ETV Bharat / state

ULFA Peace Accord: শুকুৰবাৰে নতুন দিল্লীত আলফা-কেন্দ্ৰ চৰকাৰৰ বৈঠক; শান্তি চুক্তিৰ ওপৰত হ’ব আলোচনা

author img

By

Published : Aug 17, 2023, 10:53 PM IST

ULFA Peace Accored
ULFA Peace Accored

পুনৰ আলফাৰ সৈতে আলোচনাৰ বাবে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ ৷ ইতিমধ্যেই দিল্লীত উপস্থিত হৈছেগৈ আলফাৰ এটা প্ৰতিনিধি দল ৷ ইফালে 21 আগষ্টত নাগালেণ্ডৰ বিদ্ৰোহী গোট NSCN-IMৰ সৈতে আলোচনাত বহিব কেন্দ্ৰ ৷

নিউজ ডেস্ক, 17 আগষ্ট: আলোচনাপন্থী আলফা গোটৰ সৈতে কেন্দ্ৰীয় চৰকাৰে শান্তি আলোচনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ শেহতীয়াকৈ হ’বলগীয়া এখন চুক্তিৰ খচৰা আলোচনাপন্থী আলফা গোটক প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰালয়ে ৷ কিন্তু কিন্তু সেই খচৰাৰ সৈতে আলোচনাৰপন্থী আলফা গোটে সহমত প্ৰকাশ নকৰাৰ বাবেই পুনৰ শান্তি আলোচনাৰ বিষয়টো আকৌ পিছ পৰি ৰয় ৷

ইয়াৰ মাজতে শান্তি আলোচনাৰ বিষয়ে কেন্দ্ৰৰ সৈতে আলোচনা কৰিবলৈ আলফাৰ এটা প্ৰতিনিধি গোট বৃহস্পিতাবাৰে উপস্থিত হৈছেগৈ নতুন দিল্লীত ৷ কাইলৈৰ পৰা অৰ্থাৎ 18 আগষ্টৰ পৰা পুনৰ আলোচনা প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷ ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আলোচনাৰ বাবে দিল্লীলৈ তলব কৰা হৈছে ৷ আলোচনাপন্থী আলফা গোটৰ হৈ অৰবিন্দ ৰাজখোৱা এই বৈঠকত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷

লক্ষণীয়ভাৱে, মোদী চৰকাৰে 21 আগষ্টত নগা বিদ্ৰোহী গোট NSCN-IMৰ সৈতে শান্তি আলোচনা কৰাৰ বাবেও সাজু হৈছে ৷ এই আলোচনাত অংশ ল’ব বিদ্ৰোহী নেতা থুইংগালেং মুইভাই ৷

উল্লেখ্য যে 2024 চনৰ লোকসভা নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে, কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ দুটা প্ৰধান বিদ্ৰোহী গোট আলফা আৰু NSCN-IMৰ সৈতে আলোচনা সমাপ্ত কৰিবলৈ তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে ৷ ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে এইবৰ্ষৰ মে’ মাহৰ ভিতৰতে আলোচনাপন্থী আলফা গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছিল ৷ কিন্তু আলোচনাপন্থী আলফা গোটে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা শান্তি চুক্তিৰ খচৰা মানি নোলোৱাৰ বাবে এয়া সম্ভৱ নহ’ল ৷

স্মৰ্তব্য যে বিগত এপ্ৰিল মাহত গুৱাহাটীত আলফা আৰু কেন্দ্ৰৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰৰ মাজত এক আলোচনা হয় ৷ এই আলোচনাত বিধানসভা, সংসদ আৰু স্থানীয় ক্ষেত্ৰত খিলঞ্জীয়া ব্যক্তিসকলৰ বাবে 88 শতাংশ আসন সংৰক্ষণ কৰাৰ বাদী কৰে আলফাই ৷ পৰৱৰ্তী পৰ্যায়ত আলফাৰ নেতৃত্বই উল্লেখ কৰা অনুসৰি কেতবোৰ গুৰুত্বপূৰ্ণ দাবী মানি লোৱা নাই কেন্দ্ৰই ৷

অৱশ্যে, কাইলৈৰ পৰা আলফাৰ সৈতে হ’ব লগা আলোচনা কিমান ফলপ্ৰসূ হ’ব সেয়া সময়তহে জানিব পৰা যাব ৷ ইফালে, পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনকো অস্ত্ৰ ত্যাগ কৰিবলৈ বাবে বাৰে আহ্বান জনাই আলোচনাৰ পথ মুকলি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: Naga Peace Accord: ২১ আগষ্টত NSCN-IM আৰু কেন্দ্ৰৰ মাজত বৈঠক; চূড়ান্ত হোৱাৰ সম্ভাৱনা নগা চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.