ETV Bharat / state

ভুৱা কিন্নৰ সন্দৰ্ভত গুৰুতৰ অভিযোগ স্বাতী বিধান বৰুৱাৰ

author img

By

Published : Sep 7, 2021, 1:08 PM IST

Transgender press meet
ভুৱা কিন্নৰ সন্দৰ্ভত গুৰুতৰ অভিযোগ স্বাতি বিধান বৰুৱাৰ

ভুৱা কিন্নৰক সহযোগ কৰি আহিছে একাংশ খ্ৰীষ্টান সংগঠনে । ভুৱা কিন্নৰে বিক্ষিপ্ত ঘটনা সংঘটিত কৰিছে । এই বিষয়ত নিৰীক্ষণ কৰিবলৈ টাস্ক ফ’ৰ্চ গঠন কৰা হ'ব । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে স্বাতী বিধান বৰুৱাই ।

গুৱাহাটী, ৭ ছেপ্তেম্বৰ : ভুৱা কিন্নৰেৰে ভৰি পৰিছে ৰাজ্য । ভুৱা কিন্নৰে সমস্যাৰ সৃষ্টি কৰিছে প্ৰকৃত কিন্নৰসকলৰ বাবে । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি কেতবোৰ ভয়ংকৰ তথ্য প্ৰকাশ কৰে অসমৰ সৰ্বপ্ৰথম তৃতীয় লিংগৰ ন্যায়াধীশ স্বাতী বিধান বৰুৱাই । বৰুৱাই অভিযোগ তোলে যে, ভুৱা কিন্নৰলৈ সহযোগিতা আগবঢ়াইছে ৰাজ্যৰ একাংশ খ্ৰীষ্টান সংগঠনে ।

এই সংগঠনবোৰে অসমৰ একাংশ কিন্নৰক ধৰ্মান্তকৰণৰো প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আনহাতে, বহু ভুৱা কিন্নৰে বৰ্তমান বিক্ষিপ্ত ঘটনা সংঘটিত কৰি আছে । এইবোৰ কিন্নৰৰ পৰিয়াল আছে বুলি অভিযোগ উত্থাপন হৈছে । এনে ধৰণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এতিয়া টাস্ক ফ’ৰ্চ গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । এই টাস্ক ফ’ৰ্চত ইণ্টেলিজেন্স ব্যুৰ’ৰ এগৰাকী বিষয়াও থাকিব ।

তৃতীয় লিংগৰ কোনগৰাকী ব্যক্তি কোন ৰাজ্যৰ পৰা আহিছে এই সকলোবোৰ নিৰীক্ষণ কৰিব টাস্ক ফ’ৰ্চে । ভুৱা কিন্নৰৰ সৈতে একাংশ সাংবাদিকো জড়িত হৈ আছে বুলি স্বাতী বিধান বৰুৱাই অভিযোগ উত্থাপন কৰে ।

কিন্নৰক লৈ এতিয়া একাংশই ছিণ্ডিকেট চলাইছে বুলিও তেওঁ গুৰুতৰ অভিযোগ তোলে । সম্প্ৰতি ৰাজ্যত ৫ হাজাৰৰো অধিক ভুৱা কিন্নৰ আছে । অকল গুৱাহাটীতে প্ৰায় ৭০০-৮০০ গৰাকী কিন্নৰ আছে বুলি তেওঁ জানিবলৈ দিয়ে। সোমবাৰে ট্ৰেন্সজেণ্ডাৰ ৱেলফেয়াৰ ব’ৰ্ডৰ তৰফৰ পৰা সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য ৰাজহুৱা কৰা হয় ।

লগতে পঢ়ক: কামৰূপ(ম) উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত AJYCP ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.