ETV Bharat / state

Thieves Snatch IPS Cell Phone : গুৱাহাটীত অসুৰক্ষিত খোদ শীৰ্ষ আৰক্ষী বিষয়া!

author img

By

Published : Jul 23, 2023, 1:56 PM IST

গুৱাহাটীত চিলনী চোৰে থপিয়াই নিলে অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ উপ-মহাপৰিদৰ্শক বিবেকৰাজ সিঙৰ মোবাইল ফোন ৷ দেওবাৰে প্ৰাতঃভ্ৰমণলৈ যোৱা সময়ত সংঘটিত হয় এই ঘটনা ৷

Thieves Snatch IPS Vivek Raj Singhs Cell Phone
গুৱাহাটীত অসুৰক্ষিত খোদ শীৰ্ষ আৰক্ষী বিষয়া

গুৱাহাটী, 23 জুলাই: গুৱাহাটী মহানগৰীত সংঘটিত হৈছে অভাৱনীয় ঘটনা । জনসাধাৰণৰ সেৱাত বৰ্তি থকা আৰক্ষী বিষয়াকে টাৰ্গেট কৰিলে চোৰে । মহানগৰীত এইবাৰ চোৰৰ টাৰ্গেট হ’ল অসম আৰক্ষীৰ শীৰ্ষ বিষয়া । নিৰাপত্তাহীনতাত খোদ আৰক্ষীৰ শীৰ্ষ বিষয়া । গুৱাহাটী মহানগৰীত চিলনী চোৰৰ টাৰ্গেট এইবাৰ হ’ল IPS বিষয়া ।

উল্লেখ্য যে, দেওবাৰে প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়ত IPS বিষয়া তথা ৰাজ্যৰ আইন-শৃংখলা শাখাৰ উপ-মহাপৰিদৰ্শক বিবেকৰাজ সিংৰ পৰা চিলনী চোৰে কাঢ়ি নিলে মোবাইল । জানিব পৰা মতে, অসম আৰক্ষীৰ আইন শৃংখলাৰ DIG বিবেকৰাজ সিঙে দেওবাৰে প্ৰাতঃভ্ৰমণলৈ যোৱা সময়ত উলুবাৰীৰ মাজাৰ ৰোডৰ পৰা চিলনী চোৰে কাঢ়ি লৈ যায় মোবাইল । আৰক্ষী বিষয়াজনৰ পৰা মোবাইল কাঢ়ি লৈ যোৱা ঘটনাই মহানগৰ আৰক্ষীৰ নিদ্ৰাহৰণ কৰিছে । চিলনী চোৰ বিচাৰি এতিয়া হাহাকাৰ লাগিছে মহানগৰ আৰক্ষীৰ মাজত । অৱশ্যে এই ঘটনা সম্পৰ্কে এতিয়ালৈ মুখ খোলা নাই মহানগৰ আৰক্ষীয়ে । দিনক দিনে চিলনী চোৰৰ উপদ্ৰৱ বৃদ্ধি হোৱা গুৱাহাটী মহানগৰীত এতিয়া আৰক্ষীও যে সুৰক্ষিত নহয় সেয়া পৰিলক্ষিত হৈছে ।

প্ৰশ্ন উত্থাপন হৈছে, গুৱাহাটী মহানগৰীত যদি খোদ আৰক্ষীয়ে সুৰক্ষিত নহয় তেতিয়া হ’লে কিদৰে সুৰক্ষিত সাধাৰণ জনতা ৷ উল্লেখ্য যে, যোৱা দেওবাৰৰ নিশা ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বী তপন কুমাৰ ডেকাৰ বাসগৃহতে চোৰে চলাইছিল চাফাই অভিযান । মহানগৰীৰ হেঙেবাৰীৰৰ গোপালকৃষ্ণ পথৰ 33 নং বাসগৃহত সংঘটিত হৈছে এই চুৰিকাণ্ড । শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ অনুপস্থিতিৰ সুযোগ লৈ চোৰে চলাইছিল চাফাই অভিযান । লক্ষণীয় বিষয় যে, ডেকাৰ ঘৰত সোমোৱা চোৰৰ সন্ধানত আৰক্ষীয়ে দিন ৰাতি একাকাৰ কৰিছে যদিও কোনো শুংসূত্ৰ পাবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক : Draught weather in Assam : হোজাইৰ পথাৰত চিৰাল ফাঁট; মূৰে কপালে হাতে দিছে কৃষকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.