ETV Bharat / state

Police Encounter: নিশাৰ মহানগৰীত এনকাউন্টাৰত আহত দুই চোৰ চিকিৎসাধীন

author img

By

Published : Dec 23, 2022, 6:11 PM IST

Two Miscreants Shot At While Attempting To Escape In Guwahati
মহানগৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ

পুনৰ মহানগৰ আৰক্ষীৰ এনকাউন্টাৰ ৷ এইবাৰ আৰক্ষীৰ গুলিত আহত দুই চোৰ ৷ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত(Gauhati Medical College and Hospital) চিকিৎসাধীন ধৃত দুই চোৰ ৷

মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা

গুৱাহাটী, ২৩ ডিচেম্বৰ: স্মাৰ্ট আৰক্ষীৰ ব্যৰ্থতাৰ বাবে উত্তৰ-পূৱৰ দুৱাৰমুখ ৰাজধানী গুৱাহাটী মহানগৰীত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে বিভিন্ন অপৰাধজনিত ঘটনা । মহানগৰ আৰক্ষীৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপ উদঙাই হত্যা হিংসা, চুৰি ডকাইতি আদিৰ দৰে ঘটনা বৃদ্ধিয়ে নিদ্ৰাহৰণ কৰিছে মহানগৰ আৰক্ষীৰ । ইতিমধ্যে অপৰাধ নিয়ন্ত্ৰণত আৰক্ষী ব্যৰ্থ হোৱা বুলি খোদ নৱনিযুক্ত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদ মাধ্যমৰ আগত অকপট স্বীকাৰোক্তি কৰিছিল ।

দিন দুপৰতে চেইন চুৰি, মোবাইল চুৰি, গাড়ী চুৰি আদিৰ ঘটনাই মহানগৰবাসীক আতংকিত কৰি ৰখাৰ সময়তে অপৰাধ ৰোধৰ ক্ষেত্ৰত গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীয়ে অৱলম্বন কৰিবলগীয়া হৈছে নতুন কৌশল । এনে সময়তে গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ’ল ৰহস্যজনক এনকাউণ্টাৰৰ ঘটনা । গুৱাহাটী মহানগৰীত অভাৱনীয় হাৰত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ সময়তে নবীন নগৰত বুধবাৰে নিশা এক চাঞ্চল্যকৰ এনকাউণ্টৰৰ ঘটনা সংঘটিত হয়(Encounter in Guwahati) ।

আৰক্ষীৰ এই এনকাউণ্টৰত দুটা চোৰৰ ভৰিত গুলী লাগে(Two thieves encounter in Guwahati) । আহত দুই চোৰক আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাইছে যদিও সম্প্ৰতি দুয়ো সুস্থ বুলি জানিবলৈ দিছে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ অভিজিত শৰ্মাই । জানিব পৰা মতে মহানগৰীৰ বামুনীমৈদামৰ ভাস্কৰনগৰত চোৰৰ সন্ধানত গীতানগৰ আৰক্ষীয়ে বুধবাৰে নিশা ১২:৩০ বজাত অভিযান চলাইছিল ।

এই অভিযানৰ মাজতে আৰক্ষীয়ে বামুনীমৈদামৰ বাসিন্দা গৌৰৱ পাল আৰু নামৰ এজনৰ ঘৰৰ চৌহদত নিশা প্ৰায় ১২:৩০ বজাত প্ৰৱেশ কৰি ঘৰৰ দুৱাৰ খুলিবলৈ গৃহস্থক কয় । পৰিয়ালটোৱে দুৱাৰ খুলি নিদিয়াত আৰক্ষীয়ে দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি গৌৰৱ পালক আটক কৰে । আৰক্ষীয়ে ঘৰটোত অভিযান চলাই তিনিটা মোবাইল ফোন, সোণৰ গহনা জব্দ কৰে ।

একেদৰে আৰক্ষীৰ দলটোৱে একে অঞ্চলৰে মুকেশ কুমাৰ নামৰ আন এজনৰ ঘৰত অভিযান চলাই বহু চুৰি সামগ্রী উদ্ধাৰ কৰে ৷ আৰক্ষীৰ দলটোৱে মুকেশ কুমাৰক আটক কৰি চুৰি সামগ্ৰীসহ তেওঁক থানালৈ আনে । আৰক্ষীৰ জেৰাত ধৃত চোৰ দুটাই নবীন নগৰত চুৰি সামগ্ৰী থকা বুলি স্বীকাৰোক্তি দিয়ে । ধৃত চোৰ দুটাক লগত লৈ গীতানগৰ আৰক্ষীয়ে চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ নবীন নগৰলৈ যায় । তেনে সময়তে চেগ বুজি নবীন নগৰত গাড়ীৰ ভিতৰৰ পৰা চোৰ দুজনে জঁপিয়াই পলায়নৰ চেষ্টা চলায় ।

আৰক্ষীৰ দলটোৱে লগে লগে চোৰ দুটাৰ ভৰিত লক্ষ্য কৰি গুলীচালনা কৰি কৰায়ত্ত কৰিবলৈ সক্ষম হয়(Guwahati Police shot two miscreants) । আৰক্ষীৰ দলটোৱে গুলিবিদ্ধ চোৰ দুটাক জিএমচিএইছত ভৰ্তি কৰে । ইপিনে গৌৰৱৰ মাতৃয়ে আৰক্ষীৰ ভাষ্য নস্যাৎ কৰিছে । গৌৰৱৰ মাতৃয়ে অভিযোগ কৰা অনুসৰি আৰক্ষীয়ে বলপূৰ্বকভাৱে ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি সামগ্ৰী লণ্ডভণ্ড কৰে । আনকি আৰক্ষীৰ দলটোৱে গডৰেজ ভাঙি সোণৰ গহনা, নগদ ধন লুট কৰি লৈ অনা বুলি গৌৰৱৰ মাতৃয়ে অভিযোগ কৰে ।

আৰক্ষীৰ দলটোৱে গৌৰৱক শুকুৰবাৰে পুৱা দহ বজাত মাতৃৰ হাতত গতাই দিব বুলি কৈ আহিছিল বুলিও মাতৃয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে । আৰক্ষীয়ে গৌৰৱক এনকাউণ্টাৰ কৰা বুলি মাতৃয়ে অৱগত নহয় উল্লেখ কৰি কয় যে, এই এনকাউণ্টাৰ ভুৱা এনকাউণ্টাৰ । পুত্ৰ গৌৰবে ড্ৰাগছ সেৱন কৰা কথা স্বীকাৰ কৰি মাতৃয়ে কয় যে, পুত্ৰ গৌৰৱ চুৰি কাৰ্যত জড়িত নহয় । আৰক্ষীয়ে জব্দ কৰা মোবাইল ফোনৰ নথি পত্ৰ থকা বুলি মাতৃয়ে দাবী কৰিছে । ইপিনে আৰক্ষীয়ে গৌৰৱৰ ঘৰৰ পৰা ড্ৰাগছ ভৰ্তি 28 টা খালি কন্টেইনাৰ, চাৰিটা মোবাইল ফোন আৰু বহু আপত্তিজনক সামগ্রী জব্দ কৰিছে ।

লগতে পঢ়ক: Encounter in Guwahati: দুই চোৰলৈ লক্ষ্য কৰি গুলীবৰ্ষণ মহানগৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.