ETV Bharat / state

কামাখ্যা ৰে'ল ষ্টেচনত চাফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Aug 18, 2020, 7:27 PM IST

মংগলবাৰে পুৱাৰ ভাগত মহানগৰীৰ কামাখ্যা ষ্টেচনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ষ্টেচনৰ সন্মুখত প্ৰতিবাদত বহিল একাংশ চাফাই কৰ্মী ।

swiper protest at guwahati
কামাখ্যা ৰে'ল ষ্টেচনত চাফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী, 18 আগষ্ট : মংগলবাৰে পুৱাৰ ভাগত মহানগৰীৰ কামাখ্যা ষ্টেচনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ষ্টেচনৰ সন্মুখত প্ৰতিবাদত বহিল একাংশ চাফাই কৰ্মী । কোনো জাননী নিদিয়াকৈ ৰে'ল বন্ধৰ অজুহাতত 30 জনকৈ চাফাই কৰ্মীক অব্যাহতি দিয়াৰ অভিযোগ উত্থাপিত হৈছে । Impression services pvt Ltd নামৰ এটা কোম্পানীৰ অধীনত কাম কৰি আছিল চাফাই কৰ্মীসকলে । কোম্পানীটোৰ এই কাৰ্যক নীতি বৰ্হিভূত আখ্যা দিয়ে চাফাই কৰ্মীসকলে ।

কামাখ্যা ৰে'ল ষ্টেচনত চাফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ

কৰ'ণাৰ ভয়াৱহতাৰ মাজতো দিনে নিশাই কৰ্তব্য পালন কৰি আছিল এইসকল চাফাই কৰ্মীয়ে । যাৰ বাবে হঠাৎ এই সিন্ধান্ত শুনি ক্ষুব্ধ হৈ পৰে চাফাই কৰ্মীসকল । লগতে তেওঁলোকে কোম্পানীটোৰ এই হঠকাৰী সিন্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক : কোভিড-19ৰ বিৰুদ্ধে যুঁজিবলৈ নেপালৰ সৈতে ঠিয় দিছে ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.