ETV Bharat / state

কটন বিশ্ববিদ্যালয়ত SWAYAM - NPTEL সম্পৰ্কে সজাগতা কৰ্মশালা

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 10:21 PM IST

সোমবাৰে কটন বিশ্ববিদ্যালয়ত SWAYAM - NPTEL সম্পৰ্কে এক সজাগতা কৰ্মশালা অনুষ্ঠিত হয় ৷ কৰ্মশালাখনৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে এন পি টি ই এলৰ কাৰ্যালয়ৰ জ্যেষ্ঠ প্ৰবন্ধক আই আই টি মাদ্ৰাজৰ শিৱ শংকৰ দাসে ৷

SWAYAM NPTEL Awareness Workshop
কটন বিশ্ববিদ্যালয়ত সজাগতা কৰ্মশালা

গুৱাহাটী, 20 নৱেম্বৰ: এন পি টি ই এল (নেচনেল প্ৰগ্ৰেম অন টেকন’লজি এনহেন্সড লাৰ্নিং), আই আই টি মাদ্ৰাজৰ সহযোগত সোমবাৰে কটন বিশ্ববিদ্যালয়ত SWAYAM - NPTEL সম্পৰ্কে এক সজাগতা কৰ্মশালা অনুষ্ঠিত হয় ৷ কৰ্মশালাখনৰ মূল উদ্দেশ্য হ‘ল এন পি টি ই এলৰ অংশগ্ৰহণকাৰীসকলক অনলাইন চাৰ্টিফিকেট পাঠ্যক্ৰম, পৰীক্ষা প্ৰক্ৰিয়া, ক্ৰেডিট ট্ৰেন্সফাৰ, এফ ডি পি পাঠ্যক্ৰম, ডমেইন চাৰ্টিফিকেট, এন পি টি ই এল চেলফ পেচড পাঠ্যক্ৰম, এন পি টি ই এলৰ জৰিয়তে ইন্টাৰ্ণশ্বিপ আৰু চফ্ট স্কীল প্ৰশিক্ষণ, এন পি টি ই এলৰ সৈতে অংশীদাৰিত্বৰ উপায় হিচাপে স্থানীয় অধয়নৰ ধাৰণা আৰু অন্যান্য বহুতো ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগী পদক্ষেপ ৷

SWAYAM NPTEL Awareness Workshop
SWAYAM - NPTEL সম্পৰ্কে সজাগতা কৰ্মশালা

কৰ্মশালাখনৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে এন পি টি ই এলৰ কাৰ্যালয়ৰ জ্যেষ্ঠ প্ৰবন্ধক আই আই টি মাদ্ৰাজৰ শিৱ শংকৰ দাসে ৷ তেওঁ ভাৰতত অনলাইন শিক্ষণক জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত মূখ্য ভূমিকা গ্ৰহণ কৰি আহিছে ৷ এন পি টি ই এল পাঠ্যক্ৰমে নিয়োগৰ ক্ষেত্ৰত উদ্যোগসমূহে কি বিচাৰে আৰু শিক্ষানুষ্ঠানসমূহে প্ৰদান কৰি অহা শিক্ষাৰ পাঠ্যক্ৰমৰ মাজত এক সাঁকোৰ দৰে কাম কৰি আহিছে ৷

তেওঁ কয় NPTEL-ৰ প্ৰধান উদ্দেশ্য ছাত্ৰ-ছাত্ৰীসকলক নিয়োগযোগ্য কৰি তোলা ৷ দাসে অংশগ্ৰহণকাৰী অধ্যাপকসকলক CAS (Career Advancement Scheme) ভিত্তিক প্ৰমোচনৰ বাবে NPTEL অনলাইন চাৰ্টিফিকেট পাঠ্যক্ৰমৰ কথা বিবেচনা কৰিবলৈ আৰু জ্ঞানৰ নতুন ডমেইন অন্বেষণ কৰিবলৈও আহ্বান জনায় তেওঁ ৷

তেওঁ লগতে কয় যে “এনপিটিইএলে কেৱল ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলকহে সেৱা আগবঢ়াই তেনে নহয়, উদ্যোগৰ পেছাদাৰীসকলকো সেৱা আগবঢ়ায় ৷ কাৰণ বহু উদ্যোগে এই পাঠ্যক্ৰমসমূহ ব্যৱহাৰ কৰি নিজৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণ দি আছে ৷” তেওঁ অনলাইন পাঠ্যক্ৰমৰ বৈশিষ্ট্য যেনে পাঠ্যক্ৰমৰ বিষয়বস্তু, শিক্ষণৰ সময়সীমা, এচাইনমেণ্টৰ প্ৰকাৰ আৰু জমা দিয়াৰ সময়সীমা, গ্ৰেডিং পেটাৰ্ণ, প্ৰমাণপত্ৰ পৰীক্ষা, পৰীক্ষাৰ মাচুল আৰু মাচুল ৰেহাইৰ বাবে নিয়ম আদিৰ বিষয়ে কয় ৷

কৰ্মশালাৰ অন্তত এক মত-বিনময় পৰ্বও অনুষ্ঠিত হয় ৷ অনুষ্ঠানৰ আদৰণি ভাষণত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক শিক্ষণ, ব্যক্তিত্ব বিকাশ আদিৰ বাবে স্বয়মৰ অধীনত আগবঢ়োৱা বিভিন্ন অনলাইন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে উৎসাহিত কৰিবলৈ অনুৰোধ জনায় ৷ উদ্বোধনী অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক গণেশ চন্দ্ৰ ৱাৰী আৰু কটন বিশ্ববিদ্যালয়ৰ গৱেষণা আৰু উন্নয়নৰ ডীন অধ্যাপক মহাদেৱ পাটগিৰিও উপস্থিত থাকে ৷

কটন বিশ্ববিদ্যালয়ৰ স্বয়মৰ সমন্বয়ক তথা কৰ্মশালাৰ আহ্বায়ক ড৹ মানস জ্যোতি কাকতিৰ ধন্যবাদ জ্ঞাপনেৰে কৰ্মশালাৰ সামৰণি পৰে ৷ সহযোগী অধ্যাপিকা ড৹ সংগীতা বৰঠাকুৰে আঁত ধৰা কৰ্মশালাখনত কটন বিশ্ববিদ্যালয়ৰ লগতে অন্যান্য শিক্ষানুষ্ঠান যেনে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, দক্ষিণ কামৰূপ মহাবিদ্যালয়, শৰাইঘাট মহাবিদ্যালয়, নেচনেল ল’(আইন) বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমীৰ শিক্ষকসকলেও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : বাঘজানত আৰম্ভ প্ৰথম বাৰ্ষিক ৰাজ্যিক পৰ্যায়ৰ আমন্ত্ৰণমূলক মহিলা ফুটবল প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.