ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা খবৰ

author img

By

Published : Nov 11, 2020, 12:53 PM IST

1 বজাৰ শীৰ্ষ দহটা খবৰ

Top 10 1 P.M
1 বজাৰ শীৰ্ষ দহটা খবৰ

দীপাৱলী উপলক্ষে ডিব্ৰুগড়ত বৃদ্ধি পাইছে মাটিৰ চাকিৰ চাহিদা

ডিব্ৰুগড় জিলাৰ এশ বছৰৰো অধিক পুৰণি এখন বিশেষ বজাৰ । পূৰ্বপুৰুষৰ দিনৰে পৰা ডিব্ৰুগড়ত এই সকল মৃৎ শিল্পীয়ে মাটি চাকি প্ৰস্তুত কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে । বিগত বৰ্ষৰ তুলনাত পোহৰৰ উৎসৱ দীপাৱলীত ডিব্ৰুগড়ত বৃদ্ধি পাইছে মাটি চাকিৰ বিক্ৰী ।

মংগলদৈৰ এজাক শিশুৰ এক ব্যতিক্ৰমী প্ৰয়াস

মংগলদৈৰ এজাক শিশুৰ এক ব্যতিক্ৰমী প্ৰয়াস ৷ দীপাৱলি উপলক্ষে কস্তুৰী শিশু গৃহৰ শিশু সকলৰ মাজত এতিয়া ব্যস্ততাৰ অন্ত নাই ৷ সেউজ পৃথিৱী গঢ়াৰ লক্ষ্যৰে নতুন ৰূপেৰে সাজি উলিয়াইছে ৰং বিৰঙৰ মাটিৰ চাকি ৷ মঙলদৈ চহৰৰ বাবে এই চাকি হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ৷

হাগ্ৰামা যদি ক’লা মেকুৰী তেন্তে হিমন্ত ডকাইত : কোনে ক’লে ?

তুংগত উঠিছে বিটিচিৰ নিৰ্বাচনী যুঁজ ৷ নিজ নিজ দলক শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ উঠি-পৰি লাগিছে সকলো দলীয় নেতা-কৰ্মী ৷ বাক্সা জিলাৰ ২৯ নং শুক্লাইছেৰফাং পৰিষদীয় সমষ্টিত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে গণেশ কছাৰীৰ হৈ এখন নিৰ্বাচনী সভাত অংশ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

চিপ লোৱা অৱস্থাত উদ্ধাৰ বেংক মেনেজাৰৰ মৃতদেহ

হোজাইত বেংক মেনেজাৰৰ মৃতদেহ উদ্ধাৰ । চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে পাঞ্জাৱ নেশ্যনেল বেংকৰ মেনেজাৰ মৃদুল দাস । ৰহস্যজনক অৱস্থাত মেনেজাৰৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল‍্যৰ । হোজাইৰ গোবিন্দপল্লীত উদ্ধাৰ কৰা হৈছে বেংক মেনেজাৰজনৰ মৃতদেহ । শোৱনি কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃদুল দাসৰ মৃতদেহ ।

ভাৰত-বাংলাদেশৰ বাণিজ্যিক সম্পৰ্কৰ সাক্ষী হ'ল কৰিমগঞ্জ

বাংলাদেশৰ নাৰায়নগঞ্জৰ পৰা কুছিয়াৰা নৈৰে কৰিমগঞ্জ বন্দৰত আহি উপস্থিত হয় ছিমেন্টভৰ্তি এখন জাহাজ । জাহাজখনক আদৰণি জনালে বিএছএফৰ জোৱানৰ লগতে কৰিমগঞ্জ জিলা প্ৰশাসনিক বিষয়া সকলে ৷

আমগুৰিৰ নামতিত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

আমগুৰিৰ ঐতিহাসিক কিৰাই আলি নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ | ঠিকাদাৰ আৰু বিভাগীয় কাৰ্যবাহী অভিযন্তাৰ চূড়ান্ত হেমাহিৰ বাবে পথটো নিৰ্মাণত অনিয়ম সংঘটিত হৈছে | শীঘ্ৰে পথটো সঠিকভাৱে নিৰ্মাণ নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ দিছে স্থানীয় লোক তথা দল সংগঠনে ৷

বৰদোৱাৰ পিচত সংখ্যালঘুৰ টাৰ্গেট শংকৰদেৱ কলাক্ষেত্ৰ : হিমন্ত বিশ্ব শৰ্মা

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া তীব্ৰতৰ হৈছে শাসকীয় আৰু বিৰোধী পক্ষৰ নেতা-মন্ত্ৰীৰ বাকযুদ্ধ । সাংসদ মৌলানা বদৰুদ্দিন আজমলক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি ল'লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী হিমন্তৰ মতে আজমল আৰু শ্বেৰমানৰ দৰে সংখ্যালঘু নেতাই ‘কা’ বিৰোধী আন্দোলনৰ পৰাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰক লক্ষ্য কৰি লৈছে ।

বিশ্ব প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা পাব বিডেনৰ কাৰ্যকালত!

প্ৰাক্তন দূত অশোক সজ্জনাৰৰ মতে বিডেনৰ কাৰ্যকালত সংযুক্ত ৰাষ্ট্ৰ আৰু সহযোগী দেশসমূহৰ মাজত স্বাভাৱিক কূটনৈতিক বিনিময় পুনৰুদ্ধাৰ কৰা হ'ব ৷ তেওঁৰ মতে পূৰ্বৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মাৰ্কিন বৈদেশিক নীতি বুজি পোৱাত ব্যৰ্থ হোৱাৰ পৰিৱৰ্তে বিডেনৰ কালছোৱাত দ্বিপাক্ষিক সম্বন্ধ স্থাপনৰ ক্ষেত্ৰত অধিক স্থিৰতা আহিব বুলি আশা কৰিব পৰা যায় ৷

নিৰ্বাচনঃ ঘনে ঘনে সলনি হৈছে বিটিচিৰ ৰাজনৈতিক প্ৰেক্ষাপট

বাক্সাৰ নিমুৱাত এক সংবাদমেল সম্বোধন কৰি কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীয়ে ইউ পি পি এলক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে । সংবাদমেলত কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ কেন্দ্ৰীয় সম্পাদক উত্তম কুমাৰ ৰয়ে সদৰি কৰে এই কথা ৷

ফিল'বাৰীৰ শিক্ষানুষ্ঠানলৈ অসম চৰকাৰৰ পঞ্চাশ লাখ

তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলৰ শিক্ষানুষ্ঠানৰ আন্তঃগাঁঠনি আৰু শৈক্ষিক পৰিবেশ উন্নীত কৰণৰ বাবে চৰকাৰে আগবঢ়াইছে বিশেষ অৰ্থ সাহায্য ৷ অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ জৰিয়তে ফিল'বাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ ভৱন উন্নয়নৰ বাবে বিছ লাখ টকা আগবঢ়োৱা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.