ETV Bharat / state

Swachh competition in Guwahati:দুৰ্গা পূজাত গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 4:00 PM IST

Durga Puja 2023 in Guwahati
গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া

শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথোঁ কেইটামান দিন । দুৰ্গা পূজাৰ দিন চমু চাপি অহাৰ লগে লগে সাজু হৈছে গুৱাহাটী পৌৰ নিগম । এইবাৰ স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰদান কৰিছে গুৰুত্ব ।

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া

গুৱাহাটী, ১৬ অক্টোবৰ: শৰতে আনিছে দেৱী দুৰ্গাৰ আগমনৰ বতৰা ৷ শৰতৰ লগে লগে ধৰালৈ নামি আহিছে দেৱী দুৰ্গা । দেৱী দুৰ্গা নামি আহিছে মৰ্ত্যলৈ । দুষ্টক দমন আৰু শান্তক পালন কৰিবলৈ দেৱীৰ আগমন । দুৰ্গা পূজাৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ত হৈ পৰিছে সকলো । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ব্যাপক আয়োজন চলিছে দুৰ্গা পূজাৰ । ব্য়স্ত হৈছে আয়োজকসকল । সাজু হৈছে গুৱাহাটী পৌৰ নিগম ।

শাৰদীয় দুৰ্গা পূজাৰ বাবে গুৱাহাটীত গুৱাহাটী পৌৰ নিগমে আয়োজন কৰিছে বিশেষ স্বচ্ছতা প্ৰতিযোগিতা। এইবাৰ মহানগৰীৰ পূজা সমিতিসমূহৰ মাজত অনুষ্ঠিত হ'ব স্বচ্ছতা প্ৰতিযোগিতা । সোমবাৰে এই বিষয়ে এক সংবাদমেল যোগে সদৰী কৰিছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই । তেওঁ কয় যে গুৱাহাটীখন স্বচ্ছ কৰি ৰখাৰ উদ্দেশ্যে এইবাৰ স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । পূজা সমিতিয়ে ইয়াৰ বাবে প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰিব লাগিব বুলি উল্লেখ কৰি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই পুনৰ কয় যে কাগজৰ গ্লাছ, প্লেট ব্যৱহাৰ, বাঁহ-বেতৰ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগিব । পূজা মণ্ডপৰ ভিতৰৰ লগতে কাষৰীয়া ঠাই পৰিস্কাৰ হৈ থাকিব লাগিব বুলিও তেওঁ উল্লেখ কৰে।

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই স্বচ্ছতা প্ৰতিযোগিতাৰ পুৰস্কাৰৰ বিষয়ে উল্লেখ কৰি কয় যে প্ৰথম পুৰস্কাৰ ২৫ খন পূজা সমিতিলৈ ১০ হাজাৰকৈ টকাকৈ আগবঢ়োৱা হ'ব । আনহাতে, দ্বিতীয় পুৰস্কাৰ হিচাপে ৫০ খন পূজা সমিতিলৈ ৭ হাজাৰকৈ টকা, তৃতীয় পুৰস্কাৰ ১০০ খন পূজা সমিতিলৈ ৫ হাজাৰ টকাৰ লগতে মানপত্ৰও প্ৰদান কৰা হ'ব । এই প্ৰতিযোগিতা নিৰীক্ষণৰ বাবে থাকিব সুকীয়াকৈ তৃতীয় পক্ষৰ লোক। ২০ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া এই প্ৰতিযোগীতাত কোনো কাউন্সিলাৰ জড়িত হ'ব নোৱাৰিব । অহা ২৮/২৯ অক্টোবৰত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক:MLA Bhuban Pegu slams Congress : কংগ্ৰেছে জোনাইত বিজেপি চৰকাৰৰ উন্নয়ন নেদেখে: ভুৱন পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.