ETV Bharat / state

কৰ'ণা যোদ্ধালৈ শ্ৰদ্ধা, অসম অলিম্পিক সন্থাৰ ভিডিঅ' মুকলি মুখ্যমন্ত্ৰীৰ

author img

By

Published : May 18, 2020, 9:24 PM IST

কৰ'ণা ভাইৰাছ
কৰ'ণা যোদ্ধালৈ শ্ৰদ্ধা, অসম অলিম্পিক সন্থাৰ ভিডিঅ' মুকলি মুখ্যমন্ত্ৰীৰ

কৰ'ণা ভাইৰাছৰ লগত যুঁজ দি অহা সৈনিক সকললৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে সোমবাৰে এটা বিশেষ ভিডিঅ'মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অসম অলিম্পিক সন্থাই প্ৰস্তুত কৰি উলিয়াইছে এই বিশেষ ভিডিঅ'টো ।

গুৱাহাটী, ১৮ মে': মহামাৰী কৰ'ণাৰ বিৰুদ্ধে সমুখৰ পৰা যুঁজ দি অহা প্ৰতিগৰাকী "সৈনিক"লৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে অসম অলিম্পিক সন্থাই প্ৰস্তুত কৰি উলিওৱা এটা বিশেষ ভিডিঅ' আজি মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অসম অলিম্পিক সন্থাৰ প্ৰচাৰ কোষৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাৰ পৰিকল্পনা আৰু বিষয়বস্তুৰে নিৰ্মাণ কৰা এই ভিডিঅ'টোত অভিনয় কৰিছে হিমা দাস, অংকুশিতা বড়ো, লাভলিনা বৰগোহাঁই, শিবাংগী শৰ্মাকে ধৰি ভালেকেইগৰাকী ক্ৰীড়াবিদে ।

কৰ'ণা ভাইৰাছ
কৰ'ণা যোদ্ধালৈ শ্ৰদ্ধা, অসম অলিম্পিক সন্থাৰ ভিডিঅ' মুকলি মুখ্যমন্ত্ৰীৰ

কন্ঠশিল্পী সংগীতা কাকতি, অনিৰ্বাণ দাস আৰু অনুস্কা বৰুৱাই কন্ঠদান কৰা এই ভিডিঅ'টো সোমবাৰে মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ই কেৱল কৰ'ণা যোদ্ধালৈ সন্মানেই নহয়, ই খেলুৱৈ সকলৰো মনোবল বৃদ্ধি কৰিব । ভিডিঅ'টো প্ৰস্তুত কৰাৰ বাবে তেওঁ অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰক বিশেষ ভাবে ধন্যবাদ জনায় ।

কৰ'ণা ভাইৰাছ
কৰ'ণা যোদ্ধালৈ শ্ৰদ্ধা, অসম অলিম্পিক সন্থাৰ ভিডিঅ' মুকলি মুখ্যমন্ত্ৰীৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.