ETV Bharat / state

মালিগাঁৱত চাঞ্চল্যকৰ চুৰিকাণ্ড

author img

By

Published : Mar 18, 2019, 11:55 PM IST

মালিগাঁৱত চাঞ্চল্যকৰ চুৰিকাণ্ড

আৰক্ষীৰ চকুত ধুলি মাৰি দিন-দুপৰতে চোৰে চলালে চাফাই অভিযান

গুৱাহাটী,18 মাৰ্চঃ অপৰাধীৰ মহানগৰলৈহে যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ কিছুদিনৰ পৰা মহানগৰীত সংঘটিত হৈ থকা চুৰি ডকাইতিৰ চাঞ্চল্য মাৰ নৌযাওঁতেই সোমবাৰে পুনৰ মহানগৰীৰ মালিগাঁওত সংঘটিত হল চুৰিৰ ঘটনা ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ জালুকবাৰী আৰক্ষী থানাৰ কিছু নিলগত থকা মালিগাঁৱৰ আনন্দ নগৰৰ সুনিৰ্মল চক্ৰৱৰ্তী নামৰ লোকজনৰ ঘৰত দিন-দুপৰতে চোৰে চলালে লুটপাত অভিযান ৷

মালিগাঁৱত চাঞ্চল্যকৰ চুৰিকাণ্ড

ব্যক্তিজনৰ ঘৰৰ পৰা চোৰে লুটি নিয়ে নগদ ৫০ হাজাৰ টকাৰ লগতে বহু পৰিমানৰ আ-অলংকাৰ ৷ বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্নিফাৰ ডগেৰে আৰম্ভ কৰিছে তদন্তৰ অভিযান ৷ আৰক্ষীৰ নিশ্চিদ্ৰ নিৰাপত্তা থকাৰ পিছতো কিদৰে সংঘটিত হয় চুৰিকাণ্ড সংঘটিত ইয়াক লৈ এতিয়া প্ৰশ্ন উদয় হৈছে অঞ্চলবাসীৰ মনত । উল্লেখ্য যে ইয়াৰ পূৰ্বেও বহু কেইবাৰ উক্ত অঞ্চলত সংঘটিত হৈছিল চুৰিকাণ্ডৰ ঘটনা ।

Intro:Body:

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.