ETV Bharat / state

অসমত হ'ব হাইড্ৰ'জেন উৎপাদন প্ৰকল্প : সুশীল চন্দ্ৰ মিশ্ৰ

author img

By

Published : Mar 1, 2022, 10:32 AM IST

অইলৰ লাভৰ পৰিমাণ ১৫২ শতাংশলৈ বৃদ্ধি ৷ দেশৰ ভিতৰতে অসমত স্থাপন হ’ব হাইড্ৰ'জেন উৎপাদন প্ৰকল্প (Hydrogen production project to be held in Assam) ৷ এক সংবাদমেলযোগে এই কথা সদৰি কৰে অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ সুশীল চন্দ্ৰ মিশ্ৰই ৷

Hydrogen production project to be held in Assam
অসমত হ'ব হাইড্ৰ'জেন উৎপাদন প্ৰকল্প : সুশীল চন্দ্ৰ মিশ্ৰ

গুৱাহাটী, 1 মাৰ্চ : পোন প্ৰথমবাৰৰ বাবে দেশৰ ভিতৰতে হাইড্ৰ'জেন উৎপাদন প্ৰকল্প অসমত আৰম্ভ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে অইল ইণ্ডিয়াই । হাইড্ৰ'জেন প্ৰকল্প আৰম্ভ হ'লে অসমত বহু নিবনুৱাই সংস্থাপন লাভ কৰিব আৰু ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়ন হ’ব (Hydrogen production project to be held in Assam) । সোমবাৰে এক সংবাদমেল যোগে এই কথা সদৰি কৰে অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ সুশীল চন্দ্ৰ মিশ্ৰই ।

তাৰোপৰি তেওঁ অইল ইণ্ডিয়াৰ ইতিহাসত সৰ্বাধিক গভীৰ তৈলকুপ দিয়াত স্থাপন হোৱাৰ কথাও ব্যক্ত কৰে । তেলৰ দাম বৃদ্ধি আৰু অধিক উৎপাদনৰ বাবেই বিগত বৰ্ষতকৈ অধিক লাভাম্বিত হৈছে অইল ইণ্ডিয়া । ২০২১ চনৰ ৩১ ডিচেম্বৰ লৈ অইলৰ লাভৰ পৰিমাণ ১৫২ শতাংশলৈ বৃদ্ধি পাইছে । বিগত বৰ্ষৰ ৯ মাহৰ কৰ পশ্চাদ লাভ ৮৯৪.০৩ কোটি টকাৰ তুলনাত এই বৰ্ষৰ পৰিমাণ ২২৫৭.৩০ কোটি টকা ।

অসমত হ'ব হাইড্ৰ'জেন উৎপাদন প্ৰকল্প : সুশীল চন্দ্ৰ মিশ্ৰ

অইল ইণ্ডিয়া, গেইল ইণ্ডিয়া আৰু অসম গেছ কোম্পানীৰ যৌথ প্ৰচেষ্টাত গুৱাহাটীত পাইপযোগে গেছ বিতৰণ কৰাৰ কথাও সদৰি কৰি অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক গৰাকীয়ে কয় যে, পৰ্যায়ক্ৰমে গুৱাহাটীত ঘৰে ঘৰে গেছ বিতৰণৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিব অইলে । সেই অনুসৰি চলিত বছৰৰ জুন মাহত গুৱাহাটীত স্থাপন হ'ব CNG Station ৷

লগতে পঢ়ক : Russia Ukraine crisis: ইউক্ৰেইনৰ এটা বাংকাৰত আবদ্ধ হৈ আছে গোলাঘাটৰ এজন যুৱক

ইফালে পেট্ৰ’লত ইথানল মিহলি কৰা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত অইল ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰই কয় যে, ইথালন বাহনৰ ক্ষতি নকৰে । ব্ৰাজিলত পূৰ্বৰে পৰা চলি আছে ইথালনযুক্ত পেট্ৰ'লৰ বাহন । আনহাতে, শেহতীয়া ৰাছিয়া আৰু ইউক্ৰেনৰ যুদ্ধই ভাৰতৰ অইল চেক্টৰত কোনো প্ৰভাৱ নেপেলাই বুলি সাংবাদিকক সদৰি কৰি তেওঁ কয় যে, এয়া হৈছে এটা ৰাজনৈতিক বিষয় । ইয়াত আমাৰ ক’ব লগা নাই ।

সোমবাৰে মহানগৰীৰ নাৰেংগীস্থিত অইল ইণ্ডিয়া লিমিটেডৰ নাৰেংগী ক্লাৱত অনুষ্ঠিত হোৱা সংবাদমেলত অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ সুশীল চন্দ্ৰ মিশ্ৰই লগতে অইল ইণ্ডিয়াৰ আবাসী মুখ্য কাৰ্যবাহী বিষয়া প্ৰশান্ত বৰকাকতি অইল ইণ্ডিয়াৰ অভিযান শাখাৰ সঞ্চালক পংকজ কুমাৰ গোস্বামী, অইল ইণ্ডিয়াৰ বিত্ত বিভাগৰ সঞ্চালক হৰিশ মাধৱ উপস্থিত থাকে ।

লগতে পঢ়ক : অসমত জল জীৱন মিছনৰ কাম-কাজৰ শলাগ কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.