বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Sep 24, 2021, 5:02 PM IST

TOP 10 NEWS AT 5 PM

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

ছিপাঝাৰৰ ধলপুৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত ১৪৪ ধাৰা জাৰি

দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অধীনস্থ ধলপুৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চল সমূহত চি.আৰ.পি.চিৰ অধীনত ১৪৪ ধাৰাৰ নিৰ্দেশ জাৰি কৰিছে জিলা দণ্ডাধীশ প্ৰভাতী থাওচেনে ৷ প্ৰশাসনৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব ৷

গৰুখুটিকাণ্ডক বৰ্বৰ আৰু অমানৱীয় আখ্যা ৰাইজৰ দলৰ

ছিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পত সংঘটিত কাৰ্যক বৰ্বৰ আৰু অমানবীয় বুলি আখ্যা দিছে ৰাইজৰ দলে ৷ যোৰহাট জিলা সমিতিৰ ৰাইজৰ দলৰ সভাপতি দিব্যজ্যোতি শৰ্মাই সদৰি কৰে যে, চৰকাৰে নিজৰ সাম্প্ৰদায়িক এজেণ্ডা পূৰ্ণ কৰিবৰ বাবে এনেধৰণৰ কাৰ্য সংঘটিত কৰিছে ৷

পূজাৰ পাচতেই উপ-নিৰ্বাচন বিচাৰিছে দিছপুৰে

আগন্তুক দুৰ্গা পূজাৰ পাচতেই উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে ৰাজ্য চৰকাৰে ৷ কৰ’ণা(Corona) পৰিস্থিতি অসমত ইতিমধ্যে যথেষ্ঠ উন্নত হৈছে আৰু উপ-নিৰ্বাচন অনুষ্ঠিত কৰাত কোনো বাধাৰ সৃষ্টি নকৰিব বুলিও আশা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ।

গৰুখুঁটিৰ ঘটনাক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া: হিমন্ত বিশ্ব সাম্প্ৰদায়িক

দৰঙৰ গৰুখুঁটিত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ(Akhil Gogoi)ৰ । গৰুখুঁটিৰ এই উচ্ছেদ BJP চৰকাৰে পৰিকল্পিতভাৱে সংখ্যালঘু সম্প্ৰদায়টোৰ ওপৰত চলোৱা উচ্ছেদ বুলি উল্লেখ কৰি বিজেপি চৰকাৰখনে সমগ্ৰ পৃথিৱীতে অসমীয়া জাতিটোক লজ্জিত আৰু হেয় প্ৰতিপন্ন কৰিছে বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

দিল্লীৰ ৰোহিণী আদালত চৌহদত তিনিজনক গুলীয়াই হত্যা: দিল্লী আৰক্ষী

উত্তৰ-পশ্চিম দিল্লীৰ ৰোহিণী আদালত চৌহদত গুলীয়াগুলি ৷ গুলীয়াগুলিত নিহত হৈছে তিনিজনকৈ লোক । আহত গেংষ্টাৰ জীতেন্দ্ৰ মন 'গোগী'ক চিকিৎসালয়লৈ প্ৰেৰণ ৷

অসমৰ মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ জালিয়াতি; কিয় গ্ৰেপ্তাৰ পঞ্চতাৰকা হোটেলৰ মেনেজাৰ

অসমৰ মুখ্যমন্ত্ৰীৰ ভুৱা স্বাক্ষৰ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ পত্ৰ প্ৰেৰণ কৰা ঘটনাৰ তদন্ত অব্যাহত থকাৰ মাজতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰাজধানী চহৰখনত থকা এখন পঞ্চতাৰকা হোটেলৰ মেনেজাৰক । মুখ্যমন্ত্ৰীৰ ভুৱা স্বাক্ষৰ কৰা দুজন যুৱকক ধনৰ বিনিময়ত হোটেলত বেলেগ নামত কোঠা বুক কৰি থাকিবলৈ দিছিল মেনেজাৰজনে ।

মঙলদৈত কংগ্ৰেছৰ বিশাল প্ৰতিবাদত বাধা আৰক্ষীৰ

ছিপাঝাৰৰ গৰুখুঁটি(Garukhuti)ত প্ৰশাসনে চলোৱা উচ্ছেদ(Eviction) অভিযানৰ সময়ত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিত দুজন লোক নিহত হোৱাৰ লগতে আহত হৈছিল আৰক্ষীকে ধৰি 10 জনকৈ লোক ৷ গৰুখুঁটি অঞ্চলত দৰং জিলা প্ৰশাসনে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা এই উচ্ছেদ অভিযান আৰু অভিযানৰ সময়চোৱাত দুজনকৈ নিৰীহ লোক নিহত হোৱাৰ ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

দৰঙৰ ঘটনাৰ বিৰুদ্ধে বৰপেটাত প্ৰতিবাদী কাৰ্যসূচী: আৰক্ষীৰ বাধা

দৰঙৰ গৰুখুঁটিত উচ্ছেদ কাৰ্যত বাধা প্ৰদানৰ সময়ত আৰক্ষীৰ গুলিত দুজনকৈ লোক নিহত হোৱা ঘটনাৰ বিৰুদ্ধে বৰপেটাত ৰাইজৰ দল(Raijor Dal), যুৱ বল, কৃষক মুক্তি(KMSS) আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি(SMSS)ৰ প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ৰ পুত্তলিকা দাহৰ কাৰ্যসূচী ৷

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে লখিমপুৰত AJYCP ৰ প্ৰতিবাদ

সমগ্ৰ ৰাজ্যতে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে । লখিমপুৰ জিলাও পৃথক নহ'ল । উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কি কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নেতা-কৰ্মীসকলে ?

কমলা হেৰিছ আৰু প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথমখন বৈঠক

ক'ভিড পৰিস্থিতিৰ সময়ত মাৰ্কিন উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে প্ৰধানমন্ত্ৰীৰ সৈতে ফোনত কথা পাতিছিল যদিও শুকুৰবাৰে শাৰীৰিকভাৱে প্ৰথমখন বৈঠকত মিলিত হয় দুয়োগৰাকী শীৰ্ষ নেতা । প্ৰধানমন্ত্ৰী মোডী আৰু কমলা হেৰিছৰ এই বৈঠকত কেইবাটাও বিষয়ে স্থান লাভ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.