ETV Bharat / state

অক্টোবৰৰ পৰা আৰম্ভ হ'ব খিলঞ্জীয়া মুছলমানৰ জৰীপ; প্ৰস্তুত হ'ব বিশেষ আঁচনি

author img

By

Published : Jul 7, 2022, 5:27 PM IST

Updated : Jul 7, 2022, 6:13 PM IST

ৰাজ্য চৰকাৰে গঠন কৰা ৭টা উপগোট/সমিতিৰ পৰামৰ্শ অনুসৰি ৫টা অসমীয়া মুছলিম উপগোট গৰিয়া, মৰিয়া, জলহা, দেশী আৰু চৈয়দক খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে চিহ্নিত কৰাত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে । ৰাজ্যৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলক এই স্বীকৃতি প্ৰদানৰ লগে লগে বিভিন্ন মহলত চলিছে ব্যাপক চৰ্চা ৷

who-are-not-indigenous-in-assam-reactions-after-cabinet-decission
অক্টোবৰৰ পৰা আৰম্ভ হ'ব খিলঞ্জীয়া মুছলমানৰ জৰীপ: প্ৰস্তুত হ'ব বিশেষ আঁচনি

গুৱাহাটী ৭ জুলাই: ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে এক সিদ্ধান্তযোগে ৰাজ্যৰ মুছলমান সম্প্ৰদায়ৰ পাঁচটা জনগোষ্ঠীক খিলঞ্জীয়া জনগোষ্ঠী বুলি ঘোষণা কৰাৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনহাতে, লক্ষণীয় সংখ্যক মুছলমানৰ বাবে কেনেধৰণৰ সা-সুবিধা আৰু সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থা কৰা হ'ব তাকে লৈ চলিছে ব্যাপক চৰ্চা । অসম চৰকাৰে ৰাজ্যৰ পাচঁটা ইছলাম ধৰ্মী জনগোষ্ঠীক খিলঞ্জীয়া অসমীয়াৰ স্বীকৃতি দিয়াৰ ৰাজনৈতিক সিদ্ধান্তই ৰাজ্যৰ সমাজ জীৱনতো মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Political decision to recognize five Muslim ethnic groups as indigenous Assamese) ।

এই সিদ্ধান্তক যথেষ্ঠ সংখ্যক দল সংগঠনে সমৰ্থন জনোৱাৰ লগতে কিছু সংখ্যক সংগঠন আৰু ব্যক্তি বিশেষে ইয়াক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি অভিহিত কৰে । কেৱল সেয়াই নহয়, প্ৰসিদ্ধ সাহিত্যিক চৈয়দ আব্দুল মালিকক খিলঞ্জীয়া বুলিবলৈ কেবিনেটত সিদ্ধান্ত লাগিব নেকি বুলি কিছু সংখ্যক সচেতন নাগৰিকে প্ৰশ্ন উত্থাপন কৰিছে । কিন্তু তাৰ মাজতে চৰকাৰৰ এই সিদ্ধান্তই গৰিয়া, মৰিয়া, জলহা, দেশী আৰু চৈয়দসকলক কিদৰে উপকৃত কৰিব তাকে লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে ।

উল্লেখযোগ্য যে, ২০১৬ চনত ৰাজ্যৰ ৰাজনীতিত বিজেপিৰ নেতৃত্ব আৰু সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰীত্বত চৰকাৰ গঠন কৰাৰ পিছতে খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল (Several steps for development of indigenous Muslims) । ২০১৯-২০ চন আৰু ২০২০-২১ চনৰ বিত্তীয় বাজেটত উল্লেখিত মুছলমান জনগোষ্ঠীক খিলঞ্জীয়া অসমীয়া বুলি ঘোষণা কৰি তেওঁলোকৰ আৰ্থ সামাজিক বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'ব । এই ক্ষেত্ৰত এক জৰীপ হোৱাৰো কথা আছিল । কিন্তু বিজেপিৰ প্ৰথমখন চৰকাৰৰ সময়ত এই কাম সম্ভৱ হৈ নুঠিল ।

