ETV Bharat / state

Apad Mitra Scheme: প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ আপদ মিত্ৰ

author img

By

Published : Dec 8, 2022, 10:09 PM IST

Two day national level workshop on Apad mitra Scheme
Apad mitra Scheme : প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ আপদ মিত্ৰ

ভাৰত চৰকাৰৰ এক দুৰ্যোগ প্ৰশমন সম্পর্কীয় আঁচনি আপদ মিত্ৰৰ (Apad mitra Scheme) সফল ৰূপায়ণৰ বাবে দুদিনীয়া কৰ্মশালাৰ আয়োজন (Two day national level workshop) ৷

গুৱাহাটী, ৮ ডিচেম্বৰ: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ( Assam State Disaster Management Authority) ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (National Disaster Management Authority) সহযোগত বৃহস্পতিবাৰে গুৱাহাটীত ভাৰত চৰকাৰৰ এক দুৰ্যোগ প্ৰশমন সম্পর্কীয় আঁচনি আপদ মিত্ৰৰ (Apad mitra Scheme) সফল ৰূপায়ণৰ বাবে দুদিনীয়া কৰ্মশালাৰ আয়োজন কৰে (Two day national level workshop) ৷

Two day national level workshop on Apad mitra Scheme
Apad mitra Scheme : প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ আপদ মিত্ৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Narendra Modi) দূৰদৰ্শী চিন্তাৰ ফচল হিচাপে আপদ মিত্ৰ আঁচনি ৰূপায়ণৰ জৰিয়তে ভূমিকম্প, বানপানী, ভূমিস্খলন আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তাৎক্ষণিকভাৱে ৰাইজৰ মাজত উপস্থিত হৈ সেৱা আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভিজন ২০২৪ অনুসৰি সমগ্ৰ দেশৰ ৩৫০ খন জিলা সামৰি ১ লাখ স্বেচ্ছাসেৱীক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰি এক স্থানীয় দুৰ্যোগ ব্যৱস্থাপনা গোট গঠন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। ইতিমধ্যে ৩০,০০০ স্বেচ্চাসেৱীক এই প্ৰশিক্ষণ প্ৰদান সম্পূৰ্ণ হৈছে ৷ অসমৰো ১৬ খন জিলাৰ ২১০৫ গৰাকী স্বেচ্চাসেৱীক প্ৰশিক্ষণৰ জৰিয়তে দক্ষতা বিকাশৰ সুবিধা প্ৰদান কৰা হৈছে আৰু ১৭৯৫ গৰাকীক অতি সোনকালে এই প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

উল্লেখ যেএই আঁচনিৰ অধীনত ২০২৩ চনৰ ৩১ মাৰ্চলৈ স্বেচ্চাসেৱীসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী সম্পূর্ণ হ’ব৷ এই দুদিনীয়া কর্মশালাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan inagurated Apad mitra Scheme )৷

মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত তেওঁ কয় যে দুৰ্যোগৰ সময়ত তৎকালীনভাৱে জনসাধাৰণৰ মাজত উপস্থিত হৈ প্ৰয়োজনীয় উদ্ধাৰ কাৰ্য অথবা আপাতকালীন সেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰে এই আপদ মিত্ৰ আঁচনিখন হাতত লোৱা হৈছে ৷ নিজৰ লগতে দুর্দশাগ্ৰস্তসকলক সহায় কৰি সুৰক্ষা প্ৰদান কৰিব পাৰিলেহে সমাজ সুৰক্ষিত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷

উল্লেখ যে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য ৰাজেন্দ্ৰ সিঙে আঁচনিখনৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে উল্লেখ কৰে৷ অনুষ্ঠানত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অসমীয়া আৰু হিন্দী ভাষাত প্ৰস্তুত কৰা আপদ মিত্ৰ আঁচনিৰ শীৰ্ষ গীত দুটাও মুকলি কৰে ৷ অনুষ্ঠানটোত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন সামাল, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আয়ুক্ত সচিব জ্ঞানেন্দ্ৰ ত্ৰিপাঠীৰ লগতে এন ডি আৰ এফ, এচ ডি আৰ এফৰ প্ৰতিনিধিসকলো উপস্থিত আছিল ৷

উল্লেখ যে মূল অনুষ্ঠানটোত দেশৰ ৩১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত পৰিষদ ক্ৰমে অসম, পশ্চিম বংগ, নাগালেণ্ড, উত্তৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ছিকিম, হিমাচল প্ৰদেশ, তামিলনাডু, জম্মু আৰু কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, ত্ৰিপুৰা, মেঘালয়, পুডুচেড়ী, কর্ণাটক, চণ্ডীগড়, আন্দামান আৰু নিকোবৰ, কেৰেলা, পঞ্জাব, গোৱা, মিজোৰাম, ৰাজস্থান, উত্তৰাখণ্ড, উড়িষ্যা, লাডাখ, নতুন দিল্লী, হাৰিয়ানা, দমন আৰু দিউ আৰু বিহাৰৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে ৷

ভূমিকম্প, বানপানী, ভূমিস্খলন আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তাৎক্ষণিকভাৱে ৰাইজৰ মাজত উপস্থিত হৈ সেৱা আগবঢ়াব আপদ মিত্ৰই ৷ অসমৰ ১৬ খন জিলাৰ ২১০৫ গৰাকী স্বেচ্চাসেৱীক প্ৰশিক্ষণৰ জৰিয়তে দক্ষতা বিকাশৰ সুবিধা প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক: Robbery at gold shop in Guwahati: গুৱাহাটীত দুই দুবৃত্তই লুটি নিলে সোণৰ চেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.