ETV Bharat / state

Anti Child Marriage Drive : মুখ্য ন্যায়াধীশৰ হস্তক্ষেপ বিচাৰি ৰিপুন বৰাৰ পত্ৰ

author img

By

Published : Feb 6, 2023, 9:24 PM IST

অসম আৰক্ষীক পুতলাৰ দৰে ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ চৰকাৰে আইন-শৃংখলা ভংগ কৰাৰ পৰিণাম ভোগ কৰিব ৷ এই কথা উল্লেখ কৰা হৈছে অসম তৃণমূল কংগ্ৰেছ এখন পত্ৰ ৷ বাল্য বিবাহৰ বিৰুদ্ধে শেহতীয়া ৰাজ্য চৰকাৰে চলোৱা অভিযানৰ পন্থাৰ বিৰোধিতা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ হস্তক্ষেপ বিচাৰিছে তৃণমূল কংগ্ৰেছে (Ripun Bora wrote letter to Gauhati High Court) ৷

Anti Child Marriage Drive
মুখ্য ন্যায়াধীশৰ হস্তক্ষেপ বিচাৰি ৰিপুণ বৰাৰ পত্ৰ

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰী : বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰে অব্যাহত ৰখা কঠোৰ অভিযানে সমগ্ৰ দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে ৷ অসমত বৃহস্পতিবাৰৰ নিশাৰে পৰা আৰম্ভ হোৱা বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান এতিয়াও চলি আছে জোৰদাৰ গতিত ৷ ঠায়ে ঠায়ে ইয়াক কেন্দ্ৰ কৰি বিক্ষিপ্ত আৰু উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছে (Anti Child Marriage Drive in Assam)৷

ক'ৰবাত যদি বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোকৰ পৰিয়ালৰ সদস্যই ঐক্যবদ্ধ হৈ থানা ঘেৰাও কৰিছে, আন কৰবাত আকৌ হতাশা আৰু আতংকত ভুগি কোনোবাই আত্মহত্যা কৰিছে বা আত্মহত্যাৰ চেষ্টা চলাইছে ৷ মুঠতে বাল্য বিবাহক কেন্দ্ৰ কৰি এক চৰম অস্থিৰতাই এতিয়া বিৰাজ কৰিছে অসমত ৷ ইয়াৰ মাজতে সোমবাৰে এই গোটেই বিষয়টো সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ হস্তক্ষেপ বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই (Ripun Bora wrote letter to Gauhati High Court)৷

Anti Child Marriage Drive
মুখ্য ন্যায়াধীশৰ হস্তক্ষেপ বিচাৰি ৰিপুণ বৰাৰ পত্ৰ

মুখ্য ন্যায়াধীশলৈ আজি প্ৰেৰণ কৰা পত্ৰখনত বৰাই কয় যে বাল্য বিবাহ ৰোধ কৰাৰ নামত অসম চৰকাৰে হুৰমুৰকৈ চলোৱা এই অভিযানে এতিয়া বহুতৰে জীৱন অন্ধকাৰ কৰি তুলিছে ৷ বাল্য বিবাহ আইন-২০০৬ প্ৰয়োগ কৰাৰ নামত আচলতে সাধাৰণ নাগৰিকৰ মাজত চৰকাৰে অশান্তিৰহে সৃষ্টি কৰিছে ৷ কোনোধৰণৰ আগতীয়া জাননী নিদিয়াকৈ বা সাধাৰণ জনতাই আইনখনৰ বিষয়ে জানিব পৰাকৈ কোনো সজাগতা অভিযান আদি নচলোৱাকৈ কেৱল মুখ্যমন্ত্ৰীৰ (CM Himanta Biswa Sarma) মুখৰ কথাতেই হাজাৰ হাজাৰ লোকক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

পত্ৰখনত ৰিপুন বৰাই আৰু কয় যে কোনোধৰণৰ FIR নোহোৱাকৈয়ে এইদৰে হাজাৰ হাজাৰ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ মুখ্য ন্যায়াধীশলৈ দিয়া পত্ৰখনত ৰিপুন বৰাৰ অভিযোগ - "মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা এই নাটকখনত অসম আৰক্ষীক পুতলাৰ দৰে ব্যৱহাৰ কৰা হৈছে৷" পত্ৰখনত বৰাই এইবুলিও উল্লেখ কৰে এখন চৰকাৰৰ প্ৰাথমিক দায়িত্বটোৱেই হৈছে ৰাজ্যখনত শান্তি আৰু আইন শৃংখলা বজাই ৰখা ৷ কিন্তু চৰকাৰে যেতিয়া নিজেই শান্তি আৰু আইন শৃংখলা ভংগ কৰে তেতিয়া তাৰ পৰিণাম আৰু অধিক ভয়ংকৰ হৈ উঠে ৷

গতিকে বাল্য বিবাহ আইন-২০০৬ প্ৰয়োগ কৰাৰ নামত ৰাজ্য চৰকাৰে যি ধৰণৰ বিধি ব্যৱস্থা গ্ৰহণ কৰি হুৰমুৰকৈ কেতবোৰ কাম কৰিবলৈ আৰম্ভ কৰিছে সেই সমগ্ৰ বিষয়টোত মুখ্য ন্যায়াধীশৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছে অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে (Assam TMC president Ripun Bora)৷

লগতে পঢ়ক: Anti Child Marriage Drive : চৰকাৰে চলোৱা বাল্য বিবাহবিৰোধী অভিযান বে-আইনী: অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.