ETV Bharat / state

Naga Peace Accord: ২১ আগষ্টত NSCN-IM আৰু কেন্দ্ৰৰ মাজত বৈঠক; চূড়ান্ত হোৱাৰ সম্ভাৱনা নগা চুক্তি

author img

By

Published : Aug 17, 2023, 7:17 PM IST

Naga Peace Accord
Naga Peace Accord

সম্পন্ন হোৱাৰ দিশে নগা চুক্তিৰ দ্বিতাক্ষিক ৷ 2015 চনত স্বাক্ষৰ কৰা নগা ফ্ৰেমৱৰ্ক চুক্তি চূড়ান্ত কৰাৰ বাবে তৎপৰ হৈছে দেশৰ গৃহ বিভাগ ৷ গ্ৰেটাৰ নাগালিমৰ সাম্ভাব্য মেপক লৈ চৰ্চা ৷

তেজপুৰ, ১৭ আগষ্ট: ক’ত হ’ব এন এছ চি এন-আই এম (NSCN-IM) আৰু কেন্দ্ৰীয় চৰকাৰৰ নগা চুক্তিৰ দ্বিপাক্ষিক বৈঠক ? ইয়াকে লৈ এতিয়া চলিছে চৰ্চা ৷ কিয়নো আগন্তুক ২১ আগষ্টত ভাৰত চৰকাৰে নগা বিদ্ৰোহী সংগঠন নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড, ইচাক মুইভা (NSCN-IM) গোটৰ লগত জৰুৰীকালীন আলোচনাত বহাৰ সম্ভাৱনা আছে ৷

এই বিষয়ে অলপতে নাগালেণ্ডৰ স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়ত NSCN-IM ৰ সাধাৰণ সম্পাদক টি এইচ মুইভাই তেওঁৰ ভাষণ প্ৰসংগত সকলোকে জানিবলৈ দিয়ে । উল্লেখ্য যে ২০১৫ চনত নগা ফ্ৰেমৱৰ্ক চুক্তিৰ স্বাক্ষৰ কৰা হয় ৷ এই চুক্তিৰ আধাৰত নগা বসতি প্ৰধান অঞ্চলৰ সকলো ঠাইকে নাগালেণ্ডৰ অন্তৰ্ভুক্ত কৰাৰ বিষয়ে ঘোষণা কৰে ।

অৱশ্যে এই বৈঠক ক’ত অনুষ্ঠিত হ’ব সেই বিষয়ে আগতীয়াকৈ জানিব পৰা হোৱা নাই ৷ ২০২০ চনত মুইভাই মুকলিকৈ প্ৰকাশ কৰিছিল যে নগা চুক্তিৰ পৰৱৰ্তী আলোচনা ভাৰতৰ বাহিৰত অনুষ্ঠিত কৰাৰ পোষকতা কৰিছিল ৷ তাৰ পিছত তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰী আৰ এন ৰবিৰ নেতৃত্বত এই আলোচনা হৈছিল ।

পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰে আৰ এন ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল হিচাবে নিযুক্তি দিয়ে । নগা চুক্তিৰ ঘোষণা পত্ৰৰ প্ৰকাশৰ লগে লগেই অসমৰ নগা বসতি প্ৰধান অঞ্চলক তেওঁলোকে নাগালেণ্ডৰ অন্তৰ্ভুক্ত কৰাৰ বাবে এক প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

নগা বিদ্ৰোহী সংগঠনৰ দ্বাৰা এইবাৰ স্বাধীনতা দিৱস উদযাপনৰ সময়ত টি এইচ মুইভা মুইভাই উল্লেখ কৰে যে অতীতৰ নেতাসকলৰ বাবে গৌৰৱান্বিত, যিসকলে ‘‘১৯৪৭ চনৰ ১৪ আগষ্টত ভাৰতৰ পৰা ব্ৰিটিছ প্ৰস্থানৰ প্ৰাকক্ষণত নগাক স্বাধীন ৰাষ্টৰ ঘোষণা কৰাৰ সঠিক সিদ্ধান্ত লৈছিল ৷”

সেইয়া এক ঐতিহাসিক পদক্ষেপ আছিল যিয়ে নগা জাতীয় পৰিচয়ক নতুন অৰ্থ প্ৰদান কৰিছিল আৰু নগাসকলৰ ভৱিষ্যত ৰক্ষা কৰিছিল বুলিও টি এইচ মুইভাই ১৪ আগষ্টত পতাকা উত্তোলন কৰি মন্তব্য কৰে । সুদীৰ্ঘ ১৮ বছৰীয়া ৰাজনৈতিক আলোচনাৰ অন্তত এন এছ চি এনে-এইএময়ে কেন্দ্ৰীয় চৰকাৰৰ লগত ২০১৫ চনৰ ৩ আগষ্টত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ লগত ঐতিহাসিক নগা ফ্ৰেম ৱৰ্ক চুক্তিত স্বাক্ষৰ কৰে ।

এক বিশেষ সূত্ৰৰ মতে এইবাৰ অনুষ্ঠিত হ’বলগীয়া এই বৈঠকৰ বিষয়ে এন এছ চি এনৰ তৰফৰ পৰা কোনো মতামত ব্যক্ত কৰিব বিচৰা নাই । কিন্তু এই বৈঠকত চূড়ান্ত হ’ব পাৰে নগা চুক্তিৰ আধাৰত সীমান্তৱৰ্তী ৰাজ্যৰ কোনো অংশ প্ৰস্তাবিত বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত হ’ব নেকি ৷ সেয়ে এই বৈঠক এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে ৷

লগতে পঢ়ক: NSCN K Terror: লেখাপানিৰ টিপঙত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস; দুই গাড়ী চালকক মাৰপিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.