ETV Bharat / state

Double suicide at Noonmati: নুনমাটিত একেদিনাই দুটাকৈ আত্মহত্যাৰ ঘটনা

author img

By

Published : Jun 17, 2023, 8:36 PM IST

Two suicide case in one day at Noonmati
নুনমাটিত একেদিনাই দুটাকৈ আত্মহত্যাৰ ঘটনা

নুনমাটিত শনিবাৰৰ দিনটোত দুটাকৈ আত্মহত্যাৰ ঘটনা সংঘটিত হয় ৷ নিজ নিজ বাসগৃহত চিপ লৈ আত্মহননৰ পথ বাচি লয় দুগৰাকী লোকে ৷ মৃত দুগৰাকী ৰমেশ ডেকা (৩৫) আৰু অনিমা ডেকা (৭৫) বুলি জানিব পৰা গৈছে ৷

নুনমাটিত একেদিনাই দুটাকৈ আত্মহত্যাৰ ঘটনা

গুৱাহাটী ১৭ জুন: মহানগৰীৰ নুনমাটিত শনিবাৰৰ দিনটোত দুটাকৈ আত্মহত্যাৰ ঘটনা সংঘটিত হয় ৷ প্ৰথমটো ঘটনাত নুনমাটি থানাৰ অন্তৰ্গত বিষ্ণু ৰাভা নগৰ অঞ্চলত এঘৰ লোকৰ ঘৰৰ বাৰাণ্ডাত এজন লোকে চিপ লৈ আত্মহত্যা কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। মৃত লোকজন গুৱাহাটী শোধনাগাৰত ঠিকা ভিত্তিক শ্ৰমিক হিচাপে কৰ্মৰত সৰ্থেবাৰী, ব্যসকুছি অঞ্চলৰ ৰমেশ ডেকা (৩৫) বুলি জানিব পৰা গৈছে ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে শনিবাৰে পুৱা ৭.৩০ মান বজাত নুনমাটি বিষ্ণু ৰাভা নগৰৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য নামৰ লোকজনৰ ভাড়াঘৰৰ কোঠাৰ বাৰণ্ডাত লোকজনক চিপ লৈ থকা অৱস্থাত প্ৰতক্ষ কৰে ঘৰৰ বাসিন্দাই । সেই দৃশ্য দেখি চিঞৰ বাখৰ কৰাত ঘটনাস্থলীত ওচৰ চুবুৰীয়া লোক উপস্থিত হৈ নুনমাটি আৰক্ষীক খবৰ দিয়ে।

পিচত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। লক্ষণীয় কথা যে, মৃত ৰমেশ ডেকাই আত্মহনৰ পথ বাচি লোৱা ঘৰটোতে এমাহ পূৰ্বে পত্নী আৰু দুই সন্তানসহ ভাৰতীয় হিচাপে বাস কৰি আছিল ৷ তাৰ পিছত সেই স্থানৰ পৰা আঁতৰি আহি নুনমাটি জাতীয় বিদ্যালয়ৰ ওচৰতে অন্য এজন লোকৰ ঘৰত ভাড়াতীয়া হিচাপে থাকিবলৈ লয় পৰিয়ালটো ।

মৃত লোকজনৰ জ্যেষ্ঠ ভাতৃ খনিন ডেকাই অভিযোগ কৰা অনুসৰি পূৰ্বৰ ভাড়াঘৰৰ মালিকৰ সৈতে আছিল ৰমেশ ডেকাৰ পত্নীৰ অবৈধ সম্পৰ্ক। দুজনৰ মাজত থকা এই অবৈধ সম্পৰ্কৰ কথা গম পোৱাৰ পিছত স্বামী ৰমেশ ডেকা আৰু পত্নী কল্যাণী ডেকাৰ মাজত প্ৰায়ে মতানৈক্যৰ সৃষ্টি হৈছিল। যোৱা কিছুদিনৰ পৰা ৰমেশ ডেকা মানসিক অশান্তিত ভুগি থকাৰ কথা সদৰী কৰি পত্নীৰ বিবাহ বহিৰ্ভুত প্ৰেমৰ বাবে লোকজনে আত্মহনৰ পথ বাচি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে মৃতকৰ ভাতৃয়ে।

অৱশ্যে এই কথা সম্পূৰ্ণ অস্বীকাৰ কৰিছে পত্নী কল্যাণী ডেকাই। আনহাতে ঘটনাৰ পিচতেই আৰক্ষী, ফৰেনচিকৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ অনুসন্ধান কৰে।

আনহাতে দ্বিতীয় ঘটনাত নুনমাটি অমিয়পুৰৰ হৰিপুৰত অঞ্চলত এগৰাকী বয়োজেষ্ঠ মহিলাই নিজৰ ঘৰৰ ভিতৰত চাদৰৰে চিপ লৈ আত্মহত্যা কৰে। মৃত মহিলাগৰাকী অনিমা ডেকা (৭৫)। এতিয়ালৈ আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ঘৰুৱা কন্দলৰ বাবেই মহিলাগৰাকীয়ে আত্মহত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: Jonali Nath murder updates : হাছানুৰৰ সহযোগী আজিবৰ ৰহমানক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.