ব্লু হোটেলত অনুষ্ঠিত সংবাদমেলত‌ কেন্দ্ৰীয় ‌মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা‌ ঘোষণা কৰে ।

ৰাজ্যখনত চৰ্চিত হৈ থকা বিষয় ব্ৰহ্মপুত্ৰৰ তলৰে উত্তৰ অসমৰ গহপুৰ আৰু দক্ষিণ দিশৰ নুমলীগড়ক সংযোগ কৰি নিৰ্মাণ কৰিবলগীয়া সুৰংগ পথ কামৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১২ হাজাৰ কোটি টকাৰ অনুমোদন দিছে । এই প্ৰকল্পটো ৰূপায়ণ কৰিব National Highways and Infrastructure Development Corporation( NHIDCL) ।

উল্লেখ্য যে এই প্ৰকল্পটোৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিব লুই বাৰ্জাৰ নামৰ আমেৰিকান কোম্পানীটোৱে । এই প্ৰকল্পটোৰ Project management consultant (PMC) ৰ দায়িত্বও লুই বাৰ্জাৰক দিয়া হৈছে । প্ৰকল্পটোৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুতৰ বাবে ৯ মাহৰ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে । সংবাদমেলত এই কথা সদৰী‌ কৰে নীতিন গাডকাৰীয়ে । তেওঁ জনায় যে প্ৰতিৰক্ষা দিশৰ পৰাও এই সুৰংগ পথটো ভৱিষ্যতে অতি গুৰুত্বপূৰ্ণ হৈ পৰিব ।

ইপিনে তেওঁ জনায় যে অহা বছৰ জানুৱাৰীত কাজিৰঙা এলিভেটেড ৰোড প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰা হ'ব । লগে লগে কাম আৰম্ভ কৰা হ'ব । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মাই কয় যে এই প্ৰকল্পটোয়ে কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ‌ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ।

উল্লেখ্য যে কাজিৰঙা এলিভেটেড ৰোড প্ৰকল্পটোৰ চৰ্চা বহুত বছৰৰ পৰা‌ চলি আহিছিল । কিন্তু প্ৰকল্পটো ৰূপায়ণৰ ক্ষেত্ৰত কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত লোৱা নাছিল । এতিয়া এই প্ৰকল্পটো ভৱিষ্যতে কি দৰে আগবাঢ়ে, নে এয়া আগন্তক লোকসভা নিৰ্বাচনৰ চমকত পৰিণত হয় সেয়া নিশ্চিয় সময়হে ক'ব ।

ইফালে ব্ৰহ্মপুত্ৰ নদীক সংযোগ কৰি সোণাপুৰৰ পৰা গুৱাহাটী‌ৰ চন্দ্ৰপুৰ, নাৰেংগী, কুৰুৱা, দৰং হৈ বাইহাটা চাৰিআলিলৈ নিৰ্মাণ হ'ব লগীয়া ৰিং ৰোড আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেংগী আৰু কুৰুৱা সংযোগী দলঙৰ‌ আধাৰশিলা স্থাপনৰ কাম অহা বছৰ জানুৱাৰীত স্থাপন কৰা‌ হ’ব বুলি কেন্দ্ৰীয় ‌মন্ত্ৰী নীতিন গাডকাৰীয়ে সদৰী কৰে ।

উল্লেখ্য যে কিছু বছৰ আগতে কেন্দ্ৰীয় ‌মন্ত্ৰী নীতিন গাডকাৰীয়ে এই নিৰ্মাণ কাৰ্যৰ কথা‌ ঘোষণা কৰিছিল যদিও এই কথা ঘোষণাতে সীমাবদ্ধ হৈ আছিল । তেওঁ জনায় যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত সমগ্ৰ উত্তৰ-পূবত ভূমি অধিগ্ৰহণৰ সমস্যা আছে । কিন্তু এই ক্ষেত্ৰত অসম সফল । বাকী মিজোৰাম আৰু নাগালেণ্ডত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ অগ্ৰগতি ভাল‌ নহয় ।

তেওঁ ‌কয় যে ঠিকাদাৰে কাম কৰিব নোৱাৰিলে কাম বন্ধ কৰা‌ হ’ব । তেওঁ লগতে জনায় যে অসমত ২০২৪ চনৰ ভিতৰত আমেৰিকাৰ দৰে ৰাস্তা হ'ব ৷ সংবাদমেলত তেওঁ অসমত ধূপ বনোৱাৰ উদ্যোগ আৰু বাঁহ উদ্যোগক উন্নয়ন কৰাৰ ওপৰত গুৰুত্ব দিয়ে । লগতে চিমেন্টেৰে সকলো ৰাস্তা অসমত নিৰ্মাণ কৰাৰ প্ৰস্তাৱ আগবঢ়ায় । ইপিনে তেওঁ জনায় যে মঙলদৈ পৰা তেজপুৰলৈ ফ’ৰলেনযুক্ত ৰাস্তা কামো আৰম্ভ ‌হ’ব ।

লগতে পঢ়ক: PM Modi on National Unity Day : চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Last Updated : Oct 31, 2023, 5:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.