আনহাতে, ২০১৫ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গৰিয়া উন্নয়ন পৰিষদৰ কথা ঘোষণা কৰিছিল যদিও সেই ঘোষণাক কোনো ব্যৱহাৰিক মান্যতা দিয়া নাছিল । তদুপৰি, সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়ত খিলঞ্জীয়া মুছলমান উন্নয়ন পৰিষদ গঠন কৰাৰ কথা ঘোষণা কৰা হৈছিল যদিও সেই ঘোষণা বাস্তৱত ৰূপায়ন হোৱা নাছিল ।‌

ইফালে, অসম চৰকাৰৰ এক বিশেষ সূত্ৰই জনোৱা মতে, খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে আনুষ্ঠানিকভাৱে কোনো আঁচনি ৰূপায়ন কৰিব নোৱাৰাৰ ভুল প্ৰতিবন্ধকতা হৈছে তথ্যৰ অভাৱ । দৰাচলতে ৰাজ্যৰ কোন প্ৰান্তৰত কিমান সংখ্যক লোক উল্লিখিত জনগোষ্ঠীৰ সেই সন্দৰ্ভত অসম চৰকাৰৰ হাতত আজিকোপতি কোনো তথ্য আহি পৰা নাই ।

জানিব পৰা মতে, এনে এক জৰীপৰ প্ৰাসংগিকতা ২০১৯ চনতে অনুভৱ কৰি পৰিকল্পনা কৰা হৈছিল যদিও বিভিন্ন কাৰণত এই কাম সম্ভৱ হৈ উঠা নাছিল । কিন্তু সূত্ৰ অনুসৰি আগন্তুক অক্টোবৰ মাহৰ পৰা ৰাজ্য চৰকাৰে এই বহু প্ৰতিক্ষীত জৰীপ কাৰ্য আৰম্ভ কৰিব (Survey of indigenous Muslims to start from October in Assam) ।‌

এই জৰীপৰ তথ্যৰ আধাৰতে প্ৰস্তুত কৰা হ'ব এই জনগোষ্ঠীৰ লোকসকলক স্পৰ্শ কৰিব পৰা কেইবাখনো আঁচনি (Special scheme to be prepared) । তাৎপৰ্যপূৰ্ণ ভাবে আগন্তুক লোকসভাৰ নিৰ্বাচনৰ পূৰ্বেই ৰূপায়িত হ'ব লগা এনে আঁচনিয়ে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক ৰাজনৈতিকভাবে লাভান্বিত কৰিব । আশা কৰা হৈছে যে, অসম চৰকাৰৰ পৰৱৰ্তী ৰাজ্যিক বাজেটত এই আচঁনি সন্দৰ্ভত বিতংভাৱে সন্নিৱিষ্ট কৰা‌ হ'ব ।

কিন্তু, মুছলমান ধৰ্মীয় উল্লিখিত পাঁচটা জনগোষ্ঠীৰ জৰীপৰ বিষয়টোক লৈ ইতিমধ্যে কিছু বিতৰ্কৰো সৃষ্টি হৈছে । কাৰণ প্ৰৱজনৰ এক দীঘলীয়া ইতিহাস জড়িত হৈ থকা অসমৰ বিভিন্ন প্ৰান্তত মুছলমানৰ উপৰিও আন কিছু জনগোষ্ঠীয় লোকে বসবাস কৰি আহিছে । এই ক্ষেত্ৰত ১৮২৬, ১৯৪৭ আৰু ১৯৭১ চনৰ ২৫ মাৰ্চত একোটা উল্লেখনীয় দিন বুলি অভিহিত হৈ আহিছে । অসম চুক্তিৰ চৰ্ত ইও এই বিতৰ্কৰ অংশ হৈ পৰিছে । সেয়ে, খিলঞ্জীয়া মুছলমানৰ জৰীপৰ বাবে প্ৰস্তুত কৰিবলগীয়া প্ৰ-প্ৰত্ৰ কেনেকুৱা হ'ব সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক : বিজেপি চৰকাৰ বাকী আৰু ফাঁকিৰ চৰকাৰ: জাতীয় যুৱ বাহিনী

Last Updated : Jul 7, 2022, 6:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.