ETV Bharat / state

পুৱা 11 বজাৰ 10 টা শীৰ্ষ বাতৰি...

author img

By

Published : Mar 28, 2021, 11:01 AM IST

top ten news at 11 am
পুৱা 11 বজাৰ 10 শীৰ্ষ বাতৰি

পুৱা 11 বজাৰ 10 টা শীৰ্ষ বাতৰি...

দেওবাৰে সম্প্ৰচাৰ হ’ব প্ৰধানমন্ত্ৰীৰ মন কি বাত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাহিলী ৰেডিঅ’ কাৰ্যসূচী 'মন কি বাত'ত দেশবাসীক সম্বোধন কৰিব । মন কি বাতৰ ৭৫ তম সংস্কৰণৰ বিষয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ কৰে ৷

নিৰ্বাচনী সভাত কিয় খং উঠিল বদৰুদ্দিন আজমলৰ ?

কৰিমগঞ্জৰ বদৰপুৰৰ মালুয়াৰ নিৰ্বাচনী সভাত খোৱাপানীৰ পৰা আদি কৰি অন্যান্য যাৱতীয় ব্যৱস্থা উপলব্ধ নাছিল ৷ তাকে দেখি খং উঠিল এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ ৷

মাজুলীত নিৰ্বাচনী হিংসা

মাজুলীত সংঘটিত হৈছে নিৰ্বাচনী হিংসা ৷ প্ৰশাসনৰ লোকে দুটাকৈ খালী ইভিএম লৈ গৈ থকা এখন ৱেগনাৰ গাড়ী ভাঙিলে দুৰ্বৃত্তই ৷

ভোটদাতা ৰাইজক ধন্যবাদ জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই

প্ৰথম পৰ্যায় ভোটাৰ সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । এই সন্দৰ্ভত সভাপতি বৰাই কয়, এক সুস্থ আৰু সবল গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰাটো অতি প্ৰয়োজনীয় আৰু ৰাইজে এই কথা উপলব্ধি কৰি এইবাৰ স্থিতাৱস্থাৰ বিৰুদ্ধে ভোটদান কৰিছে ।

হিমন্তৰ কেঁচা ঘা এতিয়াও শুকুওৱাই নাই : ৰকিবুল হুছেইন

শনিবাৰে চামগুৰিত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য় কৰে বিধায়ক ৰকিবুল হুছেইনে ৷ ‘হিমন্তৰ কেঁচা ঘা এতিয়াও শুকুওৱাই নাই’ বুলি কঠোৰ সমালোচনাও কৰে বিধায়ক গৰাকীয়ে ৷

ৰাজনৈতিক হিংসাৰ বলি ৰাষ্ট্ৰীয় লোক সমতা দলৰ প্ৰাৰ্থী

আঙুৰা পঞ্চায়তৰ অন্তৰ্গত দত্তগাঁৱত এখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিছিল বিহাৰ বিজেপিৰ মিত্ৰদল ৰাষ্ট্ৰীয় লোক সমতা দলৰ প্ৰাৰ্থী প্ৰণৱ কুমাৰ ৰয়ে ৷ এই জনসভাতেই ৰাজনৈতিক হিংসাৰ বলি হ’ব লগা হৈছিল প্ৰাৰ্থী প্ৰণৱ কুমাৰ ৰয় ৷

COVID ১৯: গোৱাত ১৪৪ ধাৰা আইন জাৰি

গোৱা চৰকাৰে হোলী, সব-ই-বৰাট, ইষ্টাৰ আৰু ঈদ উদযাপনৰ বাবে ১৪৪ ধাৰা আইন জাৰি কৰিছে । জন সমাগমে মহামাৰীৰ সংক্ৰমণৰ আশংকা বৃ্দ্ধি কৰিব বুলি দণ্ডাধীশ অজিত ৰয়ে কয় । যদিহে কোনো ব্যক্তিয়ে এই আইন উলংঘা কৰে, তেন্তে সেই ব্যক্তিক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৮৮ ৰ অধীনত শাস্তি প্ৰদান কৰা হ'ব ।

শচীন তেণ্ডুলকাৰৰ পাছতে ক'ভিড-19 ত আক্ৰান্ত ইউছুফ পাঠান

শচীন তেণ্ডুলকাৰ ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ পাছতে এইবাৰ ক্ৰিকেটাৰ ইউছুফ পাঠান ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ দুয়োগৰাকীয়েই শেহতীয়াকৈ সমাপ্ত হোৱা ৰোড-চেফটি ৱৰ্ল্ড চিৰিজ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছিল ৷

ভূপালত বিমান দুৰ্ঘটনা: ৩ জন লোক আহত

ভূপালত দুৰ্ঘটনাত পতিত হ'ল এখন বিমান । এই দুৰ্ঘটনাত প্ৰশিক্ষণৰ বাবে ব্যৱহৃত বিমানখনত থকা এজন কেপ্টেইন আৰু দুজন প্ৰশিক্ষাৰ্থী পাইলট আহত হয় ।

COVID-১৯ত আক্ৰান্ত অভিনেতা পৰেশ ৰাৱাল

অভিনেতা পৰেশ ৰাৱালৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি । শুক্ৰবাৰে ছ'চিয়েল মিডিয়াযোগে এই কথা প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে । চলিত মাহৰ আৰম্ভণিতে COVID-১৯ৰ প্ৰতিষেধকৰ প্ৰথম খোৰাক গ্ৰহণ কৰিছিল পৰেশ ৰাৱালে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.