ETV Bharat / state

Syndicate in Assamese film industry : ছিণ্ডিকেটৰ পৰা মুক্ত নহয় অসমীয়া চলচ্চিত্রৰ ক্ষেত্রখন- শৈলেন শৰ্মা

author img

By

Published : Aug 17, 2023, 5:40 PM IST

Updated : Aug 17, 2023, 6:30 PM IST

'শ্ৰী ৰঘুপতি'ৰ প্ৰয়োজনাৰে অভূতপূৰ্ব সফলতা লাভ কৰাৰ পাচতো অসমীয়া ছবি জগতৰ সাম্প্ৰতিক পৰিৱেশটোক লৈ মুঠেই সন্তুষ্ট নহয় প্ৰয়োজক শৈলেন শৰ্মা । ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাতকাৰত ক’লে সন্মুখীন হোৱা পৰিস্থিতিৰ বহু কথা ।

Syndicate in assamese film industry, Interview of producer of film Sri raghupati
ইটিভি ভাৰতৰে আছুতীয়া সাক্ষাতকাৰ

ইটিভি ভাৰতৰে আছুতীয়া সাক্ষাতকাৰ

গুৱাহাটী,১৭ আগষ্ট: ৰাজ্যৰ বিভিন্ন ক্ষেত্রত চলি থকা 'ছিণ্ডিকেট'ৰ পৰা মুক্ত নহয় অসমীয়া ছবি জগতৰ ক্ষেত্রখনো । অসমীয়া ছবি জগতৰ ক্ষেত্রখনতো চলি আছে বিয়াগোম ছিণ্ডিকেট । এই কথা আমি কোৱা নাই। এই বিস্ফোৰক অভিযোগ অসমীয়া ছবি জগতত অভিলেখ সৃষ্টি কৰা 'শ্ৰী ৰঘুপতি' ছবিখনৰ প্ৰয়োজক শৈলেন কুমাৰ শৰ্মাৰ ।

পৃথক এটা কৰ্মক্ষেত্রৰ পৰা ছবি জগতত প্ৰৱেশ কৰিয়েই প্ৰথম চিনেমা হিচাপে 'শ্ৰী ৰঘুপতি'ৰ প্ৰয়োজনা কৰি অভূতপূৰ্ব সফলতা লাভ কৰাৰ পাচতো অসমীয়া ছবি জগতৰ সাম্প্ৰতিক পৰিৱেশটোক লৈ মুঠেই সন্তুষ্ট নহয় প্ৰয়োজক শৈলেন শৰ্মা । ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাতকাৰত তেওঁ অসমীয়া ছবি জগতত প্ৰৱেশ কৰি সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে । অসমীয়া ছবি জগতখনৰ সম্প্ৰতিক পৰিস্থিতিক লৈ তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰে।

বাণিজ্যিকভাৱে অভিলেখ সৃষ্টি কৰা 'শ্ৰী ৰঘুপতি' ছবিখন মুক্তিৰ পাচত দৰ্শকৰ মাজলৈ নিয়াৰ বাবে তেওঁ সন্মুখীন হোৱা সমস্যাৰ কথা সদৰি কৰি কয় যে প্ৰকৃততে অসমীয়া ছবি জগতৰ ক্ষেত্রখনত ডাঙৰ ছিণ্ডিকেট চলি আছে । কোনো ধৰণৰ অৰিহণা নোহোৱাকৈ ফিল্ম ডিষ্টিবিউটৰে চিনেমা হলত ছবি চলোৱাৰ নামত প্ৰয়োজকৰ পৰা মোটা অংকৰ ধন লৈ আহিছে। প্ৰত্যক্ষভাৱে ছবিগৃহত ছবি এখন দিয়াটো প্ৰয়োজকৰ বাবে সহজ নহয় বাবে ডিষ্টিবিউটৰৰ কাষ চাপিব লগা হয় আৰু তাৰেই সুযোগ গ্ৰহণ কৰি ডিষ্টিবিউটৰে বৃহৎ কমিচন আদায় কৰি আহিছে। একপ্ৰকাৰ একচেটিয়া ব্যৱসায় কৰি আহিছে। আনহাতে ছবিগৃহৰ মালিকসকলেও সমস্যাৰ সন্মুখীন হৈ আহিছে বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে আসাম ষ্টেট ফিল্ম পলিচী ৰুলচ-২০১৯ অনুসৰি অসমীয়া ছবিৰ ক্ষেত্রত বক্স অফিচৰ সংগৃহিত ধনৰ অংশ ছবিগৃহৰ মালিক আৰু প্ৰয়োজকৰ মাজত আধা আধা হ’ব লাগে । কিন্তু তেওঁ শ্ৰী ৰঘুপতিৰ ক্ষেত্রত তেওঁৰ নিজৰ অংশৰ ১০ শতাংশ ছবি বিতৰক অৰ্থাৎ ফিল্ম ডিষ্টিবিউটৰক দিবলগীয়া হৈছে । তেওঁ কয় যে অসমীয়া ছবি জগতৰ ক্ষেত্রখনত বৰ্তমান সময়ত অৰাজকতাৰ পৰিৱেশে বিৰাজ কৰিছে। এইক্ষেত্রত তেওঁ চৰকাৰে উদ্যোগ গ্ৰহণ কৰাটো কামনা কৰে ।

লগতে পঢ়ক: Jatin Bora at Morigaon: 42 ৰ স্বাধীনতা আন্দোলনৰ পটভূমিত বিৰচিত মহদা গোঁসাই নাট মঞ্চায়নত উপস্থিত যতীন বৰা

Last Updated : Aug 17, 2023, 6:30 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.