ETV Bharat / state

চীনা আৰু ৰুচ ভাষালৈ অনুবাদিত চৈয়দ আব্দুল মালিকৰ "সূৰুজমুখীৰ স্বপ্ন"

author img

By

Published : Dec 1, 2020, 9:48 PM IST

Updated : Jun 28, 2022, 11:47 AM IST

১৯৬০ চনত প্ৰকাশিত একেধাৰে গল্পকাৰ, ঔপন্যাসিক তথা নাট্যকাৰ চৈয়দ আব্দুল মালিকৰ অনুপম সৃষ্টি "সূৰুজমুখীৰ স্বপ্ন" অনুবাদ কৰা হৈছে চীনা আৰু ৰুচ ভাষালৈ । বিশিষ্ট সাহিত্যিক গৰাকীৰ এই উপন্যাসখনৰ লগতে আন ভাষাৰ মুঠ ১০ খন পুথি এই দুটা ভাষালৈ অনুবাদ কৰা হৈছে । সোমবাৰে চাংহাই সহযােগিতা সংগঠনৰ বৈঠকত ভাৰতৰ উপ-ৰাষ্ট্রপতি ভেংকায়া নাইডুৱে ভাৰতীয় ভাষাৰ দহখন মহান পুথি ৰুছ আৰু চীনা ভাষালৈ অনুবাদ কৰা কাম সম্পূর্ণ হােৱাৰ কথা ঘােষণা কৰে ।

চীনা আৰু ৰুচ ভাষালৈ অনুবাদিত
চীনা আৰু ৰুচ ভাষালৈ অনুবাদিত চৈয়দ আব্দুল মালিকৰ "সূৰুজমুখী স্বপ্ন"

গুৱাহাটী, ১ ডিচেম্বৰঃ এতিয়াৰে পৰা চীনা আৰু ৰুচ ভাষাতো জিলিকি উঠিব গুলচ, চেনিমাই, ডালিম, কপাহী, চন্দ্ৰ, তৰা, ভীম আদি চৰিত্ৰ। জিলিকি উঠিব ধণশিৰিৰ পাৰৰ সমাজ জীৱনৰ বৰ্ণিল পৰিৱেশ । ১৯৬০ চনত প্ৰকাশিত একেধাৰে গল্পকাৰ, ঔপন্যাসিক তথা নাট্যকাৰ চৈয়দ আব্দুল মালিকৰ অনুপম সৃষ্টি "সূৰুজমুখীৰ স্বপ্ন" অনুবাদ কৰা হৈছে চীনা আৰু ৰুচ ভাষালৈ । বিশিষ্ট সাহিত্যিকগৰাকীৰ এই উপন্যাসখনৰ লগতে আন ভাষাৰ মুঠ ১০ খন পুথি এই দুটা ভাষালৈ অনুবাদ কৰা হৈছে । সোমবাৰে চাংহাই সহযােগিতা সংগঠনৰ বৈঠকত ভাৰতৰ উপ-ৰাষ্ট্রপতি ভেংকায়া নাইডুৱে ভাৰতীয় ভাষাৰ দহখন মহান পুথি ৰুছ আৰু চীনা ভাষালৈ অনুবাদ কৰা কাম সম্পূর্ণ হােৱাৰ কথা ঘােষণা কৰে । স্বাভাৱিকতে ভাৰতীয় ভাষাৰ পুথি এনেদৰে আন বিদেশী ভাষালৈ অনুবাদ কৰাৰ ফলত ভাৰতৰ চহকী কৃষ্টি-সংস্কৃতি তথা পৰম্পৰাৰ প্রতি আন দেশৰ লােকে আকর্ষণ অনুভৱ কৰিব ।

২০১৯ চনৰ জুনত অনুষ্ঠিত চাংহাই সহযােগিতা সংগঠনৰ শীর্ষ সন্মিলন প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ভাৰতীয় ভাষাৰ ১০ খন পুথি চীনা আৰু ৰুছ ভাষালৈ অনুবাদ কৰা হ'ব বুলি ঘােষণা কৰিছিল । প্রধানমন্ত্রীৰ এই ঘােষণা অনুসৰি সাহিত্য অকাডেমীয়ে ১০ টা ভাৰতীয় ভাষাৰ ১০ খন কালজয়ী পুথি বাছনি কৰি ইয়াক চীনা আৰু ৰুছ ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰে । এই দুটা বিদেশী ভাষালৈ অনুবাদ কৰাৰ লগতে সাহিত্য অকাডেমীয়ে উক্ত ১০ খন পুথিৰ ইংৰাজী সংস্কৰণৰাে পুনৰ প্ৰকাশ কৰে । চীনা আৰু ৰুছ ভাষালৈ অনুবাদ কৰা এই গ্রন্থসমূহৰ ভিতৰত অসমীয়া পুথি "সূৰ্যমুখীৰ স্বপ্ন"ৰ উপৰিও আন পুথিসমূহ হৈছে ক্রমে বাংলা ভাষাৰ আৰােগ্য নিকেতন, গুজৰাটী ভাষাৰ ৱেবিশাল, হিন্দী ভাষাৰ কৰ্ব্বে ঔৰ কালাপানী, কান্নাড়া ভাষাৰ পর্ব, ওড়িয়া ভাষাৰ মনােজ দাসংক কথা ও কাহিনী, পাঞ্জাবী ভাষাৰ মাড়ী দা দীৱা, তামিল ভাষাৰ শীলা নেৰাংগালিল শীলা মনিঠাৰগাল, তেলুগু ভাষাৰ ইল্ল’ আৰু উর্দু ভাষাৰ এক চাদৰ মল্লি চি।

উল্লেখযোগ্য যে, অসমীয়া সাহিত্য জগতত এগৰাকী গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি হিচাপে পৰিচিত চৈয়দ আব্দুল মালিকে ২৫ খনৰো অধিক গল্প সংকলন, ৫০ খনতকৈ অধিক উপন্যাস, পাঁচখন কবিতা সংকলন, তিনিখন শিশু সাহিত্য আৰু ২০খন মঞ্চ অনাতাঁৰ নাট আৰু অলেখ প্ৰবন্ধ ৰচনা কৰিছিল। তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি পদো অলংকৃত কৰিছিল । ১৯৭২ চনত "অঘৰী আত্মাৰ কাহিনী" উপন্যাসৰ বাবে তেওঁক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা উপৰি ১৯৯২ চনত অসম উপত্যকা বঁটা, ১৯৯৯ চনত শংকৰদেৱ বঁটা আৰু পদ্মশ্ৰী, পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল ।


লগতে পঢ়কঃ এসময়ত দেশী বিদেশী পৰ্যটকৰে ভৰি থকা চাপানালা আজি জনশূণ্য

Last Updated : Jun 28, 2022, 11:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.